Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (21) පරිච්ඡේදය: අල් ෆත්හ්
وَّاُخْرٰی لَمْ تَقْدِرُوْا عَلَیْهَا قَدْ اَحَاطَ اللّٰهُ بِهَا ؕ— وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرًا ۟
আল্লাহে তোমালোকক ইয়াৰ বাহিৰেও আৰু কিছুমান যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যিবোৰ অৰ্জন কৰিবলৈ তোমালোকৰ ওচৰত এতিয়া পৰ্যাপ্ত শক্তি নাই। একমাত্ৰ আল্লাহেই সেইটো প্ৰদান কৰিবলৈ সক্ষম। সেই বিষয়ৰ সঠিক জ্ঞানো একমাত্ৰ তেওঁৰ ওচৰতেই আছে, আৰু তেৱেঁই একমাত্ৰ ইয়াৰ উপায় উপলব্ধকাৰী। আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• إخبار القرآن بمغيبات تحققت فيما بعد - مثل الفتوح الإسلامية - دليل قاطع على أن القرآن الكريم من عند الله.
কোৰআনুল কাৰীমে কিছুমান এনেকুৱা অদৃশ্য বিষয় সম্পৰ্কে সংবাদ দিছে, যিবোৰ পিছলৈ বাস্তৱত পৰিণত হৈছে, যেনে- ইছলামী বিজয় আদি। কোৰআনুল কাৰীম সম্পৰ্কে এইবোৰেই হৈছে অকাট্য প্ৰমাণ যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।

• تقوم أحكام الشريعة على الرفق واليسر.
চৰীয়তৰ বিধি-বিধানবোৰ সহজ-সৰল আৰু কৃপা নিৰ্ভৰশীল।

• جزاء أهل بيعة الرضوان منه ما هو معجل، ومنه ما هو مدَّخر لهم في الآخرة.
বাইআতে ৰিজৱানত অংশগ্ৰহণ কৰা চাহাবাসকলক তেওঁলোকৰ প্ৰতিদানৰ কিছু অংশ পৃথিৱীতেই দান কৰা হৈছে আৰু বাকীখিনি আখিৰাতৰ বাবে সঞ্চয় কৰি ৰখা হৈছে।

• غلبة الحق وأهله على الباطل وأهله سُنَّة إلهية.
সত্য আৰু সত্যবাদীসকলে, অসত্য তথা অসত্যবাদীসকলৰ ওপৰত সদায় বিজয় লাভ কৰিব, এইটোৱে চলি অহা আল্লাহৰ ৰীতি।

 
අර්ථ කථනය වාක්‍යය: (21) පරිච්ඡේදය: අල් ෆත්හ්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න