Check out the new design

पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद आयत: (58) सूरह: न्नूर
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لِیَسْتَاْذِنْكُمُ الَّذِیْنَ مَلَكَتْ اَیْمَانُكُمْ وَالَّذِیْنَ لَمْ یَبْلُغُوا الْحُلُمَ مِنْكُمْ ثَلٰثَ مَرّٰتٍ ؕ— مِنْ قَبْلِ صَلٰوةِ الْفَجْرِ وَحِیْنَ تَضَعُوْنَ ثِیَابَكُمْ مِّنَ الظَّهِیْرَةِ وَمِنْ بَعْدِ صَلٰوةِ الْعِشَآءِ ۫ؕ— ثَلٰثُ عَوْرٰتٍ لَّكُمْ ؕ— لَیْسَ عَلَیْكُمْ وَلَا عَلَیْهِمْ جُنَاحٌ بَعْدَهُنَّ ؕ— طَوّٰفُوْنَ عَلَیْكُمْ بَعْضُكُمْ عَلٰی بَعْضٍ ؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকৰ দাস-দাসী আৰু তোমালোকৰ ল’ৰা-ছোৱালী যিবোৰ অপ্ৰাপ্তবয়স্ক, সিহঁতে তিনিটা সময়ত তোমালোকৰ কোঠাত প্ৰৱেশ কৰাৰ পূৰ্বে তোমালোকৰ পৰা অনুমতি লোৱা বাঞ্চনীয়। ফজৰৰ সময়ৰ পূৰ্বে, যেতিয়া ৰাতিৰ পোছাক সলাই দিনৰ পোছাক পৰিধান কৰা হয়। আৰু দুপুৰীয়াৰ সময়ত, যেতিয়া তোমালোকে কাপোৰ খুলি কিছু সময় বিশ্ৰাম কৰা। লগতে ঈশ্বাৰ চালাতৰ পিছত, যেতিয়া তোমালোকে দিনৰ কাপোৰ সলাই ৰাতিৰ কাপোৰ পৰিধান কৰা। এই তিনিটা সময় হৈছে তোমালোকৰ বাবে পৰ্দা কৰাৰ সময়। এই তিনিটা সময়ত সিহঁতে তোমালোকৰ অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু ইয়াৰ বাহিৰে বেলেগ সময়ত সিহঁতে অনুমতি নোলোৱাকৈ আহিব পাৰে, ইয়াৰ ফলত তোমালোকৰো গুনাহ নহ'ব আৰু সিহঁতৰো গুনাহ নহ'ব। কাৰণ তোমালোকে ইজনে সিজনৰ ওচৰত সদায় অহা-যোৱা কৰা, সেয়ে সিহঁতৰ অহা-যোৱাটো স্বাভাৱিক। গতিকে সদায় অনুমতি লৈ প্ৰৱেশ কৰাটো এটা কঠিন কাম। যিদৰে আল্লাহে তোমালোকৰ বাবে অনুমতি লোৱাৰ নিয়ম-নীতি স্পষ্টভাৱে বৰ্ণনা কৰিছে, ঠিক সেইদৰে আল্লাহে তোমালোকৰ বাবে সেইসমূহ আয়াতকো স্পষ্টভাৱে বৰ্ণনা কৰিছে যিবোৰত তেওঁৰ অন্যান্য আদেশ-নিষেধসমূহ বৰ্ণিত হৈছে। আল্লাহে তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে ভালকৈ অৱগত। তেওঁলোকৰ বাবে বিধান জাৰি কৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।
अरबी व्याख्याहरू:
यस पृष्ठको आयतहरूका लाभहरूमध्येबाट:
• اتباع الرسول صلى الله عليه وسلم علامة الاهتداء.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ হৈছে হিদায়ত লাভৰ প্ৰতীক।

• على الداعية بذل الجهد في الدعوة، والنتائج بيد الله.
ধৰ্মপ্ৰচাৰকসকলে সম্পূৰ্ণ প্ৰয়াসৰ সৈতে কাম কৰি যোৱা উচিত, আৰু পৰিণাম হৈছে আল্লাহৰ হাতত।

• الإيمان والعمل الصالح سبب التمكين في الأرض والأمن.
ঈমান আৰু সৎকৰ্ম হৈছে পৃথিৱীত প্ৰতিষ্ঠিত হোৱাৰ আৰু নিৰাপদ পৰিৱেশ সৃষ্টি কৰাৰ অন্যতম উপায়।

• تأديب العبيد والأطفال على الاستئذان في أوقات ظهور عورات الناس.
দাস-দাসী আৰু শিশুসকলক শিষ্টাচাৰ শিকোৱা উচিত যে, পৰ্দা কৰা সময়ছোৱাত (যেতিয়া মানুহে সচৰাচৰ কাপোৰ-কানি খুলি ৰাখে তেতিয়া) অনুমতি লৈ ঘৰত অথবা কোঠাত প্ৰৱেশ কৰা উচিত।

 
अर्थको अनुवाद आयत: (58) सूरह: न्नूर
सूरहरूको सूची पृष्ठ संख्या
 
पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुहोस्