Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (77) පරිච්ඡේදය: අල් කසස්
وَابْتَغِ فِیْمَاۤ اٰتٰىكَ اللّٰهُ الدَّارَ الْاٰخِرَةَ وَلَا تَنْسَ نَصِیْبَكَ مِنَ الدُّنْیَا وَاَحْسِنْ كَمَاۤ اَحْسَنَ اللّٰهُ اِلَیْكَ وَلَا تَبْغِ الْفَسَادَ فِی الْاَرْضِ ؕ— اِنَّ اللّٰهَ لَا یُحِبُّ الْمُفْسِدِیْنَ ۟
তোমাক আল্লাহে যি ধন-সম্পদ দান কৰিছে, সেইবোৰক কল্যাণৰ পথত ব্যয় কৰি আখিৰাতৰ ছোৱাব অৰ্জন কৰা। আনহাতে তোমাৰ প্ৰাপ্যখিনিও পাহৰি নাযাবা, যেনেঃ পানাহাৰ, বস্ত্ৰ আদি নিয়ামত। কিন্তু এই ক্ষেত্ৰতো কোনো ধৰণৰ অপচয় আৰু কৃপণালী কৰা উচিত নহয়। লগতে তোমাৰ প্ৰতিপালকৰ আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদাচৰণ কৰিবা, যিদৰে আল্লাহে তোমাৰ সৈতে ভাল ব্যৱহাৰ কৰিছে। তথা পাপকৰ্ম কৰি আৰু ইবাদত পৰিত্যাগ কৰি পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰিবা। নিশ্চয় আল্লাহে পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰী লোকক পছন্দ নকৰে, বৰং সিহঁতক ঘৃণা কৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• تعاقب الليل والنهار نعمة من نعم الله يجب شكرها له.
দিন-ৰাতিৰ আৱৰ্তন আল্লাহৰ এটা অন্যতম নিয়ামত। ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা অনিবাৰ্য।

• الطغيان كما يكون بالرئاسة والملك يكون بالمال.
নেতৃত্ব, ৰাজত্বৰ লগতে ধন-সম্পদৰ ফলতো অবাধ্যতা প্ৰকাশ পায়।

• الفرح بَطَرًا معصية يمقتها الله.
আনন্দিত হৈ অহংকাৰ কৰাটো এনেকুৱা পাপ, যাক আল্লাহে ঘৃণা কৰে।

• ضرورة النصح لمن يُخاف عليه من الفتنة.
যি ব্যক্তিৰ বিষয়ে ফিতনাগ্ৰস্ত হোৱাৰ আশংকা দেখা দিয়ে, সেই ব্যক্তিক উপদেশ দিয়া জৰুৰী।

• بغض الله للمفسدين في الأرض.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ সৈতে আল্লাহে শত্ৰুতা পোষণ কৰে।

 
අර්ථ කථනය වාක්‍යය: (77) පරිච්ඡේදය: අල් කසස්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න