Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (78) அத்தியாயம்: ஆஃபிர்
وَلَقَدْ اَرْسَلْنَا رُسُلًا مِّنْ قَبْلِكَ مِنْهُمْ مَّنْ قَصَصْنَا عَلَیْكَ وَمِنْهُمْ مَّنْ لَّمْ نَقْصُصْ عَلَیْكَ ؕ— وَمَا كَانَ لِرَسُوْلٍ اَنْ یَّاْتِیَ بِاٰیَةٍ اِلَّا بِاِذْنِ اللّٰهِ ۚ— فَاِذَا جَآءَ اَمْرُ اللّٰهِ قُضِیَ بِالْحَقِّ وَخَسِرَ هُنَالِكَ الْمُبْطِلُوْنَ ۟۠
হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি বহুতো ৰাছুলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁলোককো সিহঁতে অস্বীকাৰ কৰিছিল আৰু নিৰ্যাতন কৰিছিল। কিন্তু তেওঁলোকে সিহঁতৰ অস্বীকাৰ কাৰ্যত আৰু অত্যাচাৰত ধৈৰ্য্য ধাৰণ কৰিছিল। তেওঁলোকৰ মাজৰ কিছুমান নবীৰ বিষয়ে আমি আপোনাৰ সন্মুখত বৰ্ণনা কৰিছোঁ আৰু কিছুমানৰ বিষয়ে কৰা নাই। আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো ৰাছুলৰেই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ মুজিঝা বা অলৌকিকতা আনিব পৰা ক্ষমতা নাছিল। গতিকে কাফিৰসকলে তেওঁলোকৰ পৰা মুজিঝা বা অলৌকিকতা দাবী কৰাটো হৈছে এক প্ৰকাৰ অন্যায়। এতেকে আল্লাহৰ ফালৰ পৰা যেতিয়া জয় লাভৰ আদেশ আহি পৰিব অথবা ৰাছুলসকল আৰু তেওঁলোকৰ উম্মতবোৰৰ মাজত যেতিয়া ফয়চালা কৰাৰ সময় আহি পৰিব, তেতিয়া আল্লাহে ন্যায় সহকাৰে তেওঁলোকৰ মাজত ফয়চালা কৰিব। তেতিয়া কাফিৰসকলৰ বিনাশ হ’ব আৰু ৰাছুলসকলে জয়লাভ কৰিব। বান্দাসকলৰ মাজত ফয়চালা কৰাৰ এই সময়ছোৱাত বাতিল পন্থীসকলে নিজৰ কুফৰী কৰ্মৰ কাৰণে ধ্বংসত পতিত হ’ব।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• لله رسل غير الذين ذكرهم الله في القرآن الكريم نؤمن بهم إجمالًا.
পৱিত্ৰ কোৰআনত যিবোৰ নবী-ৰাছুলৰ নাম উল্লেখ হৈছে, তেওঁলোকৰ বাহিৰেও আল্লাহৰ ফালৰ পৰা বহুতো ৰাছুল প্ৰেৰিত হৈছিল, তেওঁলোকৰ প্ৰতিও আমি সামুহিকভাৱে ঈমান পোষণ কৰোঁ।

• من نعم الله تبيينه الآيات الدالة على توحيده.
তাওহীদৰ প্ৰমাণবহন কৰা আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰাটোও এক প্ৰকাৰ আল্লাহৰ ফালৰ পৰা নিয়ামত।

• خطر الفرح بالباطل وسوء عاقبته على صاحبه.
বাতিলকলৈ আনন্দিত হোৱাৰ ক্ষতি আৰু ইয়াৰ বেয়া পৰিণাম।

• بطلان الإيمان عند معاينة العذاب المهلك.
বিনাশকাৰী শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ঈমান পোষণ কৰিলে, সেই ঈমানৰ কোনো মূল্য নাই।

 
மொழிபெயர்ப்பு வசனம்: (78) அத்தியாயம்: ஆஃபிர்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக