Check out the new design

पवित्र कुरअानको अर्थको अनुवाद - असामी अनुवादः रफीकुल इस्लाम हबीबुर रहमान । * - अनुवादहरूको सूची

PDF XML CSV Excel API
Please review the Terms and Policies

अर्थको अनुवाद सूरः: ज्जुमर   श्लोक:
وَبَدَا لَهُمْ سَیِّاٰتُ مَا كَسَبُوْا وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟
আৰু সিহঁতে যি কৰ্ম কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব, আৰু সিহঁতে যিটো বিষয়কলৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।
अरबी व्याख्याहरू:
فَاِذَا مَسَّ الْاِنْسَانَ ضُرٌّ دَعَانَا ؗ— ثُمَّ اِذَا خَوَّلْنٰهُ نِعْمَةً مِّنَّا ۙ— قَالَ اِنَّمَاۤ اُوْتِیْتُهٗ عَلٰی عِلْمٍ ؕ— بَلْ هِیَ فِتْنَةٌ وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟
এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰোঁ তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।
अरबी व्याख्याहरू:
قَدْ قَالَهَا الَّذِیْنَ مِنْ قَبْلِهِمْ فَمَاۤ اَغْنٰی عَنْهُمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟
নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
अरबी व्याख्याहरू:
فَاَصَابَهُمْ سَیِّاٰتُ مَا كَسَبُوْا ؕ— وَالَّذِیْنَ ظَلَمُوْا مِنْ هٰۤؤُلَآءِ سَیُصِیْبُهُمْ سَیِّاٰتُ مَا كَسَبُوْا ۙ— وَمَا هُمْ بِمُعْجِزِیْنَ ۟
এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰতেই আপতিত হৈছে; আৰু ইহঁতৰ মাজৰ যিসকলে যুলুম কৰে, ইহঁতৰ ওপৰতো শীঘ্ৰেই ইহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম আপতিত হ’ব, আৰু ইহঁতে (সেই শাস্তিক কেতিয়াও) ৰোধ কৰিব নোৱাৰিব।
अरबी व्याख्याहरू:
اَوَلَمْ یَعْلَمُوْۤا اَنَّ اللّٰهَ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟۠
সিহঁতে নাজানে নেকি যে, আল্লাহে যাৰ বাবে ইচ্ছা কৰে তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিতও কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
अरबी व्याख्याहरू:
قُلْ یٰعِبَادِیَ الَّذِیْنَ اَسْرَفُوْا عَلٰۤی اَنْفُسِهِمْ لَا تَقْنَطُوْا مِنْ رَّحْمَةِ اللّٰهِ ؕ— اِنَّ اللّٰهَ یَغْفِرُ الذُّنُوْبَ جَمِیْعًا ؕ— اِنَّهٗ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟
(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা (কেতিয়াও) নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।
अरबी व्याख्याहरू:
وَاَنِیْبُوْۤا اِلٰی رَبِّكُمْ وَاَسْلِمُوْا لَهٗ مِنْ قَبْلِ اَنْ یَّاْتِیَكُمُ الْعَذَابُ ثُمَّ لَا تُنْصَرُوْنَ ۟
আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।
अरबी व्याख्याहरू:
وَاتَّبِعُوْۤا اَحْسَنَ مَاۤ اُنْزِلَ اِلَیْكُمْ مِّنْ رَّبِّكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَكُمُ الْعَذَابُ بَغْتَةً وَّاَنْتُمْ لَا تَشْعُرُوْنَ ۟ۙ
আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (গ্ৰন্থ) অৱতীৰ্ণ কৰা হৈছে, তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (যেতিয়া সেই শাস্তি আহিব) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।
अरबी व्याख्याहरू:
اَنْ تَقُوْلَ نَفْسٌ یّٰحَسْرَتٰی عَلٰی مَا فَرَّطْتُ فِیْ جَنْۢبِ اللّٰهِ وَاِنْ كُنْتُ لَمِنَ السّٰخِرِیْنَ ۟ۙ
পিছত যাতে কোনোৱেই ক'বলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলোঁ! আৰু মই উপহাসকাৰী বিলাকৰ অন্তৰ্ভুক্ত আছিলোঁ’।
अरबी व्याख्याहरू:
 
अर्थको अनुवाद सूरः: ज्जुमर
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - असामी अनुवादः रफीकुल इस्लाम हबीबुर रहमान । - अनुवादहरूको सूची

रफिकुल इस्लाम हबिबुर रहमानले अनुवाद गरेका हुन्।

बन्द गर्नुस्