Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിൻ്റ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ അദ്ധ്യായം: ഖസസ്   ആയത്ത്:

আল-ক্বাচাচ

സൂറത്തിൻ്റെ അവതരണ ലക്ഷ്യങ്ങളിൽ പെട്ടതാണ്:
سنة الله في تمكين المؤمنين المستضعفين وإهلاك الطغاة المستكبرين.
আল্লাহৰ নীতি হৈছে তেওঁ দুৰ্বল মুমিনসকলক প্ৰতিষ্ঠা কৰে, আৰু অহংকাৰী স্বৈৰাচাৰী পাপিষ্ঠবিলাকক ধ্বংস কৰে।

طٰسٓمّٓ ۟
(ত্ব-ছীন-মীম) ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।
അറബി തഫ്സീറുകൾ:
تِلْكَ اٰیٰتُ الْكِتٰبِ الْمُبِیْنِ ۟
এইবোৰ হৈছে স্পষ্ট কোৰআনৰ আয়াত।
അറബി തഫ്സീറുകൾ:
نَتْلُوْا عَلَیْكَ مِنْ نَّبَاِ مُوْسٰی وَفِرْعَوْنَ بِالْحَقِّ لِقَوْمٍ یُّؤْمِنُوْنَ ۟
আমি আপোনাক সত্য সহকাৰে মুছা আৰু ফিৰআউনৰ সংবাদ পাঠ কৰি শুনাই আছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই; সেইসকল লোকৰ উদ্দেশ্যে যিসকলে ঈমান আনিছে। কাৰণ তেওঁলোকেই এনেকুৱা ঘটনাৰ দ্বাৰা উপকৃত হয়।
അറബി തഫ്സീറുകൾ:
اِنَّ فِرْعَوْنَ عَلَا فِی الْاَرْضِ وَجَعَلَ اَهْلَهَا شِیَعًا یَّسْتَضْعِفُ طَآىِٕفَةً مِّنْهُمْ یُذَبِّحُ اَبْنَآءَهُمْ وَیَسْتَحْیٖ نِسَآءَهُمْ ؕ— اِنَّهٗ كَانَ مِنَ الْمُفْسِدِیْنَ ۟
নিশ্চয় ফিৰআউনে মিচৰৰ ভূমিত উপদ্ৰৱ সৃষ্টি কৰিছিল, তথা তাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। লগতে মিচৰৰ অধিবাসীসকলক বিভিন্ন গোটত বিভক্ত কৰিছিল। সেইবোৰৰ মাজৰ এটা গোটক অৰ্থাৎ বনী ইছৰাঈলক দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ মাজৰ পুৰুষসকলক হত্যা কৰিছিল আৰু নাৰীসকলক সিহঁতৰ সেৱা আগবঢ়োৱাৰ বাবে জীৱিত ৰাখিছিল, যাতে সেই গোত্ৰটোক অধিক অপমানিত কৰিব পৰা যায়। নিঃসন্দেহে ফিৰআউন আছিল এজন অত্যাচাৰী, বিদ্ৰূহী তথা অহংকাৰী ব্যক্তি, যিজনে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।
അറബി തഫ്സീറുകൾ:
وَنُرِیْدُ اَنْ نَّمُنَّ عَلَی الَّذِیْنَ اسْتُضْعِفُوْا فِی الْاَرْضِ وَنَجْعَلَهُمْ اَىِٕمَّةً وَّنَجْعَلَهُمُ الْوٰرِثِیْنَ ۟ۙ
মিচৰৰ ভূমিত বনী ইছৰাঈলক দুৰ্বল কৰি ৰখা ফিৰআউনক ধ্বংস কৰি তথা বনী ইছৰাঈলৰ দুৰ্বলতা আঁতৰাই তেওঁলোকক সত্যৰ প্ৰতিনিধি বনাই, মই মোৰ দয়াৰ পাত্ৰ বনাব বিচাৰিছিলোঁ। লগতে আমি ফিৰআউনক ধ্বংস কৰাৰ পিছত তেওঁলোকক বৰকতময় শ্বাম (ছিৰিয়া) দেশৰ উত্তৰাধিকাৰী বনাব বিচাৰিছিলোঁ। যেনেঃ আল্লাহ তাআলাই কৈছেঃ ﴿وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَاۖ...﴾অৰ্থাৎ যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত সাম্ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলোঁ।
അറബി തഫ്സീറുകൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الإيمان والعمل الصالح سببا النجاة من الفزع يوم القيامة.
ঈমান আৰু সৎকৰ্ম হৈছে কিয়ামতৰ দিনা ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰাৰ উপায়।

• الكفر والعصيان سبب في دخول النار.
কুফৰ আৰু পাপকৰ্ম হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ।

• تحريم القتل والظلم والصيد في الحرم.
হৰমৰ সীমাৰেখাৰ ভিতৰত অন্যায়-অত্যাচাৰ আৰু হত্যা আদি সম্পূৰূপে নিষিদ্ধ।

• النصر والتمكين عاقبة المؤمنين.
সহায় আৰু বিজয় লাভ কৰাটোৱে হৈছে মুমিনসকলৰ শেষ পৰিণতি।

 
പരിഭാഷ അദ്ധ്യായം: ഖസസ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിൻ്റ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അവസാനിപ്പിക്കുക