Check out the new design

Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. * - Vertimų turinys


Reikšmių vertimas Aja (Korano eilutė): (95) Sūra: Al-Ma’idah’
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقْتُلُوا الصَّیْدَ وَاَنْتُمْ حُرُمٌ ؕ— وَمَنْ قَتَلَهٗ مِنْكُمْ مُّتَعَمِّدًا فَجَزَآءٌ مِّثْلُ مَا قَتَلَ مِنَ النَّعَمِ یَحْكُمُ بِهٖ ذَوَا عَدْلٍ مِّنْكُمْ هَدْیًا بٰلِغَ الْكَعْبَةِ اَوْ كَفَّارَةٌ طَعَامُ مَسٰكِیْنَ اَوْ عَدْلُ ذٰلِكَ صِیَامًا لِّیَذُوْقَ وَبَالَ اَمْرِهٖ ؕ— عَفَا اللّٰهُ عَمَّا سَلَفَ ؕ— وَمَنْ عَادَ فَیَنْتَقِمُ اللّٰهُ مِنْهُ ؕ— وَاللّٰهُ عَزِیْزٌ ذُو انْتِقَامٍ ۟
হে ঈমান্দাৰসকল! হজ্জ তথা ওমৰাৰ ইহৰাম অৱস্থাত চিকাৰ নকৰিবা। জানি বুজি যিয়ে এই কাম কৰিব, সি উট, গৰু, তথা ছাগলীৰ মাজৰ পৰা চিকাৰ কৰা পশু অনুসৰি এটা জন্তু বিনিময় স্বৰূপ দিব লাগিব। যিটো নিৰ্ণয় কৰিব মুছলিমসকলৰ দুজন ন্যায়পৰায়ণ ব্যক্তিয়ে। আৰু যি পশু তেওঁলোকে নিৰ্ধাৰণ কৰিব, সেই পশুকো তেনেকুৱাই কৰা হ'ব যেনেকুৱা হজ্জত কৰা কুৰবানীৰ লগত কৰা হয়। সেই পশুক মক্কাত প্ৰেৰণ কৰা হ'ব তথা হৰমত জৱেহ কৰা হ'ব, নাইবা চিকাৰ কৰা ব্যক্তিয়ে সেই পশুৰ মূল্য খাদ্য পদাৰ্থ ৰূপত আদায় দিব লাগিব, যিবোৰ হৰমত থকা মিছকিনৰ মাজত বিতৰণ কৰা হ'ব। প্ৰত্যেক মিছকিনক আধা ছা (৩০০০ মিলি. লি. আয়াতনৰ এটা পাত্ৰক এক ছা পৰিমাণ বোলা হয়) আদায় দিব লাগিব। নাইবা প্ৰত্যেক আধা ছা-ৰ পৰিৱৰ্তে চওঁম পালন কৰিব লাগিব। এইটো হৈছে সি অবৈধ ভাৱে চিকাৰ কৰাৰ পৰিণাম। পূৰ্বৰ বিষয়বোৰ আল্লাহে ক্ষমা কৰিছে, হৰমত চিকাৰ কৰাৰ বিষয় হওঁক অথবা ইহৰাম অৱস্থাত স্থলত থকা পশু চিকাৰৰ বিষয়। কিন্তু নিষিদ্ধ ঘোষিত হোৱাৰ পিছতো যিয়ে এনেকুৱা কৰ্ম কৰিব, আল্লাহে ইয়াৰ প্ৰতিশোধ লব, আৰু তাক তাৰ কৰ্মৰ শাস্তি দিব। আল্লাহ মহাশক্তিশালী, তেওঁৰ শক্তিৰ এটা দিশ এই যে, তেওঁ যদি কোনো অবাধ্য ব্যক্তিৰ পৰা প্ৰতিশোধ লব বিচাৰে, তেন্তে তেওঁক প্ৰতিৰোধকাৰী কোনো নাই।
Tafsyrai arabų kalba:
Šiame puslapyje pateiktų ajų nauda:
• عدم مؤاخذة الشخص بما لم يُحَرَّم أو لم يبلغه تحريمه.
যিটো বস্তু হাৰাম নহয় অথবা হাৰাম বুলি জনা নাথাকিলে, তাক সেই বিষয়ে সোধ-পোচ কৰা নহ'ব।

• تحريم الصيد على المحرم بالحج أو العمرة، وبيان كفارة قتله.
হজ্জ তথা উমৰাৰ এহৰামত থকা ব্যক্তিৰ বাবে চিকাৰ কৰা হাৰাম। এই অৱস্থাত চিকাৰ কৰিলে কাফফাৰা আদায় দিব লাগিব।

• من حكمة الله عز وجل في التحريم: ابتلاء عباده، وتمحيصهم، وفي الكفارة: الردع والزجر.
আল্লাহ তাআলাই কোনো বস্তু হাৰাম কৰাৰ এটা অন্যতম কাৰণ হৈছে, বান্দাক পৰীক্ষা কৰা। আনহাতে প্ৰায়শ্চিতৰ এটা হিকমত হৈছে,(বান্দাক ) বিৰত ৰখা তথা সাৱধান কৰা।

 
Reikšmių vertimas Aja (Korano eilutė): (95) Sūra: Al-Ma’idah’
Sūrų turinys Puslapio numeris
 
Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. - Vertimų turinys

Išleido Korano studijų interpretavimo centras.

Uždaryti