Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (78) පරිච්ඡේදය: අල් හජ්
وَجَاهِدُوْا فِی اللّٰهِ حَقَّ جِهَادِهٖ ؕ— هُوَ اجْتَبٰىكُمْ وَمَا جَعَلَ عَلَیْكُمْ فِی الدِّیْنِ مِنْ حَرَجٍ ؕ— مِلَّةَ اَبِیْكُمْ اِبْرٰهِیْمَ ؕ— هُوَ سَمّٰىكُمُ الْمُسْلِمِیْنَ ۙ۬— مِنْ قَبْلُ وَفِیْ هٰذَا لِیَكُوْنَ الرَّسُوْلُ شَهِیْدًا عَلَیْكُمْ وَتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ ۖۚ— فَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاعْتَصِمُوْا بِاللّٰهِ ؕ— هُوَ مَوْلٰىكُمْ ۚ— فَنِعْمَ الْمَوْلٰی وَنِعْمَ النَّصِیْرُ ۟۠
আল্লাহৰ পথত নিৰ্ভেজালভাৱে তেওঁৰ সন্তুষ্টি লাভৰ বাবে যুদ্ধ কৰা, তেওঁ তোমালোকক নিৰ্বাচিত কৰিছে, লগতে তোমালোকৰ ধৰ্মক উদাৰ বনাইছে, য’ত কোনো ধৰণৰ কঠোৰতা আৰু সংকীৰ্ণতা নাই। এই উদাৰ ধৰ্মটোৱে তোমালোকৰ পিতা ইব্ৰাহীম আলাইহিচ্ছালামৰ ধৰ্ম আছিল। আল্লাহেই তোমালোকৰ নাম পূৰ্বৱৰ্তী গ্ৰন্থসমূহত আৰু কোৰআনতো মুছলিম বুলি উল্লেখ কৰিছে। যাতে ৰাছুলে তোমালোকৰ বাবে সাক্ষী দিয়ে যে, তেওঁ তোমালোকক সেই সকলো বাৰ্তা পৌঁচাই দিছে, যিবোৰ পৌঁচাবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল। আনহাতে তোমালোকেও যাতে সাক্ষী দিব পাৰা যে, তোমালোকৰ পূৰ্বে অহা ৰাছুলসকলে নিজ নিজ দায়িত্ব পালন কৰিছে। এতেকে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰি পৰিপূৰ্ণৰূপে নিয়মিতভাৱে চালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা, আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা, লগতে নিজৰ সকলো কৰ্মত আল্লাহৰ প্ৰতি ভৰসা কৰা। নিশ্চয় আল্লাহ তেওঁৰ ওচৰত আশ্ৰয় লোৱা মুমিনসকলৰ উত্তম সংৰক্ষক, তথা সহায় প্ৰাৰ্থনাকাৰীৰ বাবে উত্তম সহায়ক। এতেকে তেওঁৰ আশ্ৰয় লোৱা, তেওঁ সুৰক্ষা প্ৰদান কৰিব, লগতে তেওঁৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, তেওঁ তোমালোকক সহায় কৰিব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• أهمية ضرب الأمثال لتوضيح المعاني، وهي طريقة تربوية جليلة.
কথা স্পষ্ট কৰিবলৈ উদাহৰণ দিয়াৰ গুৰুত্ব। এইটো এটা গুৰুত্বপূৰ্ণ শৈক্ষিক উপকৰণ।

• عجز الأصنام عن خلق الأدنى دليل على عجزها عن خلق غيره.
মূৰ্তিবোৰে নিম্নতৰ বস্তু এটাকো সৃষ্টি কৰিব নোৱাৰা বিষয়টোৱে এই কথা প্ৰমাণ কৰে যে, সেইবোৰে আন একোৱেই সৃষ্টি কৰিব নোৱাৰে।

• الإشراك بالله سببه عدم تعظيم الله.
আল্লাহৰ লগত অংশী কৰাৰ অৰ্থ হৈছে তেওঁৰ মৰ্যাদাহানী কৰা।

• إثبات صفتي القوة والعزة لله، وأهمية أن يستحضر المؤمن معاني هذه الصفات.
আল্লাহৰ বিশেষ দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ'ল, সৰ্বশক্তিমান আৰু প্ৰভুত্বশালী। লগতে এই কথাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে যে, মানুহে যেন এইবোৰ বৈশিষ্ট্যৰ অৰ্থ অন্তৰত গাঁথি লয়।

 
අර්ථ කථනය වාක්‍යය: (78) පරිච්ඡේදය: අල් හජ්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න