Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ඇසෑමි පරිවර්තනය - රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන් * - පරිවර්තන පටුන

PDF XML CSV Excel API
Please review the Terms and Policies

අර්ථ කථනය පරිච්ඡේදය: අන් නූර්   වාක්‍යය:

আন-নূৰ

سُوْرَةٌ اَنْزَلْنٰهَا وَفَرَضْنٰهَا وَاَنْزَلْنَا فِیْهَاۤ اٰیٰتٍۢ بَیِّنٰتٍ لَّعَلَّكُمْ تَذَكَّرُوْنَ ۟
এইটো এটা ছুৰা, এইটোক আমি অৱতীৰ্ণ কৰিছোঁ আৰু ইয়াত দিছোঁ কিছুমান অৱশ্য পালনীয় বিধান, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছোঁ সুস্পষ্ট আয়াতসমূহ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اَلزَّانِیَةُ وَالزَّانِیْ فَاجْلِدُوْا كُلَّ وَاحِدٍ مِّنْهُمَا مِائَةَ جَلْدَةٍ ۪— وَّلَا تَاْخُذْكُمْ بِهِمَا رَاْفَةٌ فِیْ دِیْنِ اللّٰهِ اِنْ كُنْتُمْ تُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ۚ— وَلْیَشْهَدْ عَذَابَهُمَا طَآىِٕفَةٌ مِّنَ الْمُؤْمِنِیْنَ ۟
ব্যভিচাৰিণী আৰু ব্যভিচাৰী--- সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰীকৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদিহে তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; লগতে মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اَلزَّانِیْ لَا یَنْكِحُ اِلَّا زَانِیَةً اَوْ مُشْرِكَةً ؗ— وَّالزَّانِیَةُ لَا یَنْكِحُهَاۤ اِلَّا زَانٍ اَوْ مُشْرِكٌ ۚ— وَحُرِّمَ ذٰلِكَ عَلَی الْمُؤْمِنِیْنَ ۟
ব্যভিচাৰীয়ে কেৱল ব্যভিচাৰিণী অথবা মুশ্বৰিক নাৰীকহে বিবাহ কৰায়; আনহাতে ব্যভিচাৰিণীক, তাইক কেৱল ব্যভিচাৰী অথবা মুশ্বৰিকেহে বিবাহ কৰায়, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ یَرْمُوْنَ الْمُحْصَنٰتِ ثُمَّ لَمْ یَاْتُوْا بِاَرْبَعَةِ شُهَدَآءَ فَاجْلِدُوْهُمْ ثَمٰنِیْنَ جَلْدَةً وَّلَا تَقْبَلُوْا لَهُمْ شَهَادَةً اَبَدًا ۚ— وَاُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟ۙ
আৰু যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে আশীটাকৈ বেত্ৰাঘাত কৰা আৰু তোমালোকে কেতিয়াও সিহঁতৰ সাক্ষী গ্ৰহণ নকৰিবা; কাৰণ ইহঁতেই হৈছে ফাছিক্ব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اِلَّا الَّذِیْنَ تَابُوْا مِنْ بَعْدِ ذٰلِكَ وَاَصْلَحُوْا ۚ— فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
কিন্তু যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, তেন্তে আল্লাহ নিশ্চয় ক্ষমাশীল, পৰম দয়ালু।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ یَرْمُوْنَ اَزْوَاجَهُمْ وَلَمْ یَكُنْ لَّهُمْ شُهَدَآءُ اِلَّاۤ اَنْفُسُهُمْ فَشَهَادَةُ اَحَدِهِمْ اَرْبَعُ شَهٰدٰتٍۢ بِاللّٰهِ ۙ— اِنَّهٗ لَمِنَ الصّٰدِقِیْنَ ۟
আৰু যিসকলে নিজৰ স্ত্ৰীৰ প্ৰতি নিজেই অপবাদ আৰোপ কৰে, অথচ নিজৰ বাহিৰে সিহঁতৰ আন কোনো সাক্ষী নাই, তেনে অৱস্থাত সিহঁত প্ৰত্যেকৰে সাক্ষ্য এইদৰে হ’ব যে, সি আল্লাহৰ নামত চাৰিবাৰ শপত খাই ক’ব যে, ‘নিশ্চয় সি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত,
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالْخَامِسَةُ اَنَّ لَعْنَتَ اللّٰهِ عَلَیْهِ اِنْ كَانَ مِنَ الْكٰذِبِیْنَ ۟
আৰু পঞ্চমবাৰ সাক্ষ্য প্ৰদান কৰি ক’ব যে, ‘যদি সি মিছলীয়া হয় তেন্তে তাৰ ওপৰত নামি আহিব আল্লাহৰ অভিশাপ’।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَیَدْرَؤُا عَنْهَا الْعَذَابَ اَنْ تَشْهَدَ اَرْبَعَ شَهٰدٰتٍۢ بِاللّٰهِ ۙ— اِنَّهٗ لَمِنَ الْكٰذِبِیْنَ ۟ۙ
আনহাতে ঘৈনিয়েকজনীৰ শাস্তিও ৰহিত হ’ব যদি তায়ো আল্লাহৰ নামত শপত খাই সাক্ষ্য প্ৰদান কৰে যে, ‘নিশ্চয় তাইৰ স্বামী হৈছে মিছলীয়া’,
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالْخَامِسَةَ اَنَّ غَضَبَ اللّٰهِ عَلَیْهَاۤ اِنْ كَانَ مِنَ الصّٰدِقِیْنَ ۟
আৰু পঞ্চমবাৰত ক’ব যে, ‘যদি তাইৰ স্বামী সত্যবাদী হয় তেন্তে তাইৰ ওপৰত নামি আহিব আল্লাহৰ গজব (ক্ৰোধ)’।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكُمْ وَرَحْمَتُهٗ وَاَنَّ اللّٰهَ تَوَّابٌ حَكِیْمٌ ۟۠
তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); নিশ্চয় আল্লাহ তাওবা গ্ৰহণকাৰী, প্ৰজ্ঞাময়।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
 
අර්ථ කථනය පරිච්ඡේදය: අන් නූර්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ඇසෑමි පරිවර්තනය - රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන් - පරිවර්තන පටුන

රෆීකුල් ඉස්ලාම් හබීබුර් රහ්මාන් විසින් පරිවර්තනය කරන ලදී.

වසන්න