Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (7) පරිච්ඡේදය: අස් සුමර්
اِنْ تَكْفُرُوْا فَاِنَّ اللّٰهَ غَنِیٌّ عَنْكُمْ ۫— وَلَا یَرْضٰی لِعِبَادِهِ الْكُفْرَ ۚ— وَاِنْ تَشْكُرُوْا یَرْضَهُ لَكُمْ ؕ— وَلَا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰی ؕ— ثُمَّ اِلٰی رَبِّكُمْ مَّرْجِعُكُمْ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ؕ— اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
হে মানৱজাতি! যদি তোমালোকে নিজ প্ৰতিপালকৰ সৈতে কুফৰী কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ তোমালোকৰ ঈমানৰ পৰা অমুখাপেক্ষী। আনকি তোমালোকৰ কুফৰীয়ে তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। বৰং তোমালোকৰ কুফৰীয়ে তোমালোককেই ক্ষতি কৰিব। কিন্তু বান্দাই তেওঁৰ লগত কুফৰী কৰাটো তেওঁ পছন্দ নকৰে। ইয়াৰ আদেশও তেওঁ নিদিয়ে। কিয়নো আল্লাহে কেতিয়াও অশ্লীলতা আৰু কুসংস্কাৰৰ আদেশ নিদিয়ে। আনহাতে যদি তোমালোকে আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা কৰা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তেওঁ তোমালোকৰ কৃতজ্ঞতাত সন্তুষ্ট হ’ব, লগতে তোমালোকক ছোৱাব প্ৰদান কৰিব। কোনো প্ৰাণীয়েই অন্য প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। প্ৰত্যেকেই নিজ নিজ কৰ্মৰ বাবে দায়বদ্ধ থাকিব। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেৱেঁই তোমালোকক অৱগত কৰিব পৃথিৱীত তোমালোকে কি কি কৰ্ম কৰিছিলা আৰু তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় তেৱেঁই বান্দাসকলৰ অন্তৰৰ ভেদ সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• رعاية الله للإنسان في بطن أمه.
আল্লাহে মানুহক তাৰ মাকৰ গৰ্ভতো পৰিপূৰ্ণভাৱে লক্ষ্য ৰাখে।

• ثبوت صفة الغنى وصفة الرضا لله.
আল্লাহৰ দুটা গুণৰ প্ৰমাণ পোৱা গ'ল, ‘অমুখাপেক্ষী’ আৰু “আল্লাহৰ সন্তুষ্টি”।

• تعرّف الكافر إلى الله في الشدة وتنكّره له في الرخاء، دليل على تخبطه واضطرابه.
কাফিৰসকলে বিপদৰ সময়ত আল্লাহক স্মৰণ কৰে আৰু সুখত থকাৰ সময়ত অস্বীকাৰ কৰে। এইটো হৈছে সিহঁতৰ বিবেকহীনতাৰ প্ৰমাণ।

• الخوف والرجاء صفتان من صفات أهل الإيمان.
আশংকা আৰু আশা, এই দুটা হৈছে ঈমান্দাৰসকলৰ গুণ।

 
අර්ථ කථනය වාක්‍යය: (7) පරිච්ඡේදය: අස් සුමර්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න