Check out the new design

Tradução dos significados do Nobre Al-Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (7) Surah: Ãli-Imran
هُوَ الَّذِیْۤ اَنْزَلَ عَلَیْكَ الْكِتٰبَ مِنْهُ اٰیٰتٌ مُّحْكَمٰتٌ هُنَّ اُمُّ الْكِتٰبِ وَاُخَرُ مُتَشٰبِهٰتٌ ؕ— فَاَمَّا الَّذِیْنَ فِیْ قُلُوْبِهِمْ زَیْغٌ فَیَتَّبِعُوْنَ مَا تَشَابَهَ مِنْهُ ابْتِغَآءَ الْفِتْنَةِ وَابْتِغَآءَ تَاْوِیْلِهٖ ؔۚ— وَمَا یَعْلَمُ تَاْوِیْلَهٗۤ اِلَّا اللّٰهُ ۘؐ— وَالرّٰسِخُوْنَ فِی الْعِلْمِ یَقُوْلُوْنَ اٰمَنَّا بِهٖ ۙ— كُلٌّ مِّنْ عِنْدِ رَبِّنَا ۚ— وَمَا یَذَّكَّرُ اِلَّاۤ اُولُوا الْاَلْبَابِ ۟
হে নবী! তেৱেঁই আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। ইয়াত কিছুমান আয়াত আছে যাৰ অৰ্থ স্পষ্ট, যাৰ মাজত কোনো ধৰণৰ অস্পষ্টতা নাই। এইবোৰেই পুথিৰ মূল আৰু ইয়াৰ সংখ্যাও অধিক লগতে মতভেদৰ সময়ত এইবোৰ আয়াতেই মীমাংসাৰ উত্স। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ একাধিক অৰ্থ থকাৰ সম্ভাৱনা থাকে। লগতে অধিকাংশ মানুহৰ বাবে সেইবোৰৰ অৰ্থ নিৰ্ণয় কৰা জটিল হয়। সেয়ে যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে মুহকাম (স্পষ্ট অৰ্থ থকা) আয়াতবোৰক আওকাণ কৰি মুতাশ্বাবিহ (একাধিক অৰ্থ থকা) আয়াতৰ পিছত লাগি থাকে। দৰাচল সিহঁতে ইয়াৰ দ্বাৰা সন্দেহ সৃষ্টি কৰিব বিচাৰে আৰু মানুহক বিভ্ৰান্ত কৰিব বিচাৰে আৰু নিজৰ ফালৰ পৰা এনেকুৱা ব্যাখ্যা কৰিব বিচাৰে যিটো সিহঁতৰ কু-মানসিকতাৰ অনুকূল। অথচ ইয়াৰ প্ৰকৃত অৰ্থ আৰু ইয়াৰ সঠিক ব্যাখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পক্ষান্তৰে গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, আমি সম্পূৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ কৰো, কিয়নো ই সম্পূৰ্ণৰূপে আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁলোকে মুতাশ্বাবেহ আয়াতৰ ব্যাখ্যা মুহকাম আয়াত অনুসাৰে কৰে। উপদেশ কেৱল সঠিক বিবেকৱান সকলেহে গ্ৰহণ কৰে।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• أقام الله الحجة وقطع العذر عن الخلق بإرسال الرسل وإنزال الكتب التي تهدي للحق وتحذر من الباطل.
আল্লাহে ৰাছুলসকলক প্ৰেৰণ কৰি তথা এনেকুৱা পুথি অৱতীৰ্ণ কৰি যিবোৰ পুথিয়ে সত্যৰ পথ দেখুৱায় আৰু অসত্যৰ পৰা সাৱধান কৰে, মানুহৰ প্ৰতি দলীল প্ৰতিষ্ঠা কৰিছে আৰু বাহানা বাজি কৰাৰ দুৱাৰ বন্ধ কৰিছে।

• كمال علم الله تعالى وإحاطته بخلقه، فلا يغيب عنه شيء في الأرض ولا في السماء، سواء كان ظاهرًا أو خفيًّا.
উক্ত আয়াতসমূহপ পৰা বুজিলো আল্লাহৰ জ্ঞানৰ সম্পুৰ্ণতা আৰু তেওঁ সকলো সৃষ্টিক নিজ জ্ঞানেৰে আয়ত্ব কৰি ৰাখিছে। এতেকে আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তু তেওঁৰ পৰা গোপন নহয়, সেয়া প্ৰকাশ্য হওঁক অথবা অপ্ৰকাশ্য।

• من أصول أهل الإيمان الراسخين في العلم أن يفسروا ما تشابه من الآيات بما أُحْكِم منها.
গভীৰ জ্ঞানৰ অধিকাৰী মুমিনসকলে মুতাশ্বাবেহ আয়াতৰ ব্যাখ্যা মুহকাম আয়াতৰ দ্বাৰা কৰে।

• مشروعية دعاء الله تعالى وسؤاله الثبات على الحق، والرشد في الأمر، ولا سيما عند الفتن والأهواء.
আৰু বুজা গল যে, সত্যৰ ওপৰত প্ৰতিষ্ঠিত থকাৰ বাবে সঠিক সিদ্ধান্ত লোৱাৰ তাওফীকৰ বাবে আল্লাহৰ ওচৰত দুআ কৰিব লাগে। বিশেষকৈ ফিতনাৰ সময়ত আৰু প্ৰবৃত্তিৰ অনুসৰণৰ ভয় হলে।

 
Tradução dos significados Versículo: (7) Surah: Ãli-Imran
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Al-Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

emitido pelo Centro de Tafssir para Estudos do Alcorão

Fechar