Check out the new design

Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. * - Vertimų turinys


Reikšmių vertimas Aja (Korano eilutė): (36) Sūra: An-Nisa
وَاعْبُدُوا اللّٰهَ وَلَا تُشْرِكُوْا بِهٖ شَیْـًٔا وَّبِالْوَالِدَیْنِ اِحْسَانًا وَّبِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَالْجَارِ ذِی الْقُرْبٰی وَالْجَارِ الْجُنُبِ وَالصَّاحِبِ بِالْجَنْۢبِ وَابْنِ السَّبِیْلِ ۙ— وَمَا مَلَكَتْ اَیْمَانُكُمْ ؕ— اِنَّ اللّٰهَ لَا یُحِبُّ مَنْ كَانَ مُخْتَالًا فَخُوْرَا ۟ۙ
আল্লাহৰ আদেশ পালন কৰি তেওঁৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাৰো উপাসনা নকৰিবা। পিতৃ-মাতৃক সন্মান কৰিবা আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিবা। আত্মীয়ৰ লগত, এতীমৰ লগত আৰু অভাৱী লোকৰ লগত ভাল ব্যৱহাৰ কৰিবা। আত্মীয় প্ৰতিবেশী তথা অনাত্মীয় প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰিবা। লগত থকা সঙ্গীৰ সৈতে ভাল ব্যৱহাৰ কৰিবা। ঘৰ পৰিয়ালৰ পৰা দূৰত থকা অপৰিচিত যাত্ৰীৰ লগতো ভাল ব্যৱহাৰ কৰিবা। তোমালোকৰ অধীনত থকা দাস-দাসীৰ প্ৰতিও ভাল ব্যৱহাৰ কৰিবা। নিশ্চয় আল্লাহে এনেকুৱা ব্যক্তিক পছন্দ নকৰে, যিয়ে আত্ম গৌৰৱী, মানুহৰ প্ৰতি অহংকাৰী লগতে যিয়ে মানুহৰ সন্মুখত অহংকাৰ কৰি নিজৰ প্ৰশংসা কৰে।
Tafsyrai arabų kalba:
Šiame puslapyje pateiktų ajų nauda:
• ثبوت قِوَامة الرجال على النساء بسبب تفضيل الله لهم باختصاصهم بالولايات، وبسبب ما يجب عليهم من الحقوق، وأبرزها النفقة على الزوجة.
পুৰুষসকল স্ত্ৰীসকলৰ সংৰক্ষক হোৱাৰ প্ৰমাণ। কাৰণ আল্লাহে পুৰুষসকলক অভিভাৱক হোৱাৰ বৈশিষ্ট্য প্ৰদান কৰিছে, লগতে এই কাৰণেও যে, পুৰুষসকলৰ ওপৰত স্ত্ৰীসকলৰ কেইবাটাও অধিকাৰ অনিবাৰ্য কৰা হৈছে। তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰটো হৈছে স্ত্ৰীৰ ভৰণ-পোষণৰ দায়িত্ব।

• التحذير من البغي وظلم المرأة في التأديب بتذكير العبد بقدرة الله عليه وعلوه سبحانه.
স্ত্ৰীক শাস্তি প্ৰদান কৰাৰ সময়ত তথা সিহঁতৰ প্ৰতি অন্যায় কৰাৰ সময়ত পুৰুষে মনত ৰখা উচিত যে, আল্লাহ তাৰ ওপৰত সৰ্বতোপ্ৰকাৰ শক্তি ৰাখে আৰু তেওঁ সুউচ্চ মহান অতি পৱিত্ৰ।

• التحذير من ذميم الأخلاق، كالكبر والتفاخر والبخل وكتم العلم وعدم تبيينه للناس.
উক্ত আয়াতসমূহৰ দ্বাৰা বেয়া ব্যৱহাৰৰ পৰা সাৱধান কৰা হৈছে, যেনে- অহংকাৰ, দাম্ভিকতা, কৃপণতা আৰু ইল্ম গোপন কৰা তথা মানুহৰ সন্মুখত প্ৰকাশ নকৰা।

 
Reikšmių vertimas Aja (Korano eilutė): (36) Sūra: An-Nisa
Sūrų turinys Puslapio numeris
 
Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. - Vertimų turinys

Išleido Korano studijų interpretavimo centras.

Uždaryti