Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (18) පරිච්ඡේදය: අල් ෆත්හ්
لَقَدْ رَضِیَ اللّٰهُ عَنِ الْمُؤْمِنِیْنَ اِذْ یُبَایِعُوْنَكَ تَحْتَ الشَّجَرَةِ فَعَلِمَ مَا فِیْ قُلُوْبِهِمْ فَاَنْزَلَ السَّكِیْنَةَ عَلَیْهِمْ وَاَثَابَهُمْ فَتْحًا قَرِیْبًا ۟ۙ
নিশ্চয় আল্লাহে মুমিনসকলৰ ওপৰত সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোকে হুদাইবিয়াৰ স্থানত এজোপা গছৰ তলত আপোনাৰ ওচৰত বাইআত কৰি আছিল, যিটো বাইআতে ৰিজৱান নামেৰে প্ৰসিদ্ধ। আল্লাহে তেওঁলোকৰ অন্তৰত থকা ঈমান, ইখলাচ আৰু সত্যতা সম্পৰ্কে অৱগত। আল্লাহেই তেওঁলোকৰ অন্তৰত শান্তি অৱতীৰ্ণ কৰিছে। লগতে তেওঁলোকক ইয়াৰ প্ৰতিদান হিচাপে আসন্ন বিজয় অৰ্থাৎ খয়বৰৰ বিজয়ৰ সুসংবাদ প্ৰদান কৰিছে। এই সুসংবাদৰ আচল কাৰণ আছিল যাতে মক্কাত প্ৰৱেশ নকৰাৰ বাবে তেওঁলোকৰ অন্তৰত যি বেদনাই স্থান পাইছিল, সেইটো যাতে কিছু পৰিমাণে হ্ৰাস পায়।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• إخبار القرآن بمغيبات تحققت فيما بعد - مثل الفتوح الإسلامية - دليل قاطع على أن القرآن الكريم من عند الله.
কোৰআনুল কাৰীমে কিছুমান এনেকুৱা অদৃশ্য বিষয় সম্পৰ্কে সংবাদ দিছে, যিবোৰ পিছলৈ বাস্তৱত পৰিণত হৈছে, যেনে- ইছলামী বিজয় আদি। কোৰআনুল কাৰীম সম্পৰ্কে এইবোৰেই হৈছে অকাট্য প্ৰমাণ যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।

• تقوم أحكام الشريعة على الرفق واليسر.
চৰীয়তৰ বিধি-বিধানবোৰ সহজ-সৰল আৰু কৃপা নিৰ্ভৰশীল।

• جزاء أهل بيعة الرضوان منه ما هو معجل، ومنه ما هو مدَّخر لهم في الآخرة.
বাইআতে ৰিজৱানত অংশগ্ৰহণ কৰা চাহাবাসকলক তেওঁলোকৰ প্ৰতিদানৰ কিছু অংশ পৃথিৱীতেই দান কৰা হৈছে আৰু বাকীখিনি আখিৰাতৰ বাবে সঞ্চয় কৰি ৰখা হৈছে।

• غلبة الحق وأهله على الباطل وأهله سُنَّة إلهية.
সত্য আৰু সত্যবাদীসকলে, অসত্য তথা অসত্যবাদীসকলৰ ওপৰত সদায় বিজয় লাভ কৰিব, এইটোৱে চলি অহা আল্লাহৰ ৰীতি।

 
අර්ථ කථනය වාක්‍යය: (18) පරිච්ඡේදය: අල් ෆත්හ්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න