Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (17) පරිච්ඡේදය: අල් අහ්කාෆ්
وَالَّذِیْ قَالَ لِوَالِدَیْهِ اُفٍّ لَّكُمَاۤ اَتَعِدٰنِنِیْۤ اَنْ اُخْرَجَ وَقَدْ خَلَتِ الْقُرُوْنُ مِنْ قَبْلِیْ ۚ— وَهُمَا یَسْتَغِیْثٰنِ اللّٰهَ وَیْلَكَ اٰمِنْ ۖۗ— اِنَّ وَعْدَ اللّٰهِ حَقٌّ ۚ— فَیَقُوْلُ مَا هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟
যিয়ে নিজৰ পিতৃ-মাতৃক কয়ঃ “ধিক্ তোমালোকৰ ওপৰত, তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোৰ মৃত্যুৰ পিছত মোক পুনৰ কবৰৰ পৰা উঠোৱা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে, সিহঁতৰ মাজৰ কাকো দেখোন জীৱিত কৰি উঠোৱা দেখা পোৱা নাই”? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে যাতে আল্লাহে তেওঁলোকৰ পুত্ৰক ঈমানৰ হিদায়ত দিয়ে। লগতে পিতা-মাতা উভয়ে পুত্ৰক উদ্দেশ্যি কয়ঃ “আখিৰাতৰ জীৱনৰ প্ৰতি যদি তুমি ঈমান পোষণ নকৰা তেন্তে তোমাৰ বিনাশ অনিবাৰ্য। নিশ্চিতভাৱে আখিৰাত সম্পৰ্কীয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, ইয়াত কোনো সন্দেহ নাই”। কিন্তু সি পুনৰুত্থানক অস্বীকাৰ কৰি সেই একেটা কথাকে পুনৰাবৃত্তি কৰি ক’লেঃ “পুনৰুত্থান সম্পৰ্কে যিবোৰ কথা উত্থাপন হৈ আছে, সেইবোৰ দৰাচলতে পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা সংগৃহীত। আল্লাহৰ ফালৰ পৰা এইবোৰ প্ৰমাণিত নহয়”।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• بيان مكانة بِرِّ الوالدين في الإسلام، بخاصة في حق الأم، والتحذير من العقوق.
ইছলামত পিতা-মাতাৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ গুৰুত্ব প্ৰদান কৰা হৈছে, বিশেষকৈ মাকৰ সৈতে, আৰু তেওঁলোকৰ অবাধ্যতা কৰাৰ পৰা নিষেধ কৰা হৈছে।

• بيان خطر التوسع في ملاذّ الدنيا؛ لأنها تشغل عن الآخرة.
পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসক অগ্ৰাধিকাৰ দিয়াৰ ভয়াৱহতা, কিয়নো এইবোৰে মানুহক আখিৰাতৰ পৰা অমনোযোগী কৰি তোলে।

• بيان الوعيد الشديد لأصحاب الكبر والفسوق.
অহংকাৰী আৰু পাপিষ্ঠসকলক কঠোৰভাৱে সতৰ্ক কৰা হৈছে।

 
අර්ථ කථනය වාක්‍යය: (17) පරිච්ඡේදය: අල් අහ්කාෆ්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න