Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: മുഅ്മിനൂൻ   ആയത്ത്:
بَلْ اَتَیْنٰهُمْ بِالْحَقِّ وَاِنَّهُمْ لَكٰذِبُوْنَ ۟
বৰং আমি সিহঁতৰ ওচৰলৈ সত্য আনিছোঁ; নিশ্চয় সিহঁত মিছলীয়া।
അറബി തഫ്സീറുകൾ:
مَا اتَّخَذَ اللّٰهُ مِنْ وَّلَدٍ وَّمَا كَانَ مَعَهٗ مِنْ اِلٰهٍ اِذًا لَّذَهَبَ كُلُّ اِلٰهٍ بِمَا خَلَقَ وَلَعَلَا بَعْضُهُمْ عَلٰی بَعْضٍ ؕ— سُبْحٰنَ اللّٰهِ عَمَّا یَصِفُوْنَ ۟ۙ
আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো উপাস্যও নাই; যদি থাকিলহেঁতেন তেন্তে প্ৰত্যেক ইলাহে নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ’লহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পৱিত্ৰ অতি মহান!
അറബി തഫ്സീറുകൾ:
عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَتَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟۠
গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।
അറബി തഫ്സീറുകൾ:
قُلْ رَّبِّ اِمَّا تُرِیَنِّیْ مَا یُوْعَدُوْنَ ۟ۙ
কোৱা, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা---
അറബി തഫ്സീറുകൾ:
رَبِّ فَلَا تَجْعَلْنِیْ فِی الْقَوْمِ الظّٰلِمِیْنَ ۟
‘তেনেহ’লে, হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।
അറബി തഫ്സീറുകൾ:
وَاِنَّا عَلٰۤی اَنْ نُّرِیَكَ مَا نَعِدُهُمْ لَقٰدِرُوْنَ ۟
আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, নিশ্চয় সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।
അറബി തഫ്സീറുകൾ:
اِدْفَعْ بِالَّتِیْ هِیَ اَحْسَنُ السَّیِّئَةَ ؕ— نَحْنُ اَعْلَمُ بِمَا یَصِفُوْنَ ۟
তুমি সৎকৰ্মৰ দ্বাৰা অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
അറബി തഫ്സീറുകൾ:
وَقُلْ رَّبِّ اَعُوْذُ بِكَ مِنْ هَمَزٰتِ الشَّیٰطِیْنِ ۟ۙ
আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।
അറബി തഫ്സീറുകൾ:
وَاَعُوْذُ بِكَ رَبِّ اَنْ یَّحْضُرُوْنِ ۟
‘লগতে কোৱা, হে মোৰ প্ৰতিপালক! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতিৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।
അറബി തഫ്സീറുകൾ:
حَتّٰۤی اِذَا جَآءَ اَحَدَهُمُ الْمَوْتُ قَالَ رَبِّ ارْجِعُوْنِ ۟ۙ
অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰলৈ মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! মোক আকৌ (পৃথিৱীলৈ) ওভতাই দিয়া,
അറബി തഫ്സീറുകൾ:
لَعَلِّیْۤ اَعْمَلُ صَالِحًا فِیْمَا تَرَكْتُ كَلَّا ؕ— اِنَّهَا كَلِمَةٌ هُوَ قَآىِٕلُهَا ؕ— وَمِنْ وَّرَآىِٕهِمْ بَرْزَخٌ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟
যাতে মই সৎকৰ্ম কৰিব পাৰোঁ যিটো মই আগতে কৰা নাছিলোঁ। নহয়, এইটো কেতিয়াও নহ'ব। সি যি কৈছে নিশ্চয় সেইটো হৈছে এটা বাক্যমাত্ৰ। পুনৰুত্থানৰ দিৱসলৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।
അറബി തഫ്സീറുകൾ:
فَاِذَا نُفِخَ فِی الصُّوْرِ فَلَاۤ اَنْسَابَ بَیْنَهُمْ یَوْمَىِٕذٍ وَّلَا یَتَسَآءَلُوْنَ ۟
এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱেই কাৰো খা-খবৰ নল’ব,
അറബി തഫ്സീറുകൾ:
فَمَنْ ثَقُلَتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
এতেকে যিসকলৰ তুলাচনী গধূৰ হ’ব তেওঁলোকেই হ’ব সফলকাম,
അറബി തഫ്സീറുകൾ:
وَمَنْ خَفَّتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ فِیْ جَهَنَّمَ خٰلِدُوْنَ ۟ۚ
আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।
അറബി തഫ്സീറുകൾ:
تَلْفَحُ وُجُوْهَهُمُ النَّارُ وَهُمْ فِیْهَا كٰلِحُوْنَ ۟
জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁতে তাত থাকিব বীভৎস চেহেৰালৈ;
അറബി തഫ്സീറുകൾ:
 
പരിഭാഷ അദ്ധ്യായം: മുഅ്മിനൂൻ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അവസാനിപ്പിക്കുക