Check out the new design

पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद आयत: (16) सूरह: कहफ
وَاِذِ اعْتَزَلْتُمُوْهُمْ وَمَا یَعْبُدُوْنَ اِلَّا اللّٰهَ فَاْوٗۤا اِلَی الْكَهْفِ یَنْشُرْ لَكُمْ رَبُّكُمْ مِّنْ رَّحْمَتِهٖ وَیُهَیِّئْ لَكُمْ مِّنْ اَمْرِكُمْ مِّرْفَقًا ۟
যিহেতু তোমালোকে নিজ সম্প্ৰদায়ৰ পৰা নিলগীয়া হৈছা, লগতে আল্লাহৰ বাহিৰে সিহঁতে উপাসনা কৰা সকলো উপাস্যক তোমালোকে পৰিত্যাগ কৰিছা, তথা তোমালোকে এক আল্লাহৰ বাহিৰে আন কোনো উপাস্যৰ ইবাদত নকৰা, সেয়েহে এতিয়া তোমালোকে নিজৰ দ্বীন ৰক্ষা কৰি কোনো গুহাত আশ্ৰয় লোৱাগৈ, য'ত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ দয়া বিস্তাৰ কৰিব। সেই ৰহমতে তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিব। লগতে তোমালোকৰ বিষয়ক সুবিধাজনক আৰু উপকাৰী বনাই দিব, যাতে তোমালোকে নিজ সম্প্ৰদায়ৰ মাজত জীৱন-যাপনৰ পৰিপূৰক হয়।
अरबी व्याख्याहरू:
यस पृष्ठको आयतहरूका लाभहरूमध्येबाट:
• من حكمة الله وقدرته أن قَلَّبهم على جنوبهم يمينًا وشمالًا بقدر ما لا تفسد الأرض أجسامهم، وهذا تعليم من الله لعباده.
এয়া আল্লাহৰ হিকমত আৰু ক্ষমতাৰ অন্তৰ্ভুক্ত যে, তেৱেঁই তেওঁলোকক সময় অনুসাৰে কেতিয়াবা সোঁফালে আৰু কেতিয়াবা বাওঁফালে কাতি সলাই দিছিল, যাতে মাটিয়ে তেওঁলোকৰ শৰীৰ খাই নেপেলায়। এইটো আল্লাহৰ ফালৰ পৰা তেওঁৰ বান্দাসকলৰ বাবে এটা শিক্ষা।

• جواز اتخاذ الكلاب للحاجة والصيد والحراسة.
চিকাৰ তথা সুৰক্ষাৰ উদ্দেশ্যে প্ৰয়োজন অনুসাৰে কুকুৰ পোহা বৈধ।

• انتفاع الإنسان بصحبة الأخيار ومخالطة الصالحين حتى لو كان أقل منهم منزلة، فقد حفظ ذكر الكلب لأنه صاحَبَ أهل الفضل.
মানুহে সৎ তথা নেক লোকৰ সঙ্গ অৱলম্বন কৰি উপকৃত হোৱা উচিত, যদিও তেওঁলোকতকৈ তাৰ মৰ্যাদা যিমানেই কম নহওঁক কিয়, কিয়নো আল্লাহে এটা কুকুৰৰ বৰ্ণনাও সংৰক্ষণ কৰি ৰাখিছে, কাৰণ সি নেক লোকৰ সংস্পৰ্শত আছিল।

• دلت الآيات على مشروعية الوكالة، وعلى حسن السياسة والتلطف في التعامل مع الناس.
উক্ত আয়াতসমূহত প্ৰতিনিধি নিযুক্ত কৰাৰ প্ৰমাণ পোৱা যায়, এইদৰে মানুহৰ লগত ভাল ব্যৱহাৰ আৰু উত্তম নেতৃত্ব দিয়াৰো প্ৰমাণ পোৱা যায়।

 
अर्थको अनुवाद आयत: (16) सूरह: कहफ
सूरहरूको सूची पृष्ठ संख्या
 
पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुहोस्