Check out the new design

पवित्र कुरअानको अर्थको अनुवाद - असामी अनुवादः रफीकुल इस्लाम हबीबुर रहमान । * - अनुवादहरूको सूची

PDF XML CSV Excel API
Please review the Terms and Policies

अर्थको अनुवाद सूरः: मुहम्मद   श्लोक:

মুহাম্মদ

اَلَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ اَضَلَّ اَعْمَالَهُمْ ۟
যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা আনক নিবৃত্ত কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহক ব্যৰ্থ কৰি দিছে।
अरबी व्याख्याहरू:
وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاٰمَنُوْا بِمَا نُزِّلَ عَلٰی مُحَمَّدٍ وَّهُوَ الْحَقُّ مِنْ رَّبِّهِمْ ۙ— كَفَّرَ عَنْهُمْ سَیِّاٰتِهِمْ وَاَصْلَحَ بَالَهُمْ ۟
আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, আৰু এইখন হৈছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
अरबी व्याख्याहरू:
ذٰلِكَ بِاَنَّ الَّذِیْنَ كَفَرُوا اتَّبَعُوا الْبَاطِلَ وَاَنَّ الَّذِیْنَ اٰمَنُوا اتَّبَعُوا الْحَقَّ مِنْ رَّبِّهِمْ ؕ— كَذٰلِكَ یَضْرِبُ اللّٰهُ لِلنَّاسِ اَمْثَالَهُمْ ۟
এইটো এইকাৰণে যে, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থাপন কৰে।
अरबी व्याख्याहरू:
فَاِذَا لَقِیْتُمُ الَّذِیْنَ كَفَرُوْا فَضَرْبَ الرِّقَابِ ؕ— حَتّٰۤی اِذَاۤ اَثْخَنْتُمُوْهُمْ فَشُدُّوا الْوَثَاقَ ۙ— فَاِمَّا مَنًّا بَعْدُ وَاِمَّا فِدَآءً حَتّٰی تَضَعَ الْحَرْبُ اَوْزَارَهَا— ذٰلِكَ ۛؕ— وَلَوْ یَشَآءُ اللّٰهُ لَانْتَصَرَ مِنْهُمْ ۙ— وَلٰكِنْ لِّیَبْلُوَاۡ بَعْضَكُمْ بِبَعْضٍ ؕ— وَالَّذِیْنَ قُتِلُوْا فِیْ سَبِیْلِ اللّٰهِ فَلَنْ یُّضِلَّ اَعْمَالَهُمْ ۟
এতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধ ক্ষেত্ৰত মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধি লবা; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ, যেতিয়ালৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ) নমাই নথয়। এইদৰেই, আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয় আল্লাহে তেওঁলোকৰ আমল কেতিয়াও বিনষ্ট হ’বলৈ নিদিয়ে।
अरबी व्याख्याहरू:
سَیَهْدِیْهِمْ وَیُصْلِحُ بَالَهُمْ ۟ۚ
অনতিপলমে আল্লাহে তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
अरबी व्याख्याहरू:
وَیُدْخِلُهُمُ الْجَنَّةَ عَرَّفَهَا لَهُمْ ۟
আৰু তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।
अरबी व्याख्याहरू:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تَنْصُرُوا اللّٰهَ یَنْصُرْكُمْ وَیُثَبِّتْ اَقْدَامَكُمْ ۟
হে মুমিনসকল! যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় ৰাখিব।
अरबी व्याख्याहरू:
وَالَّذِیْنَ كَفَرُوْا فَتَعْسًا لَّهُمْ وَاَضَلَّ اَعْمَالَهُمْ ۟
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।
अरबी व्याख्याहरू:
ذٰلِكَ بِاَنَّهُمْ كَرِهُوْا مَاۤ اَنْزَلَ اللّٰهُ فَاَحْبَطَ اَعْمَالَهُمْ ۟
এইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাক অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে।
अरबी व्याख्याहरू:
اَفَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَیَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ— دَمَّرَ اللّٰهُ عَلَیْهِمْ ؗ— وَلِلْكٰفِرِیْنَ اَمْثَالُهَا ۟
তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।
अरबी व्याख्याहरू:
ذٰلِكَ بِاَنَّ اللّٰهَ مَوْلَی الَّذِیْنَ اٰمَنُوْا وَاَنَّ الْكٰفِرِیْنَ لَا مَوْلٰی لَهُمْ ۟۠
এইটো এইকাৰণে যে, নিশ্চয় আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।
अरबी व्याख्याहरू:
 
अर्थको अनुवाद सूरः: मुहम्मद
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - असामी अनुवादः रफीकुल इस्लाम हबीबुर रहमान । - अनुवादहरूको सूची

रफिकुल इस्लाम हबिबुर रहमानले अनुवाद गरेका हुन्।

बन्द गर्नुस्