Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ඇසෑමි පරිවර්තනය - රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන් * - පරිවර්තන පටුන

PDF XML CSV Excel API
Please review the Terms and Policies

අර්ථ කථනය පරිච්ඡේදය: අල් අඃරාෆ්   වාක්‍යය:

আল-আ'ৰাফ

الٓمّٓصٓ ۟ۚ
আলিফ-লাম-মীম-চাদ। [1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
كِتٰبٌ اُنْزِلَ اِلَیْكَ فَلَا یَكُنْ فِیْ صَدْرِكَ حَرَجٌ مِّنْهُ لِتُنْذِرَ بِهٖ وَذِكْرٰی لِلْمُؤْمِنِیْنَ ۟
এইখন কিতাব তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, যাতে এই সম্পৰ্কে তোমাৰ মনত কোনো সংকীৰ্ণতা নাথাকে, লগতে যাতে তুমি ইয়াৰ দ্বাৰা (মানুহক) সতৰ্ক কৰিব পাৰা। মুমিনসকলৰ বাবে এইখন হৈছে উপদেশ।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اِتَّبِعُوْا مَاۤ اُنْزِلَ اِلَیْكُمْ مِّنْ رَّبِّكُمْ وَلَا تَتَّبِعُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟
তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَكَمْ مِّنْ قَرْیَةٍ اَهْلَكْنٰهَا فَجَآءَهَا بَاْسُنَا بَیَاتًا اَوْ هُمْ قَآىِٕلُوْنَ ۟
আৰু এনেকুৱা বহুতো জনবসতি আমি ধ্বংস কৰিছোঁ। সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল কেতিয়াবা ৰাতিত অথবা দিনদুপুৰতে, যেতিয়া সিহঁত বিশ্ৰামৰত অৱস্থাত আছিল।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَمَا كَانَ دَعْوٰىهُمْ اِذْ جَآءَهُمْ بَاْسُنَاۤ اِلَّاۤ اَنْ قَالُوْۤا اِنَّا كُنَّا ظٰلِمِیْنَ ۟
এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল, তেতিয়া সিহঁতৰ কথা কেৱল এইটোৱে আছিল যে, সিহঁতে কৈছিল, ‘নিশ্চয় আমি যালিম আছিলোঁ’।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَلَنَسْـَٔلَنَّ الَّذِیْنَ اُرْسِلَ اِلَیْهِمْ وَلَنَسْـَٔلَنَّ الْمُرْسَلِیْنَ ۟ۙ
এতেকে যিসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল নিশ্চয় আমি সিহঁতক সোধ-পোচ কৰিম আৰু ৰাছুল সকলোকো প্ৰশ্ন কৰিম।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَلَنَقُصَّنَّ عَلَیْهِمْ بِعِلْمٍ وَّمَا كُنَّا غَآىِٕبِیْنَ ۟
তাৰ পিছত নিশ্চয় আমি সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কৰ্মসমূহ বিবৃত কৰিম, (জানি থোৱা) আমি অনুপস্থিত নাছিলোঁ।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالْوَزْنُ یَوْمَىِٕذِ ١لْحَقُّ ۚ— فَمَنْ ثَقُلَتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
আৰু সেই দিনা পৰিমাপ হ’ব যথাযথভাৱে। এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই সফলতা অৰ্জন কৰিব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَمَنْ خَفَّتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ بِمَا كَانُوْا بِاٰیٰتِنَا یَظْلِمُوْنَ ۟
আনহাতে যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে, যিহেতু সিহঁতে আমাৰ আয়াতসমূহৰ প্ৰতি অন্যায় কৰিছিল।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَلَقَدْ مَكَّنّٰكُمْ فِی الْاَرْضِ وَجَعَلْنَا لَكُمْ فِیْهَا مَعَایِشَ ؕ— قَلِیْلًا مَّا تَشْكُرُوْنَ ۟۠
নিশ্চয় আমিয়েই তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছোঁ আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰি দিছোঁ; (তথাপিও) তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَلَقَدْ خَلَقْنٰكُمْ ثُمَّ صَوَّرْنٰكُمْ ثُمَّ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ ۖۗ— فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ— لَمْ یَكُنْ مِّنَ السّٰجِدِیْنَ ۟
নিশ্চয় আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ, তাৰ পিছত আমিয়েই তোমালোকক আকৃতি প্ৰদান কৰিছোঁ, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
 
අර්ථ කථනය පරිච්ඡේදය: අල් අඃරාෆ්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ඇසෑමි පරිවර්තනය - රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන් - පරිවර්තන පටුන

රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන් විසින් පරිවර්තනය කරන ලදී.

වසන්න