Check out the new design

पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद आयत: (165) सूरह: बकरः
وَمِنَ النَّاسِ مَنْ یَّتَّخِذُ مِنْ دُوْنِ اللّٰهِ اَنْدَادًا یُّحِبُّوْنَهُمْ كَحُبِّ اللّٰهِ ؕ— وَالَّذِیْنَ اٰمَنُوْۤا اَشَدُّ حُبًّا لِّلّٰهِ ؕ— وَلَوْ یَرَی الَّذِیْنَ ظَلَمُوْۤا اِذْ یَرَوْنَ الْعَذَابَ ۙ— اَنَّ الْقُوَّةَ لِلّٰهِ جَمِیْعًا ۙ— وَّاَنَّ اللّٰهَ شَدِیْدُ الْعَذَابِ ۟
এই স্পষ্ট প্ৰমাণসমূহ আৰু নিদৰ্শনসমূহৰ পিছতো কিছুমান মানুহ এনেকুৱা আছে, যিসকলে আনক আল্লাহৰ সমকক্ষ আৰু সমতুল্য কৰি লয়। আৰু সিহঁতৰ লগতো তেনেকুৱাই মুহাব্বত কৰে যেনেকুৱা মুহাব্বত আল্লাহৰ লগত কৰে। আনহাতে এই অসত্য উপাস্যবোৰক ইহঁতে যিমান ভালপায় তাতোকৈ অধিক ঈমান্দাৰসকলে আল্লাহক ভালপায়। কিয়নো তেওঁলোকে কাকো আল্লাহৰ সমকক্ষ নকৰে। লগতে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহক ভালপায়। আনহাতে অসত্য উপাস্যবোৰৰ পূজাৰীসকলে কেৱল সুখৰ সময়ত সিহঁতক ভালপায় আৰু দুখৰ সময়ত কেৱল আল্লাহৰ ওচৰতহে প্ৰাৰ্থনা কৰে। শ্বিৰ্ক আৰু গুনাহত লিপ্ত যালিমসকলে আখিৰাতত শাস্তি দেখি সিহঁতৰ যি অৱস্থা হব সেয়া যদি আজি দেখিলেহেঁতেন তেন্তে বিশ্বাস কৰিলেহেঁতেন যে, বিশ্বজগতত কেৱল আল্লাহেই সৰ্বশক্তিমান। নিশ্চয় তেওঁ পাপিষ্ঠসকলক অতি কঠোৰ শাস্তি প্ৰদান কৰিব। যদি সিহঁতে সেই অৱস্থা দেখিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত অংশী স্থাপন নকৰিলেহেঁতেন।
अरबी व्याख्याहरू:
यस पृष्ठको आयतहरूका लाभहरूमध्येबाट:
• المؤمنون بالله حقًّا هم أعظم الخلق محبة لله؛ لأنهم يطيعونه على كل حال في السراء والضراء، ولا يشركون معه أحدًا.
আল্লাহৰ প্ৰতি প্ৰকৃত ঈমান পোষণ কৰা মুমিনে আল্লাহক আটাইতকৈ বেছি ভালপায়। কিয়নো এনেকুৱা ব্যক্তিয়ে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ লগত কাকো অংশী স্থাপন নকৰে।

• في يوم القيامة تنقطع كل الروابط، ويَبْرَأُ كل خليل من خليله، ولا يبقى إلا ما كان خالصًا لله تعالى.
কিয়ামতৰ দিনা সকলো ধৰণৰ সম্পৰ্ক বিচ্ছিন্ন হব। কোনো প্ৰিয় বন্ধুৱে আন কোনো বন্ধুৰ কোনো উপকাৰত নাহিব। অৱশেষত কেৱল বাকী থাকিব সেই আমল যিটো নিৰ্ভেজাল ভাৱে আল্লাহৰ বাবে কৰা হৈছিল।

• التحذير من كيد الشيطان لتنوع أساليبه وخفائها وقربها من مشتهيات النفس.
চয়তানৰ প্ৰৱঞ্চনাৰ পৰা সাৱধান কৰা হৈছে। কিয়নো সি বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰ কৰে। যিবোৰ অদৃশ্য আৰু মানৱ প্ৰকৃতিৰ অনুকূল হয়।

 
अर्थको अनुवाद आयत: (165) सूरह: बकरः
सूरहरूको सूची पृष्ठ संख्या
 
पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुहोस्