Check out the new design

पवित्र कुरअानको अर्थको अनुवाद - असामी अनुवादः रफीकुल इस्लाम हबीबुर रहमान । * - अनुवादहरूको सूची

PDF XML CSV Excel API
Please review the Terms and Policies

अर्थको अनुवाद सूरः: अअराफ   श्लोक:
وَاذْكُرُوْۤا اِذْ جَعَلَكُمْ خُلَفَآءَ مِنْ بَعْدِ عَادٍ وَّبَوَّاَكُمْ فِی الْاَرْضِ تَتَّخِذُوْنَ مِنْ سُهُوْلِهَا قُصُوْرًا وَّتَنْحِتُوْنَ الْجِبَالَ بُیُوْتًا ۚ— فَاذْكُرُوْۤا اٰلَآءَ اللّٰهِ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟
‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেৱেঁই তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ ঠাইত) স্থলাভিষিক্ত কৰিছে, আৰু তেৱেঁই তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰাসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
अरबी व्याख्याहरू:
قَالَ الْمَلَاُ الَّذِیْنَ اسْتَكْبَرُوْا مِنْ قَوْمِهٖ لِلَّذِیْنَ اسْتُضْعِفُوْا لِمَنْ اٰمَنَ مِنْهُمْ اَتَعْلَمُوْنَ اَنَّ صٰلِحًا مُّرْسَلٌ مِّنْ رَّبِّهٖ ؕ— قَالُوْۤا اِنَّا بِمَاۤ اُرْسِلَ بِهٖ مُؤْمِنُوْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।
अरबी व्याख्याहरू:
قَالَ الَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا بِالَّذِیْۤ اٰمَنْتُمْ بِهٖ كٰفِرُوْنَ ۟
অহংকাৰীসকলে ক’লে, ‘নিশ্চয় তোমালোকে যিবোৰ বিশ্বাস কৰিছা আমি সেইবোৰ অবিশ্বাস কৰোঁ’।
अरबी व्याख्याहरू:
فَعَقَرُوا النَّاقَةَ وَعَتَوْا عَنْ اَمْرِ رَبِّهِمْ وَقَالُوْا یٰصٰلِحُ ائْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الْمُرْسَلِیْنَ ۟
তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।
अरबी व्याख्याहरू:
فَاَخَذَتْهُمُ الرَّجْفَةُ فَاَصْبَحُوْا فِیْ دَارِهِمْ جٰثِمِیْنَ ۟
তাৰ পিছত ভূমিকম্পই সিহঁতক কৰায়ত্ব কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।
अरबी व्याख्याहरू:
فَتَوَلّٰی عَنْهُمْ وَقَالَ یٰقَوْمِ لَقَدْ اَبْلَغْتُكُمْ رِسَالَةَ رَبِّیْ وَنَصَحْتُ لَكُمْ وَلٰكِنْ لَّا تُحِبُّوْنَ النّٰصِحِیْنَ ۟
ইয়াৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই লৈ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰলৈ পৌঁচাই দিছিলোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছিলোঁ, কিন্তু তোমালোকেহে কল্যানকামীসকলক পছন্দ নকৰা’।
अरबी व्याख्याहरू:
وَلُوْطًا اِذْ قَالَ لِقَوْمِهٖۤ اَتَاْتُوْنَ الْفَاحِشَةَ مَا سَبَقَكُمْ بِهَا مِنْ اَحَدٍ مِّنَ الْعٰلَمِیْنَ ۟
আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলোঁ। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।
अरबी व्याख्याहरू:
اِنَّكُمْ لَتَاْتُوْنَ الرِّجَالَ شَهْوَةً مِّنْ دُوْنِ النِّسَآءِ ؕ— بَلْ اَنْتُمْ قَوْمٌ مُّسْرِفُوْنَ ۟
‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰলৈ যোৱা, বৰং তোমালোক হৈছা সীমালংঘনকাৰী সম্প্ৰদায়’।
अरबी व्याख्याहरू:
 
अर्थको अनुवाद सूरः: अअराफ
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - असामी अनुवादः रफीकुल इस्लाम हबीबुर रहमान । - अनुवादहरूको सूची

रफिकुल इस्लाम हबिबुर रहमानले अनुवाद गरेका हुन्।

बन्द गर्नुस्