Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിൻ്റ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ അദ്ധ്യായം: അഅ്ലാ   ആയത്ത്:

আল-আ'লা

സൂറത്തിൻ്റെ അവതരണ ലക്ഷ്യങ്ങളിൽ പെട്ടതാണ്:
تذكير النفس بالحياة الأخروية، وتخليصها من التعلقات الدنيوية.
মানুহৰ অন্তৰক পৰকালৰ জীৱনৰ লগত সংযোগ স্থাপন কৰোৱা আৰু পৃথিৱীৰ চেনেহ-প্ৰীতিৰ পৰা মুক্ত কৰাৰ প্ৰয়াস কৰা।

سَبِّحِ اسْمَ رَبِّكَ الْاَعْلَی ۟ۙ
আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰক, যিজন তেওঁৰ সৃষ্টিৰ পৰা বহু ঊৰ্দ্ধত আৰু আল্লাহক সন্মান সহকাৰে মুখেৰে উচ্চাৰণ কৰি স্মৰণ কৰক।
അറബി തഫ്സീറുകൾ:
الَّذِیْ خَلَقَ فَسَوّٰی ۟
যিজনে মানুহক সঠিকৰূপে সৃষ্টি কৰিছে আৰু উত্তম আকাৰ আকৃতি প্ৰদান কৰিছে।
അറബി തഫ്സീറുകൾ:
وَالَّذِیْ قَدَّرَ فَهَدٰی ۟
আৰু যিজনে সকলো সৃষ্টিৰ প্ৰকাৰ, বৰ্গ আৰু বিশেষতা নিৰ্ধাৰণ কৰিছে আৰু প্ৰত্যেক সৃষ্টিক তাৰ বাবে উচিত তথা অনুকূলীয় বস্তু প্ৰদান কৰিছে।
അറബി തഫ്സീറുകൾ:
وَالَّذِیْۤ اَخْرَجَ الْمَرْعٰی ۟
আৰু যিজনে তোমালোকৰ জন্তুৰ বাবে মাটিৰ পৰা ঘাঁহ- বন গজাইছে।
അറബി തഫ്സീറുകൾ:
فَجَعَلَهٗ غُثَآءً اَحْوٰی ۟ؕ
আকৌ সেই সেউজীয়া ঘাঁহবোৰ শুকাই কলা বৰণৰ আহাৰ বনাইছে।
അറബി തഫ്സീറുകൾ:
سَنُقْرِئُكَ فَلَا تَنْسٰۤی ۟ۙ
হে ৰাছুল! অনতিপলমে আমি আপোনাক কোৰআন পাঠ কৰাম আৰু আপোনাৰ অন্তৰত বহাই দিম তাৰ পিছত আপুনি তাক কেতিয়াও নাপাৰিব। গতিকে আপুনি জিব্ৰীলৰ আগে আগে কোৰআন নপঢ়িব, যিদৰে আপুনি পাহৰি যোৱাৰ ভয়ত আগে আগে পঢ়ে।
അറബി തഫ്സീറുകൾ:
اِلَّا مَا شَآءَ اللّٰهُ ؕ— اِنَّهٗ یَعْلَمُ الْجَهْرَ وَمَا یَخْفٰی ۟ؕ
কেৱল যাক আল্লাহে কিবা হিকমতৰ কাৰণে পাহৰাব বিচাৰে। নিশ্চয় আল্লাহ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
അറബി തഫ്സീറുകൾ:
وَنُیَسِّرُكَ لِلْیُسْرٰی ۟ۚۖ
আমি আপোনাৰ বাবে আল্লাহে সন্তুষ্ট হোৱা আমলবোৰ সহজ কৰি দিম, যিবোৰে জান্নাতত প্ৰৱেশ কৰাব।
അറബി തഫ്സീറുകൾ:
فَذَكِّرْ اِنْ نَّفَعَتِ الذِّكْرٰی ۟ؕ
আপুনি মানুহক কোৰআনৰ দ্বাৰা উপদেশ দিয়ক যাৰ অহী আপোনাৰ প্ৰতি কৰিছো আৰু স্মৰণ কৰাওক যেতিয়ালৈকে স্মৰণ শুনাৰ শক্তি আছে।
അറബി തഫ്സീറുകൾ:
سَیَذَّكَّرُ مَنْ یَّخْشٰی ۟ۙ
আপোনাৰ উপদেশ আৰু শিক্ষাৰ পৰা সেই ব্যক্তি নিশ্চয় শিক্ষা গ্ৰহণ কৰিব যিয়ে আল্লাহক ভয় কৰে। কিয়নো সিহঁতেই উপদেশৰ পৰা উপকৃত হয়।
അറബി തഫ്സീറുകൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• تحفظ الملائكة الإنسان وأعماله خيرها وشرها ليحاسب عليها.
ফিৰিস্তা সকলে মানুহক আৰু মানুহৰ ভাল-বেয়া কৰ্মবোৰক সংৰক্ষণ কৰে, যাতে তাৰ হিচাপ-নিকাচ লোৱা হয়।

• ضعف كيد الكفار إذا قوبل بكيد الله سبحانه.
আল্লাহৰ কৌশলৰ আগত কাফিৰৰ ষড়যন্ত্ৰবোৰ অতি দূৰ্বল।

• خشية الله تبعث على الاتعاظ.
আল্লাহৰ ভয়ে উপদেশ গ্ৰহণত উদ্বুদ্ধ কৰে।

 
പരിഭാഷ അദ്ധ്യായം: അഅ്ലാ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിൻ്റ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അവസാനിപ്പിക്കുക