Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (40) سورت: توبه
اِلَّا تَنْصُرُوْهُ فَقَدْ نَصَرَهُ اللّٰهُ اِذْ اَخْرَجَهُ الَّذِیْنَ كَفَرُوْا ثَانِیَ اثْنَیْنِ اِذْ هُمَا فِی الْغَارِ اِذْ یَقُوْلُ لِصَاحِبِهٖ لَا تَحْزَنْ اِنَّ اللّٰهَ مَعَنَا ۚ— فَاَنْزَلَ اللّٰهُ سَكِیْنَتَهٗ عَلَیْهِ وَاَیَّدَهٗ بِجُنُوْدٍ لَّمْ تَرَوْهَا وَجَعَلَ كَلِمَةَ الَّذِیْنَ كَفَرُوا السُّفْلٰی ؕ— وَكَلِمَةُ اللّٰهِ هِیَ الْعُلْیَا ؕ— وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟
হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ ৰাছুলক সহায় নকৰা, আৰু আল্লাহৰ আহ্বানত তেওঁৰ পথত যুদ্ধ কৰিবলৈ নোলোৱা, তেন্তে জানি থোৱা! আল্লাহে তোমালোকৰ অবিহনেই তেওঁক সেইসময়ত সহায় কৰিছে, যিসময়ত কাফিৰসকলে তেওঁক (মক্কাৰ পৰা) বহিষ্কাৰ কৰিছিল। দুজনেই আছিল, তেওঁ আৰু আবু বকৰ। তৃতীয় কোনো ব্যক্তি নাছিল। উভয়ে ছুৰ নামক গোহাত আত্মগোপন কৰিছিল, যেতিয়া কাফিৰসকলে তেওঁলোকক বিচাৰি আছিল। যেতিয়া আবু বকৰে আশংকা কৰিছিল যে কাফিৰসকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰক কৈছিলঃ উদাসীন নহ'বা। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন আমাৰ লগত আছে। তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত শান্তি বৰ্ষণ কৰিলে, লগতে তেওঁক এনেকুৱা সৈন্যৰ দ্বাৰা সহায় কৰিলে, যিসকলক তোমালোকে দেখা পোৱা নাছিলা। দৰাচলতে সেইসকল আছিল ফিৰিস্তা, যিসকলে তেওঁক সহায় কৰি আছিল। তেৱেঁই মুশ্বৰিকসকলৰ কথাক নিম্নগামী কৰি আল্লাহৰ বাণীক সুউচ্চ কৰিছে। আল্লাহ সত্ত্বাগত ভাৱে, লগতে তেওঁৰ শক্তি আৰু ৰাজত্বত মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত, ভাগ্য নিৰ্ধাৰণত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• العادات المخالفة للشرع بالاستمرار عليها دونما إنكار لها يزول قبحها عن النفوس، وربما ظُن أنها عادات حسنة.
চৰীয়ত বিৰোধী স্বভাৱক যদি আঁতৰাই পেলোৱা নহয় তথা বেয়া বুলি ভৱা নহয়, লগতে ধাৰাবাহিকভাৱে যদি তাৰ ওপৰত আমল কৰা হয় তেন্তে অন্তৰৰ পৰা সেইটো যে বেয়া স্বভাৱ, এই ধাৰণাটো নাইকীয়া হৈ যায়, আনকি কেতিয়াবা এনেকুৱাও লাগে যে, এইটো এটা ভাল কাম।

• عدم النفير في حال الاستنفار من كبائر الذنوب الموجبة لأشد العقاب، لما فيها من المضار الشديدة.
জিহাদৰ বাবে আহ্বান কৰাৰ সময়ত সঁহাৰি নিদিয়াটো এটা মহা অপৰাধ, ইয়াৰ শাস্তিও বৰ কঠিন। কিয়নো ইয়াৰ ক্ষতি অধিক।

• فضيلة السكينة، وأنها من تمام نعمة الله على العبد في أوقات الشدائد والمخاوف التي تطيش فيها الأفئدة، وأنها تكون على حسب معرفة العبد بربه، وثقته بوعده الصادق، وبحسب إيمانه وشجاعته.
শান্তিৰ গুৰুত্ব। কঠিন আৰু বিপদৰ সময়ত অন্তৰ যেতিয়া ভীত-সন্ত্ৰস্ত হয় তেতিয়া শান্তি লাভ কৰাটো আল্লাহৰ ফালৰ পৰা বান্দাৰ ওপৰত এইটো এটা ডাঙৰ নিয়ামত। বান্দাই শান্তি সেই অনুপাতে লাভ কৰে, যি পৰিমাণে তেওঁ আল্লাহ সম্পৰ্কে অৱগত, আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বস্ত, লগতে বান্দাৰ ঈমান আৰু উৎসাহ মুতাবিক।

• أن الحزن قد يعرض لخواص عباد الله الصدِّيقين وخاصة عند الخوف على فوات مصلحة عامة.
শোক কেতিয়াবা কেতিয়াবা আল্লাহৰ বিশেষ সদাচাৰী বান্দাসকলৰো হয়, বিশেষকৈ যেতিয়া সৰ্বসাধাৰণৰ কল্যাণ বিনষ্ট হোৱা আশংকা হয়।

 
د معناګانو ژباړه آیت: (40) سورت: توبه
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

بندول