Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (20) அத்தியாயம்: முஹம்மத்
وَیَقُوْلُ الَّذِیْنَ اٰمَنُوْا لَوْلَا نُزِّلَتْ سُوْرَةٌ ۚ— فَاِذَاۤ اُنْزِلَتْ سُوْرَةٌ مُّحْكَمَةٌ وَّذُكِرَ فِیْهَا الْقِتَالُ ۙ— رَاَیْتَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ یَّنْظُرُوْنَ اِلَیْكَ نَظَرَ الْمَغْشِیِّ عَلَیْهِ مِنَ الْمَوْتِ ؕ— فَاَوْلٰى لَهُمْ ۟ۚ
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলে ৰাছুলৰ প্ৰতি যুদ্ধৰ বিধান সংক্ৰান্তীয় ছুৰা অৱতীৰ্ণ হোৱাৰ আশা পোষণ কৰি কয়ঃ আল্লাহে এনেকুৱা কোনো ছুৰা কিয় অৱতীৰ্ণ নকৰে, যাৰ মাজত যুদ্ধৰ বৰ্ণনা আছে? এতেকে আল্লাহে যেতিয়া যুদ্ধৰ বিধি-বিধান সংক্ৰান্তীয় কোনো ছুৰা অৱতীৰ্ণ কৰে, তেতিয়া হে নবী! আপুনি সেইসকল মুনাফিকক দেখিবলৈ পাব যিসকলৰ অন্তৰত সংশয়ৰ ব্যাধি আছে সিহঁতে আপোনাৰ ফালে সেই ব্যক্তিৰ দৰে চাই থাকে যিদৰে প্ৰচণ্ড ভয়ত বেহুচ হোৱা ব্যক্তিয়ে চায়। আল্লাহে সেইসকল লোকক সতৰ্কবাণী প্ৰদান কৰিছে যে, সিহঁতৰ শাস্তি অতি সন্নিকট, কাৰণ সিহঁতে যুদ্ধৰ পৰা আঁতৰি আছিল আৰু যুদ্ধক ভয় কৰিছিল।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• التكليف بالجهاد في سبيل الله يميّز المنافقين من صفّ المؤمنين.
আল্লাহৰ পথত কৰা যুদ্ধই মুনাফিকসকলৰ শাৰীৰ পৰা মুমিনসকলক পৃথক কৰাত সহায় কৰে।

• أهمية تدبر كتاب الله، وخطر الإعراض عنه.
আল্লাহৰ কিতাব চৰ্চা কৰাৰ গুৰুত্ব, তথা ইয়াৰ পৰা বিমুখ হোৱাৰ ভয়াৱহতা।

• الإفساد في الأرض وقطع الأرحام من أسباب قلة التوفيق والبعد عن رحمة الله.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা, লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰা আদি হৈছে আল্লাহৰ তাওফীক আৰু তেওঁৰ ৰহমতৰ পৰা বঞ্চিত হোৱাৰ অন্যতম কাৰণ।

 
மொழிபெயர்ப்பு வசனம்: (20) அத்தியாயம்: முஹம்மத்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக