Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: ഹൂദ്   ആയത്ത്:
یَقْدُمُ قَوْمَهٗ یَوْمَ الْقِیٰمَةِ فَاَوْرَدَهُمُ النَّارَ ؕ— وَبِئْسَ الْوِرْدُ الْمَوْرُوْدُ ۟
ক্বিয়ামতৰ দিনা সি তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সিয়েই সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেইটো অত্যন্ত নিকৃষ্ট উপনীত হোৱাৰ স্থান!
അറബി തഫ്സീറുകൾ:
وَاُتْبِعُوْا فِیْ هٰذِهٖ لَعْنَةً وَّیَوْمَ الْقِیٰمَةِ ؕ— بِئْسَ الرِّفْدُ الْمَرْفُوْدُ ۟
আৰু অভিশাপে সিহঁতক এই পৃথিৱীতো লগ এৰা নাছিল আৰু ক্বিয়ামতৰ দিনাও নেৰিব। সেইটো কিমান যে নিকৃষ্ট পুৰস্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব!
അറബി തഫ്സീറുകൾ:
ذٰلِكَ مِنْ اَنْۢبَآءِ الْقُرٰی نَقُصُّهٗ عَلَیْكَ مِنْهَا قَآىِٕمٌ وَّحَصِیْدٌ ۟
এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলোঁ। এইবোৰৰ কিছুমান এতিয়াও বিদ্যমান আছে আৰু কিছুমান নিৰ্মূল হৈছে।
അറബി തഫ്സീറുകൾ:
وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ ظَلَمُوْۤا اَنْفُسَهُمْ فَمَاۤ اَغْنَتْ عَنْهُمْ اٰلِهَتُهُمُ الَّتِیْ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ مِنْ شَیْءٍ لَّمَّا جَآءَ اَمْرُ رَبِّكَ ؕ— وَمَا زَادُوْهُمْ غَیْرَ تَتْبِیْبٍ ۟
আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলোঁ, সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। দৰাচলতে যেতিয়া তোমাৰ প্ৰতিপালকৰ (শাস্তিৰ) নিৰ্দেশ আহি পাইছিল, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত অহা নাছিল; ওলোটা সিহঁতে সিহঁতৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।
അറബി തഫ്സീറുകൾ:
وَكَذٰلِكَ اَخْذُ رَبِّكَ اِذَاۤ اَخَذَ الْقُرٰی وَهِیَ ظَالِمَةٌ ؕ— اِنَّ اَخْذَهٗۤ اَلِیْمٌ شَدِیْدٌ ۟
যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।
അറബി തഫ്സീറുകൾ:
اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّمَنْ خَافَ عَذَابَ الْاٰخِرَةِ ؕ— ذٰلِكَ یَوْمٌ مَّجْمُوْعٌ ۙ— لَّهُ النَّاسُ وَذٰلِكَ یَوْمٌ مَّشْهُوْدٌ ۟
নিশ্চয় ইয়াত আছে সেই ব্যক্তিৰ বাবে নিদৰ্শন, যিয়ে আখিৰাতক ভয় কৰে। সেইটো হ’ব এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইদিনা সকলোকে উপস্থিত কৰা হ’ব;
അറബി തഫ്സീറുകൾ:
وَمَا نُؤَخِّرُهٗۤ اِلَّا لِاَجَلٍ مَّعْدُوْدٍ ۟ؕ
আৰু আমি সেইটোক কেৱল নিৰ্দিষ্ট এটা সময়ৰ বাবে বিলম্বিত কৰিছোঁ।
അറബി തഫ്സീറുകൾ:
یَوْمَ یَاْتِ لَا تَكَلَّمُ نَفْسٌ اِلَّا بِاِذْنِهٖ ۚ— فَمِنْهُمْ شَقِیٌّ وَّسَعِیْدٌ ۟
যেতিয়া সেই দিৱসটো আহিব তেতিয়া আল্লাহৰ অনুমতি অবিহনে কোনেও কথাও ক’ব নোৱাৰিব; এতেকে সিহঁতৰ মাজৰ কিছুমান হ’ব দুৰ্ভগীয়া আৰু কিছুমান হ’ব সৌভাগ্যৱান।
അറബി തഫ്സീറുകൾ:
فَاَمَّا الَّذِیْنَ شَقُوْا فَفِی النَّارِ لَهُمْ فِیْهَا زَفِیْرٌ وَّشَهِیْقٌ ۟ۙ
ফলত যিসকল দুৰ্ভগীয়া হ’ব সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত সিহঁতে ভীষণ চিঞৰ আৰু আৰ্তনাদ কৰি থাকিব।
അറബി തഫ്സീറുകൾ:
خٰلِدِیْنَ فِیْهَا مَا دَامَتِ السَّمٰوٰتُ وَالْاَرْضُ اِلَّا مَا شَآءَ رَبُّكَ ؕ— اِنَّ رَبَّكَ فَعَّالٌ لِّمَا یُرِیْدُ ۟
তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।
അറബി തഫ്സീറുകൾ:
وَاَمَّا الَّذِیْنَ سُعِدُوْا فَفِی الْجَنَّةِ خٰلِدِیْنَ فِیْهَا مَا دَامَتِ السَّمٰوٰتُ وَالْاَرْضُ اِلَّا مَا شَآءَ رَبُّكَ ؕ— عَطَآءً غَیْرَ مَجْذُوْذٍ ۟
আনহাতে যিসকল সৌভাগ্যৱান তেওঁলোক থাকিব জান্নাতত। তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰস্কাৰ।
അറബി തഫ്സീറുകൾ:
 
പരിഭാഷ അദ്ധ്യായം: ഹൂദ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അവസാനിപ്പിക്കുക