Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (91) පරිච්ඡේදය: අල් අන්ආම්
وَمَا قَدَرُوا اللّٰهَ حَقَّ قَدْرِهٖۤ اِذْ قَالُوْا مَاۤ اَنْزَلَ اللّٰهُ عَلٰی بَشَرٍ مِّنْ شَیْءٍ ؕ— قُلْ مَنْ اَنْزَلَ الْكِتٰبَ الَّذِیْ جَآءَ بِهٖ مُوْسٰی نُوْرًا وَّهُدًی لِّلنَّاسِ تَجْعَلُوْنَهٗ قَرَاطِیْسَ تُبْدُوْنَهَا وَتُخْفُوْنَ كَثِیْرًا ۚ— وَعُلِّمْتُمْ مَّا لَمْ تَعْلَمُوْۤا اَنْتُمْ وَلَاۤ اٰبَآؤُكُمْ ؕ— قُلِ اللّٰهُ ۙ— ثُمَّ ذَرْهُمْ فِیْ خَوْضِهِمْ یَلْعَبُوْنَ ۟
মুশ্বৰিকসকলে যেতিয়া নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে যে, আল্লাহে কোনো মানুহৰ প্ৰতি অহী প্ৰেৰণ কৰা নাই, এনেকুৱা কথাৰ ফলত সিহঁতে আল্লাহক যথাৰ্থ সন্মান কৰা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মূছাৰ প্ৰতি কোনে তাওৰাত অৱতীৰ্ণ কৰিছিল, যিটো তেওঁৰ সম্প্ৰদায়ৰ বাবে হিদায়ত তথা জ্যোতি আছিল। যিটোক ইয়াহুদীসকলে নিজৰ বহীত লিখি ৰাখিছিল, আৰু যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল হৈছিল সেইটো প্ৰকাশ কৰিছিল আৰু বাকী বাণীসমূহ গোপন কৰিছিল, যেনেঃ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৱৰণ সম্পৰ্কে সিহঁতে এনেকুৱা কৰিছিল। আৰু হে আৰববাসীসকল! তোমালোকক কোৰআনৰ সেইসমূহ কথা বৰ্ণনা কৰা হৈছে যিবোৰ তোমালোকে তথা তোমালোকৰ পূৰ্বপুৰুষসকলে জনা নাছিলা। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, সেয়া আল্লাহে অৱতীৰ্ণ কৰিছিল। এতেকে তাৰ পিছত সিহঁতক সিহঁতৰ মুৰ্খতা আৰু পথভ্ৰষ্টতাত এৰি দিয়ক তথা সিহঁতক বিদ্ৰোহ আৰু উপহাস কৰিবলৈ এৰি দিয়ক, সিহঁতৰ মৃত্যু এই অৱস্থাতেই হ'ব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• إنزال الكتب على الأنبياء هو سُنَّة الله في المرسلين، والنبي عليه الصلاة والسلام واحد منهم.
নবীসকলৰ প্ৰতি পুথি অৱতীৰ্ণ কৰি ৰাছুল বনোৱা আল্লাহৰ নিয়ম। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামো এজন ৰাছুল।

• أعظم الناس كذبًا وفرية هو الذي يكذب على الله تعالى، فينسب أو ينفي ويثبت في حق الله تعالى أمرًا ليس عليه دليل صحيح.
আটাইতকৈ ডাঙৰ মিছলীয়া আৰু অপবাদ প্ৰদানকাৰী ব্যক্তি সেইজন, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ লগায় আৰু কোনো প্ৰমাণ নোহোৱাকৈ আল্লাহৰ প্ৰতি কোনো বিষয় সম্পৃক্ত কৰে অথবা কোনো কথা প্ৰমাণ কৰে নাইবা অস্বীকাৰ কৰে।

• كل أحد يبعث يوم القيامة فردًا متجردًا عن المناصب والألقاب، فقيرًا، ويحاسب وحده.
ক্বিয়ামতৰ দিনা প্ৰত্যেক ব্যক্তি অকলশৰীয়াকৈ পুনৰুত্থিত হ'ব, সেইদিনা কোনো সম্পত্তিও নাথাকিব আৰু কোনো উপাধি বা পদমৰ্যদাও নাথাকিব। দুখীয়া নিচলা হৈ অকলেই হিচাপ দিব লাগিব।

 
අර්ථ කථනය වාක්‍යය: (91) පරිච්ඡේදය: අල් අන්ආම්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න