Check out the new design

पवित्र कुरअानको अर्थको अनुवाद - असामी अनुवादः रफीकुल इस्लाम हबीबुर रहमान । * - अनुवादहरूको सूची

PDF XML CSV Excel API
Please review the Terms and Policies

अर्थको अनुवाद सूरः: हूद   श्लोक:
وَلَوْ شَآءَ رَبُّكَ لَجَعَلَ النَّاسَ اُمَّةً وَّاحِدَةً وَّلَا یَزَالُوْنَ مُخْتَلِفِیْنَ ۟ۙ
আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা উম্মতত পৰিণত কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁতে সদায় মত-বিৰোধহে কৰি থাকিব,
अरबी व्याख्याहरू:
اِلَّا مَنْ رَّحِمَ رَبُّكَ ؕ— وَلِذٰلِكَ خَلَقَهُمْ ؕ— وَتَمَّتْ كَلِمَةُ رَبِّكَ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ اَجْمَعِیْنَ ۟
কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে। কাৰণ এই বাবেই তেওঁলোকক তেওঁ সৃষ্টি কৰিছে, লগতে তোমাৰ প্ৰতিপালকৰ এই কথাও চূড়ান্ত হৈছে যে, ‘নিশ্চিতভাৱে আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম পূৰ্ণ কৰিম’।
अरबी व्याख्याहरू:
وَكُلًّا نَّقُصُّ عَلَیْكَ مِنْ اَنْۢبَآءِ الرُّسُلِ مَا نُثَبِّتُ بِهٖ فُؤَادَكَ ۚ— وَجَآءَكَ فِیْ هٰذِهِ الْحَقُّ وَمَوْعِظَةٌ وَّذِكْرٰی لِلْمُؤْمِنِیْنَ ۟
আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছোঁ, যাৰ দ্বাৰা আমি তোমাৰ মনক সুদৃঢ় কৰোঁ, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰলৈ আহিছে উপদেশ আৰু স্মৰণ।
अरबी व्याख्याहरू:
وَقُلْ لِّلَّذِیْنَ لَا یُؤْمِنُوْنَ اعْمَلُوْا عَلٰی مَكَانَتِكُمْ ؕ— اِنَّا عٰمِلُوْنَ ۟ۙ
আৰু (হে নবী!) যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজৰ নিজৰ অৱস্থানত কাম কৰি যোৱা, আমিও আমাৰ কাম কৰি আছোঁ’।
अरबी व्याख्याहरू:
وَانْتَظِرُوْا ۚ— اِنَّا مُنْتَظِرُوْنَ ۟
‘এতেকে তোমালোকেও প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছোঁ’।
अरबी व्याख्याहरू:
وَلِلّٰهِ غَیْبُ السَّمٰوٰتِ وَالْاَرْضِ وَاِلَیْهِ یُرْجَعُ الْاَمْرُ كُلُّهٗ فَاعْبُدْهُ وَتَوَكَّلْ عَلَیْهِ ؕ— وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟۠
আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। কাৰণ তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।
अरबी व्याख्याहरू:
 
अर्थको अनुवाद सूरः: हूद
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - असामी अनुवादः रफीकुल इस्लाम हबीबुर रहमान । - अनुवादहरूको सूची

रफिकुल इस्लाम हबिबुर रहमानले अनुवाद गरेका हुन्।

बन्द गर्नुस्