Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: ജുമുഅഃ   ആയത്ത്:

আল-জুমুআহ

یُسَبِّحُ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ الْمَلِكِ الْقُدُّوْسِ الْعَزِیْزِ الْحَكِیْمِ ۟
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, যিজন অধিপতি, মহাপৱিত্ৰ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
അറബി തഫ്സീറുകൾ:
هُوَ الَّذِیْ بَعَثَ فِی الْاُمِّیّٖنَ رَسُوْلًا مِّنْهُمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِهٖ وَیُزَكِّیْهِمْ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ ۗ— وَاِنْ كَانُوْا مِنْ قَبْلُ لَفِیْ ضَلٰلٍ مُّبِیْنٍ ۟ۙ
তেৱেঁই উম্মীসকলৰ মাজত সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছে, যিজনে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱাত কৰে, সিহঁতক পৱিত্ৰ কৰে আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে; যদিও ইতিপূৰ্বে সিহঁত আছিল ঘোৰ বিভ্ৰান্তিত;
അറബി തഫ്സീറുകൾ:
وَّاٰخَرِیْنَ مِنْهُمْ لَمَّا یَلْحَقُوْا بِهِمْ ؕ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
আৰু সিহঁতৰ মাজৰ পৰা অন্যান্যসকলৰ প্ৰতিও, (এই ৰাছুলকেই প্ৰেৰণ কৰা হৈছে) যিসকলে এতিয়াও সিহঁতৰ লগত মিলিত হোৱা নাই আৰু আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
അറബി തഫ്സീറുകൾ:
ذٰلِكَ فَضْلُ اللّٰهِ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟
এইটো আল্লাহৰেই অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাক সেয়া দান কৰে; আৰু আল্লাহ মহানুগ্ৰহৰ অধিকাৰী।
അറബി തഫ്സീറുകൾ:
مَثَلُ الَّذِیْنَ حُمِّلُوا التَّوْرٰىةَ ثُمَّ لَمْ یَحْمِلُوْهَا كَمَثَلِ الْحِمَارِ یَحْمِلُ اَسْفَارًا ؕ— بِئْسَ مَثَلُ الْقَوْمِ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِ اللّٰهِ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟
যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! যিয়ে বহু কিতাবৰ বোজা বহন কৰে। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত, যিসকলে আল্লাহৰ আয়াতসমূহক মিছা বুলি অমান্য কৰে; (জানি থোৱা) আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
അറബി തഫ്സീറുകൾ:
قُلْ یٰۤاَیُّهَا الَّذِیْنَ هَادُوْۤا اِنْ زَعَمْتُمْ اَنَّكُمْ اَوْلِیَآءُ لِلّٰهِ مِنْ دُوْنِ النَّاسِ فَتَمَنَّوُا الْمَوْتَ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
কোৱা, হে ইয়াহুদীসকল! যদি তোমালোকে ভাবা যে, আন আন মানুহৰ বাহিৰে অকল তোমালোকেই আল্লাহৰ বন্ধু, তেন্তে তোমালোকে মৃত্যু কামনা কৰা যদি তোমালোকে সত্যবাদী।
അറബി തഫ്സീറുകൾ:
وَلَا یَتَمَنَّوْنَهٗۤ اَبَدًا بِمَا قَدَّمَتْ اَیْدِیْهِمْ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ۟
কিন্তু সিহঁতৰ হাতে আগলৈ যি প্ৰেৰণ কৰিছে তাৰ কাৰণে সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক অৱগত।
അറബി തഫ്സീറുകൾ:
قُلْ اِنَّ الْمَوْتَ الَّذِیْ تَفِرُّوْنَ مِنْهُ فَاِنَّهٗ مُلٰقِیْكُمْ ثُمَّ تُرَدُّوْنَ اِلٰی عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟۠
কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা, সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব। তাৰ পিছত তোমালোকক প্ৰত্যাৱৰ্তন কৰোৱা হ’ব গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব তোমালোকে যি আমল কৰিছিলা।
അറബി തഫ്സീറുകൾ:
 
പരിഭാഷ അദ്ധ്യായം: ജുമുഅഃ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അവസാനിപ്പിക്കുക