Check out the new design

แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) * - สารบัญ​คำแปล


แปลความหมาย​ สูเราะฮ์: Al-Baqarah   อายะฮ์:
وَاِنْ كُنْتُمْ عَلٰی سَفَرٍ وَّلَمْ تَجِدُوْا كَاتِبًا فَرِهٰنٌ مَّقْبُوْضَةٌ ؕ— فَاِنْ اَمِنَ بَعْضُكُمْ بَعْضًا فَلْیُؤَدِّ الَّذِی اؤْتُمِنَ اَمَانَتَهٗ وَلْیَتَّقِ اللّٰهَ رَبَّهٗ ؕ— وَلَا تَكْتُمُوا الشَّهَادَةَ ؕ— وَمَنْ یَّكْتُمْهَا فَاِنَّهٗۤ اٰثِمٌ قَلْبُهٗ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ عَلِیْمٌ ۟۠
যদি তোমালোক ভ্ৰমণত থকা আৰু ঋণৰ নথি লিখিবলৈ কোনো নাথাকে তেন্তে ঋণগ্ৰহীতাই ঋণদাতাৰ ওচৰত কোনো বস্তু বন্ধকত ৰাখিলেই যথেষ্ট হব। এই বস্তুটো জামানত হিচাপে তাৰ ওচৰত থাকিব, যেতিয়ালৈকে সি ঋণ পৰিশোধ নকৰিব। যদি পৰস্পৰৰ ওপৰত ভৰসা থাকে তেন্তে লিখাটো বাধ্যতামূলক নহয়, এনে পৰিস্থিত সাক্ষীৰো প্ৰয়োজন নাই আৰু বন্ধকত থোৱাৰো দৰকাৰ নাই। এনে কৰিলে ঋণগ্ৰহীতা ওপৰত ঋণ এটা আমানত স্বৰূপে থাকিব, যিটো আদায় কৰা জৰুৰী হব। লগতে সি এই আমানত সম্পৰ্কে আল্লাহক ভয় কৰা উচিত আৰু এই সম্পৰ্কীয় কোনো কথা অস্বীকাৰ কৰা অনুচিত। যদি সি অস্বীকাৰ কৰে তেন্তে সাক্ষীয়ে ন্যায় সাক্ষ্য দিয়া উচিত। সাক্ষ্য গোপন কৰা বৈধ নহয়। যদি কোনোবাই সাক্ষ্য গোপন কৰে তেন্তে তাৰ অন্তৰ পাপিষ্ঠ। জানি থোৱা! তোমালোকে যি কৰা আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَاِنْ تُبْدُوْا مَا فِیْۤ اَنْفُسِكُمْ اَوْ تُخْفُوْهُ یُحَاسِبْكُمْ بِهِ اللّٰهُ ؕ— فَیَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সেই সকলোৰে সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী একমাত্ৰ আল্লাহ তাআলাহ। তোমালোকে অন্তৰৰ কথা ব্যক্ত কৰা অথবা নকৰা সেয়া আল্লাহে জানে আৰু সেই বিষয়ে আল্লাহে তোমালোকৰ পৰা হিচাপ গ্ৰহণ কৰিব। তাৰ পিছত আল্লাহে যাক ইচ্ছা কৰিব নিজ দয়া আৰু কৃপাত ক্ষমা কৰি দিব আৰু যাক ইচ্ছা কৰিব ন্যায় আৰু হিকমতেৰে শাস্তি প্ৰদান কৰিব। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
اٰمَنَ الرَّسُوْلُ بِمَاۤ اُنْزِلَ اِلَیْهِ مِنْ رَّبِّهٖ وَالْمُؤْمِنُوْنَ ؕ— كُلٌّ اٰمَنَ بِاللّٰهِ وَمَلٰٓىِٕكَتِهٖ وَكُتُبِهٖ وَرُسُلِهٖ ۫— لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْ رُّسُلِهٖ ۫— وَقَالُوْا سَمِعْنَا وَاَطَعْنَا غُفْرَانَكَ رَبَّنَا وَاِلَیْكَ الْمَصِیْرُ ۟
ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক সেই বস্তু ওপৰত ঈমান আনিছে যিটো তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু সেইদৰে মুমিনসকলেও ঈমান আনিছে। সকলোৱে আল্লাহৰ প্ৰতি, তেওঁৰ সকলো ফিৰিস্তাৰ প্ৰতি, লগতে সেই সকলো পুথিৰ ওপৰত যিবোৰ নবীসকলৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল লগতে তেওঁৰ সকলো ৰাছুলৰ প্ৰতি ঈমান আনিছে। তেওঁলোকৰ ভাষ্য হৈছেঃ আমি আল্লাহৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰো। তথা তেওঁলোকে কয়, হে আমাৰ প্ৰতিপালক! তুমি যি আদেশ কৰিছা আৰু যিবোৰৰ পৰা নিষেধ কৰিছা, আমি সেয়া শুনিছো, আৰু তোমাৰ আদেশ মতে আমি আমল কৰিছো আৰু তোমাৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰ হৈছো। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত প্ৰাৰ্থনা কৰো তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। আমি প্ৰতিটো বিষয়তে তোমাৰ পিনে প্ৰত্যাৱৰ্তন কৰিব লাগিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
لَا یُكَلِّفُ اللّٰهُ نَفْسًا اِلَّا وُسْعَهَا ؕ— لَهَا مَا كَسَبَتْ وَعَلَیْهَا مَا اكْتَسَبَتْ ؕ— رَبَّنَا لَا تُؤَاخِذْنَاۤ اِنْ نَّسِیْنَاۤ اَوْ اَخْطَاْنَا ۚ— رَبَّنَا وَلَا تَحْمِلْ عَلَیْنَاۤ اِصْرًا كَمَا حَمَلْتَهٗ عَلَی الَّذِیْنَ مِنْ قَبْلِنَا ۚ— رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهٖ ۚ— وَاعْفُ عَنَّا ۥ— وَاغْفِرْ لَنَا ۥ— وَارْحَمْنَا ۥ— اَنْتَ مَوْلٰىنَا فَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟۠
আল্লাহে কোনো প্ৰাণীৰ ওপৰত এনেকুৱা কৰ্মৰ বোজা অৰ্পন নকৰে যিটো তাৰ সহনশক্তিতকৈ অধিক। কাৰণ আল্লাহৰ দ্বীন সৰলতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু ইয়াত কোনো কঠোৰতা নাই। এতেকে যিয়ে ভাল কাম কৰিব সি ভাল ফলাফল লাভ কৰিব আৰু তাৰ পৰা অলপো হ্ৰাস কৰা নহব। আনহাতে যিয়ে বেয়া কৰ্ম কৰিব, সি তাৰ গুনাহৰ শাস্তি ভোগ কৰিব, আন কোনেও তাৰ এই বোজা বহন নকৰিব। ৰাছুল আৰু মুমিনসকলে কয়, হে আমাৰ প্ৰতিপালক! যদি আমি পাহৰি যাওঁ, অথবা আমাৰ কথা বা কৰ্মৰ জৰিয়তে যদি অজানিতে কোনো ভুল হয় তেন্তে আমাক শাস্তি নিবিহিবা। লগতে আমাৰ ওপৰত এনেকুৱা বোজা নিদিবা যিটো বহন কৰাৰ ক্ষমতা আমাৰ নাই। যেনেকুৱা বোজা তুমি আমাৰ পূৰ্বে ইয়াহুদীসকলক সিহঁতৰ অত্যাচাৰৰ কাৰণে শাস্তিস্বৰূপে অৰ্পন কৰিছিলা। আৰু আমাৰ ওপৰত এনেকুৱা কোনো আদেশ-নিষেধৰ বোজা নিদিবা যিটো আমাৰ বাবে কঠিন আৰু আমাৰ সাধ্যাতীত। আমাৰ গুনাহসমূহক আওকাণ কৰা, আমাক ক্ষমা কৰা, আমাৰ প্ৰতি দয়া কৰা। তুমিয়ে আমাৰ সংৰক্ষক আৰু সহায়ক। এতেকে কাফিৰৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• جواز أخذ الرهن لضمان الحقوق في حال عدم القدرة على توثيق الحق، إلا إذا وَثِقَ المتعاملون بعضهم ببعض.
বুজা গল যে, অধিকাৰৰ নথিপত্ৰ প্ৰস্তুত কৰিবলৈ সুবিধা নাথাকিলে অধিকাৰৰ প্ৰমাণস্বৰূপে কোনো বস্তু বন্ধকত থোৱা বৈধ। কিন্তু যদি লেনদেনকাৰীয়ে পৰস্পৰক ভৰসা কৰিব পাৰে তেন্তে বন্ধকৰ কোনো প্ৰয়োজন নাই।

• حرمة كتمان الشهادة وإثم من يكتمها ولا يؤديها.
আৰু বুজা গল, সাক্ষ্য গোপন কৰা পাপ তথা যিয়ে সাক্ষ্য গোপন কৰিব সি গুনাহগাৰ হ'ব।

• كمال علم الله تعالى واطلاعه على خلقه، وقدرته التامة على حسابهم على ما اكتسبوا من أعمال.
লগতে বুজা গল, আল্লাহ তাআলাহ তেওঁৰ সৃষ্টি সম্পৰ্কে সম্যক অৱগত আৰু সিহঁতৰ কৰ্মৰ হিচাপ গ্ৰহণত সম্পূৰ্ণ ক্ষমতাশীল।

• تقرير أركان الإيمان وبيان أصوله.
ঈমানৰ আৰকান আৰু ইয়াৰ মৌলিক বিষয়বোৰৰ বৰ্ণনা

• قام هذا الدين على اليسر ورفع الحرج والمشقة عن العباد، فلا يكلفهم الله إلا ما يطيقون، ولا يحاسبهم على ما لا يستطيعون.
এই দ্বীন সৰলতা আৰু বান্দাৰ পৰা কঠোৰতা দূৰ কৰাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে আল্লাহে সিহঁতৰ ওপৰত এনেকুৱা কোনো বোজা অৰ্পন নকৰে যিটো সিহঁতৰ ক্ষমতাৰ বাহিৰত। এইদৰে বান্দাৰ সেইসমূহ বিষয়ৰো কোনো হিচাপ লোৱা নহ'ব যিটো সিহঁতৰ সাধ্যাতীত।

 
แปลความหมาย​ สูเราะฮ์: Al-Baqarah
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) - สารบัญ​คำแปล

โดย ศูนย์ตัฟซีรเพื่อการศึกษาอัลกุรอาน

ปิด