Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (7) පරිච්ඡේදය: අල් හුජුරාත්
وَاعْلَمُوْۤا اَنَّ فِیْكُمْ رَسُوْلَ اللّٰهِ ؕ— لَوْ یُطِیْعُكُمْ فِیْ كَثِیْرٍ مِّنَ الْاَمْرِ لَعَنِتُّمْ وَلٰكِنَّ اللّٰهَ حَبَّبَ اِلَیْكُمُ الْاِیْمَانَ وَزَیَّنَهٗ فِیْ قُلُوْبِكُمْ وَكَرَّهَ اِلَیْكُمُ الْكُفْرَ وَالْفُسُوْقَ وَالْعِصْیَانَ ؕ— اُولٰٓىِٕكَ هُمُ الرّٰشِدُوْنَ ۟ۙ
হে মুমিনসকল! জানি থোৱা, নিশ্চয় তোমালোকৰ মাজত আল্লাহৰ ৰাছুল উপস্থিত আছে আৰু তেওঁৰ ওপৰত অহী অৱতীৰ্ণ হয়। গতিকে মিছা কথা নক’বা, অন্যথা অহীৰ মাধ্যমত তোমালোকৰ সেই মিছা কথাৰ বিষয়ে তেওঁক অৱগত কৰা হ’ব। নিশ্চয় আল্লাহ তোমালোকৰ হিত সম্পৰ্কে ভালকৈ অৱগত। যদি তেওঁ তোমালোকৰ অধিকাংশ প্ৰস্তাৱবোৰ গ্ৰহণ কৰে তেন্তে তোমালোকেই বিপদত পৰিবা, আৰু ইয়াৰ ফলত উদ্ভৱ হ’বলগীয়া সেই কঠিন পৰিস্থিতিবোৰ তেওঁ তোমালোকৰ বাবে পছন্দ নকৰে। কিন্তু এইটো আল্লাহৰ অনুগ্ৰহ যে, তেওঁ তোমালোকৰ বাবে ঈমানক পছন্দনীয় কৰিছে আৰু তোমালোকৰ অন্তৰত ইয়াক শোভনীয় কৰি দিছে, সেইকাৰণেই তোমালোকে ঈমান আনিছা। পক্ষান্তৰে কুফৰী, অৱজ্ঞা, আৰু গুনাহক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হৈছে হিদায়ত তথা সঠিক পথৰ পথচাৰী।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• وجوب التثبت من صحة الأخبار، خاصة التي ينقلها من يُتَّهم بالفسق.
সংবাদৰ সত্যতা নিৰূপণ কৰাটো বাঞ্চনীয়। বিশেষকৈ যদি কোনো সংবাদ ফাছিক্বসকলৰ দ্বাৰা বিয়পে।

• وجوب الإصلاح بين من يتقاتل من المسلمين، ومشروعية قتال الطائفة التي تصر على الاعتداء وترفض الصلح.
সেইসকল মুছলিমৰ মাজত মিলাপ্ৰীতিৰ বন্ধন সৃষ্টি কৰা অনিবাৰ্য, যিসকলে পৰস্পৰৰ মাজত বিবাদ কৰি আছে। লগতে সেই দলৰ বিপক্ষে যুদ্ধ কৰা উচিত, যি দলে সীমালঙ্ঘন কৰে তথা মীমাংসাত বহিবলৈ প্ৰস্তুত নহয়।

• من حقوق الأخوة الإيمانية: الصلح بين المتنازعين والبعد عما يجرح المشاعر من السخرية والعيب والتنابز بالألقاب.
ঈমানী ভাতৃত্ববোধৰ দাবী হৈছে এই যে, দুটা বিবদমান দলৰ মাজত মীমাংসা কৰি দিয়া উচিত, লগতে উপহাস কৰা, তিৰস্কাৰ কৰা, বেয়া উপাধিৰে মাতা ইত্যাদি কষ্টদায়ক বিষয়ৰ পৰা আঁতৰত থকা উচিত।

 
අර්ථ කථනය වාක්‍යය: (7) පරිච්ඡේදය: අල් හුජුරාත්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න