Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: ഇസ്റാഅ്   ആയത്ത്:
اِلَّا رَحْمَةً مِّنْ رَّبِّكَ ؕ— اِنَّ فَضْلَهٗ كَانَ عَلَیْكَ كَبِیْرًا ۟
কিন্তু এয়া প্ৰত্যাহাৰ নকৰাটো হৈছে তোমাৰ প্ৰতিপালকৰ দয়া; নিশ্চয় তোমাৰ প্ৰতি আছে তেওঁৰ মহা অনুগ্ৰহ।
അറബി തഫ്സീറുകൾ:
قُلْ لَّىِٕنِ اجْتَمَعَتِ الْاِنْسُ وَالْجِنُّ عَلٰۤی اَنْ یَّاْتُوْا بِمِثْلِ هٰذَا الْقُرْاٰنِ لَا یَاْتُوْنَ بِمِثْلِهٖ وَلَوْ كَانَ بَعْضُهُمْ لِبَعْضٍ ظَهِیْرًا ۟
কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব, যদিও সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে’।
അറബി തഫ്സീറുകൾ:
وَلَقَدْ صَرَّفْنَا لِلنَّاسِ فِیْ هٰذَا الْقُرْاٰنِ مِنْ كُلِّ مَثَلٍ ؗ— فَاَبٰۤی اَكْثَرُ النَّاسِ اِلَّا كُفُوْرًا ۟
আৰু নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই কুফৰী নকৰাকৈ ক্ষান্ত হোৱা নাই।
അറബി തഫ്സീറുകൾ:
وَقَالُوْا لَنْ نُّؤْمِنَ لَكَ حَتّٰی تَفْجُرَ لَنَا مِنَ الْاَرْضِ یَنْۢبُوْعًا ۟ۙ
আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা;
അറബി തഫ്സീറുകൾ:
اَوْ تَكُوْنَ لَكَ جَنَّةٌ مِّنْ نَّخِیْلٍ وَّعِنَبٍ فَتُفَجِّرَ الْاَنْهٰرَ خِلٰلَهَا تَفْجِیْرًا ۟ۙ
‘অথবা তোমাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা বাগিচা হ’ব, যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা’,
അറബി തഫ്സീറുകൾ:
اَوْ تُسْقِطَ السَّمَآءَ كَمَا زَعَمْتَ عَلَیْنَا كِسَفًا اَوْ تَاْتِیَ بِاللّٰهِ وَالْمَلٰٓىِٕكَةِ قَبِیْلًا ۟ۙ
‘অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড-বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিয়া, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰা’,
അറബി തഫ്സീറുകൾ:
اَوْ یَكُوْنَ لَكَ بَیْتٌ مِّنْ زُخْرُفٍ اَوْ تَرْقٰی فِی السَّمَآءِ ؕ— وَلَنْ نُّؤْمِنَ لِرُقِیِّكَ حَتّٰی تُنَزِّلَ عَلَیْنَا كِتٰبًا نَّقْرَؤُهٗ ؕ— قُلْ سُبْحَانَ رَبِّیْ هَلْ كُنْتُ اِلَّا بَشَرًا رَّسُوْلًا ۟۠
‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে এখন কিতাব অৱতীৰ্ণ নকৰিবা, যিখন আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ প্ৰতিপালক! মই হৈছোঁ কেৱল এজন মানুহ, তথা ৰাছুল’।
അറബി തഫ്സീറുകൾ:
وَمَا مَنَعَ النَّاسَ اَنْ یُّؤْمِنُوْۤا اِذْ جَآءَهُمُ الْهُدٰۤی اِلَّاۤ اَنْ قَالُوْۤا اَبَعَثَ اللّٰهُ بَشَرًا رَّسُوْلًا ۟
আৰু যেতিয়া মানুহৰ ওচৰলৈ হিদায়ত আহিল, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিলে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’?
അറബി തഫ്സീറുകൾ:
قُلْ لَّوْ كَانَ فِی الْاَرْضِ مَلٰٓىِٕكَةٌ یَّمْشُوْنَ مُطْمَىِٕنِّیْنَ لَنَزَّلْنَا عَلَیْهِمْ مِّنَ السَّمَآءِ مَلَكًا رَّسُوْلًا ۟
কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিব পাৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰলৈ ফিৰিস্তাকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিলোঁহেঁতেন’।
അറബി തഫ്സീറുകൾ:
قُلْ كَفٰی بِاللّٰهِ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ؕ— اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟
কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট; নিশ্চয় তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত, পূৰ্ণদ্ৰষ্টা’।
അറബി തഫ്സീറുകൾ:
 
പരിഭാഷ അദ്ധ്യായം: ഇസ്റാഅ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അവസാനിപ്പിക്കുക