Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിൻ്റ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ അദ്ധ്യായം: അഹ്ഖാഫ്   ആയത്ത്:

আল-আহক্বাফ

സൂറത്തിൻ്റെ അവതരണ ലക്ഷ്യങ്ങളിൽ പെട്ടതാണ്:
بيان حاجة البشريّة للرسالة وإنذار المعرضين عنها.
মানৱ জীৱনত ৰাছুলৰ কিমান প্ৰয়োজন সেই কথাৰ বৰ্ণনা কৰা হৈছে, আৰু ইয়াৰ পৰা বিমুখ হোৱা লোকসকলক সাৱধান কৰা হৈছে।

حٰمٓ ۟ۚ
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
അറബി തഫ്സീറുകൾ:
تَنْزِیْلُ الْكِتٰبِ مِنَ اللّٰهِ الْعَزِیْزِ الْحَكِیْمِ ۟
মহাপ্ৰভূত্বশালী আল্লাহৰ ফালৰ পৰা এই কোৰআন অৱতীৰ্ণ হৈছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
അറബി തഫ്സീറുകൾ:
مَا خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَاۤ اِلَّا بِالْحَقِّ وَاَجَلٍ مُّسَمًّی ؕ— وَالَّذِیْنَ كَفَرُوْا عَمَّاۤ اُنْذِرُوْا مُعْرِضُوْنَ ۟
আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা গোটেই বস্তুবোৰ আমি অনৰ্থক সৃষ্টি কৰা নাই। বৰং সেইবোৰক আমি সত্য সহকাৰে সৃষ্টি কৰিছোঁ তথা গুৰুত্বপূৰ্ণ হিকমতসহ সৃষ্টি কৰিছোঁ। তাৰে এটা হিকমত হৈছে এই যে, যাতে বান্দাসকলে ইয়াৰ মাধ্যমত নিজ প্ৰতিপালকক চিনিব পাৰে আৰু তেওঁৰ ইবাদত কৰে, লগতে তেওঁৰ সৈতে যাতে কাকো অংশীদাৰ স্থাপন নকৰে। তথা এটা নিৰ্ধাৰিত সময়লৈকে যিটো কেৱল একমাত্ৰ আল্লাহেই জানে, সেই সময়ছোৱাত পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ দাবীসমূহ যাতে সিহঁতে পূৰণ কৰে। আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতে সেই বিষয়বোৰৰ পৰা বিমুখ হৈ আছে, যিবোৰ বিষয় সম্পৰ্কে আল্লাহৰ কিতাবত সতৰ্ক কৰা হৈছে। সিহঁতে সেইবোৰক কোনো ভ্ৰূক্ষেপ নকৰে।
അറബി തഫ്സീറുകൾ:
قُلْ اَرَءَیْتُمْ مَّا تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ اَرُوْنِیْ مَاذَا خَلَقُوْا مِنَ الْاَرْضِ اَمْ لَهُمْ شِرْكٌ فِی السَّمٰوٰتِ ؕ— اِیْتُوْنِیْ بِكِتٰبٍ مِّنْ قَبْلِ هٰذَاۤ اَوْ اَثٰرَةٍ مِّنْ عِلْمٍ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
হে ৰাছুল! সত্যৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক আপুনি সোধক, কোৱাচোন! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰে পৃথিৱীৰ কি কি বস্তু সৃষ্টি কৰিছে? সেইবোৰে পাহাৰ-পৰ্বত সৃষ্টি কৰিছে নেকি? নে সেইবোৰে নদ-নদী সৃষ্টি কৰিছে? নাইবা সিহঁতে আকাশমণ্ডল সৃষ্টিৰ ক্ষেত্ৰত আল্লাহক সহায় কৰিছে নেকি? যদি তোমালোকৰ এই মূৰ্ত্তিবোৰ সঁচাই উপাসনাৰ যোগ্য তেন্তে ইয়াৰ সপক্ষে কোৰআনৰ পূৰ্বে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা কোনো গ্ৰন্থৰ পৰা নাইবা পূৰ্বৱৰ্তী লোকসকলে এৰি থৈ যোৱা কোনো জ্ঞান উপস্থাপন কৰাচোন।
അറബി തഫ്സീറുകൾ:
وَمَنْ اَضَلُّ مِمَّنْ یَّدْعُوْا مِنْ دُوْنِ اللّٰهِ مَنْ لَّا یَسْتَجِیْبُ لَهٗۤ اِلٰی یَوْمِ الْقِیٰمَةِ وَهُمْ عَنْ دُعَآىِٕهِمْ غٰفِلُوْنَ ۟
সেই ব্যক্তিতকৈ অধিক পথভ্ৰষ্ট আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্ত্তিবোৰৰ উপাসনা কৰে, যিবোৰে কিয়ামত পৰ্যন্ত সিহঁতৰ কোনো প্ৰাৰ্থনাৰ সঁহাৰি দিব নোৱাৰে। আল্লাহৰ বাহিৰে উপাসনা কৰা এই মূৰ্ত্তিবোৰে লাভ-ক্ষতি কৰাতো দূৰৰ কথা, নিজৰ উপাসক বিলাকৰ প্ৰাৰ্থনা সম্পৰ্কেও অনভিজ্ঞ।
അറബി തഫ്സീറുകൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الاستهزاء بآيات الله كفر.
আল্লাহৰ আয়াতসমূহক উপহাস কৰা হৈছে কুফৰী কৰ্ম।

• خطر الاغترار بلذات الدنيا وشهواتها.
পাৰ্থিৱ জীৱনৰ লোভ, মোহ, চাহিদা আদি হৈছে ক্ষতিকৰ।

• ثبوت صفة الكبرياء لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘মহিমা’ৰ প্ৰমাণ পোৱা গ’ল।

• إجابة الدعاء من أظهر أدلة وجود الله سبحانه وتعالى واستحقاقه العبادة.
আল্লাহৰ অস্তিত্বৰ সপক্ষে দুআ কবূল হোৱাটোও এটা স্পষ্ট প্ৰমাণ, আৰু তেৱেঁই ইবাদতৰ যোগ্য।

 
പരിഭാഷ അദ്ധ്യായം: അഹ്ഖാഫ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിൻ്റ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അവസാനിപ്പിക്കുക