Check out the new design

Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. * - Vertimų turinys


Reikšmių vertimas Aja (Korano eilutė): (73) Sūra: An-Nachl
وَیَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَا یَمْلِكُ لَهُمْ رِزْقًا مِّنَ السَّمٰوٰتِ وَالْاَرْضِ شَیْـًٔا وَّلَا یَسْتَطِیْعُوْنَ ۟ۚ
এই মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্তিৰ পূজা কৰে, যিবোৰে আকাশমণ্ডল তথা পৃথিৱীৰ পৰা সিহঁতক জীৱিকা প্ৰদান কৰিবলৈ সক্ষম নহয়। আৰু এয়া সিহঁতৰ অধীনতো নহয়। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ বস্তু, সেইবোৰৰ প্ৰাণো নাই, জ্ঞানো নাই।
Tafsyrai arabų kalba:
Šiame puslapyje pateiktų ajų nauda:
• لله تعالى الحكمة البالغة في قسمة الأرزاق بين العباد، إذ جعل منهم الغني والفقير والمتوسط؛ ليتكامل الكون، ويتعايش الناس، ويخدم بعضهم بعضًا.
আল্লাহে অতি উৎকৃষ্ট হিকমত সহকাৰে বান্দাসকলৰ মাজত জীৱিকা বন্টন কৰিছে। কাৰণ তেওঁ কিছুমানক ধনী বনাইছে আৰু কিছুমানক দৰিদ্ৰ বনাইছে, লগতে কিছুমানক বনাইছে মধ্যম বৰ্গীয়। যাতে মানুহে পৰস্পৰে মিলি পৃথিৱীক পৰিপূৰ্ণ কৰে, ইজনে সিজনৰ লগত মিলাপ্ৰীতিৰে জীৱন-যাপন কৰে, লগতে ইজনে সিজনৰ সেৱা আগবঢ়ায়।

• دَلَّ المثلان في الآيات على ضلالة المشركين وبطلان عبادة الأصنام؛ لأن شأن الإله المعبود أن يكون مالكًا قادرًا على التصرف في الأشياء، وعلى نفع غيره ممن يعبدونه، وعلى الأمر بالخير والعدل.
আয়াতত উল্লেখিত দুয়োটা উদাহৰণ মুশ্বৰিকসকলৰ পথভ্ৰষ্টতা আৰু মূৰ্তি পূজা বাতিল হোৱাৰ প্ৰমাণ। কিয়নো সত্য উপাস্যৰ পৰিচয় হৈছে, মালিক হোৱা উচিত, সকলো ক্ষেত্ৰতে ইচ্ছানুযায়ী নিয়ন্ত্ৰণ কৰিবলৈ ক্ষমতাৱান হোৱা উচিত। নিজৰ উপাসনাকাৰী সকলক উপকাৰ কৰাৰ সামৰ্থ থকা উচিত, লগতে কল্যাণ আৰু ন্যায়ৰ আদেশ দিয়া উচিত।

• من نعمه تعالى ومن مظاهر قدرته خلق الناس من بطون أمهاتهم لا علم لهم بشيء، ثم تزويدهم بوسائل المعرفة والعلم، وهي السمع والأبصار والأفئدة، فبها يعلمون ويدركون.
আল্লাহৰ এটা অন্যতম নিয়ামত আৰু তেওঁৰ ক্ষমতাৰ এটা প্ৰতীক এই যে, তেওঁ মানুহক সিহঁতৰ মাতৃগৰ্ভৰ পৰা জ্ঞানশূন্য কৰি ভূমিষ্ঠ কৰিছে। তেৱেঁই সিহঁতক জ্ঞান অৰ্জন কৰাৰ মাধ্যম যেনেঃ চকু, কাণ আৰু অন্তৰ আদি প্ৰদান কৰিছে। যিবোৰৰ দ্বাৰা সিহঁতে জ্ঞান অৰ্জন কৰে।

 
Reikšmių vertimas Aja (Korano eilutė): (73) Sūra: An-Nachl
Sūrų turinys Puslapio numeris
 
Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. - Vertimų turinys

Išleido Korano studijų interpretavimo centras.

Uždaryti