Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിൻ്റ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ അദ്ധ്യായം: മആരിജ്   ആയത്ത്:

আল-মাআৰিজ

സൂറത്തിൻ്റെ അവതരണ ലക്ഷ്യങ്ങളിൽ പെട്ടതാണ്:
بيان حال وجزاء الخلق يوم القيامة.
কিয়ামতৰ দিনা মখলুকৰ প্ৰতিদান আৰু অৱস্থা সম্পৰ্কে বৰ্ণনা।

سَاَلَ سَآىِٕلٌۢ بِعَذَابٍ وَّاقِعٍ ۟ۙ
মুশ্বৰিক বিলাকৰ মাজৰ এজন ব্যক্তিয়ে স্বয়ং নিজৰ বাবে আৰু নিজ জাতিৰ বিৰুদ্ধে উপহাস স্বৰূপে শাস্তি বিচাৰিছিল। অথচ সেই শাস্তি ক্বিয়ামতৰ দিনা আহিবই।
അറബി തഫ്സീറുകൾ:
لِّلْكٰفِرِیْنَ لَیْسَ لَهٗ دَافِعٌ ۟ۙ
আল্লাহক অস্বীকাৰকাৰী বিলাকৰ বাবে। এই শাস্তি কোনেও দূৰ কৰিব নোৱাৰে।
അറബി തഫ്സീറുകൾ:
مِّنَ اللّٰهِ ذِی الْمَعَارِجِ ۟ؕ
আল্লাহৰ তৰফৰ পৰা, যিয়ে উচ্চতা, পদ মৰ্যদা, উত্কৃষ্টতাৰে বিশেষিত আৰু অনুগ্ৰহৰ গৰাকী।
അറബി തഫ്സീറുകൾ:
تَعْرُجُ الْمَلٰٓىِٕكَةُ وَالرُّوْحُ اِلَیْهِ فِیْ یَوْمٍ كَانَ مِقْدَارُهٗ خَمْسِیْنَ اَلْفَ سَنَةٍ ۟ۚ
যাৰ ফালে ফিৰিস্তা আৰু জিব্ৰীল আলাইহিছ ছালামে সেই স্তৰ সমূহৰ মাধ্যমেৰে ক্বিয়ামতৰ দিনা উঠিব। যিটো বহুত দীঘল দিন হ’ব, যাৰ পৰিমাণ পঞ্চাছ হাজাৰ বছৰ হ’ব।
അറബി തഫ്സീറുകൾ:
فَاصْبِرْ صَبْرًا جَمِیْلًا ۟
হে ৰাছুল, আপুনি ধৈৰ্য ধাৰণ কৰক। হতাশ নহব আৰু মুখেৰে অভিযোগমূলক কোনো শব্দ নুলিয়াব।
അറബി തഫ്സീറുകൾ:
اِنَّهُمْ یَرَوْنَهٗ بَعِیْدًا ۟ۙ
সিহঁতে এই শাস্তিক বহুত দূৰত তথা অসম্ভৱ বুলি ভাবে।
അറബി തഫ്സീറുകൾ:
وَّنَرٰىهُ قَرِیْبًا ۟ؕ
আৰু আমি ইয়াক নিচেই ওচৰত তথা নিশ্চিতৰূপে চাই আছো।
അറബി തഫ്സീറുകൾ:
یَوْمَ تَكُوْنُ السَّمَآءُ كَالْمُهْلِ ۟ۙ
যিদিনা আকাশ গলিত তাম, সোণ আদিৰ দৰে হ’ব।
അറബി തഫ്സീറുകൾ:
وَتَكُوْنُ الْجِبَالُ كَالْعِهْنِ ۟ۙ
আৰু পাহাৰবোৰ শূন্যত উৰি থকা কপাহৰ দৰে পাতল হ’ব।
അറബി തഫ്സീറുകൾ:
وَلَا یَسْـَٔلُ حَمِیْمٌ حَمِیْمًا ۟ۚۖ
আৰু কোনো নিকটৱৰ্তী বন্ধুৱে নিকটৱৰ্তী বন্ধুৰ খবৰ নলব। কিয়নো প্ৰত্যেক ব্যক্তি নিজৰ বাবে ব্যস্ত থাকিব।
അറബി തഫ്സീറുകൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• تنزيه القرآن عن الشعر والكهانة.
কোৰআন কোনো কবিতা নহয় আৰু কাহানীও নহয়।

• خطر التَّقَوُّل على الله والافتراء عليه سبحانه.
আল্লাহৰ নামত কোনো মনেসজা কথা ৰচনা কৰা আৰু তাৰ প্ৰতি আৰোপ কৰাৰ ভয়াৱহতা।

• الصبر الجميل الذي يحتسب فيه الأجر من الله ولا يُشكى لغيره.
উত্তম ধৈৰ্য হৈছে যাৰ ভিতৰত আল্লাহৰ পৰা পৰিণামৰ আশা কৰা হয় আৰু তেওঁৰ বাহিৰে কাৰো ওচৰত কোনো আবেদন নকৰা।

 
പരിഭാഷ അദ്ധ്യായം: മആരിജ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിൻ്റ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അവസാനിപ്പിക്കുക