Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (197) ಅಧ್ಯಾಯ: ಅಲ್- ಬಕರ
اَلْحَجُّ اَشْهُرٌ مَّعْلُوْمٰتٌ ۚ— فَمَنْ فَرَضَ فِیْهِنَّ الْحَجَّ فَلَا رَفَثَ وَلَا فُسُوْقَ وَلَا جِدَالَ فِی الْحَجِّ ؕ— وَمَا تَفْعَلُوْا مِنْ خَیْرٍ یَّعْلَمْهُ اللّٰهُ ؔؕ— وَتَزَوَّدُوْا فَاِنَّ خَیْرَ الزَّادِ التَّقْوٰی ؗ— وَاتَّقُوْنِ یٰۤاُولِی الْاَلْبَابِ ۟
হজ্জৰ কেইটামান প্ৰসিদ্ধ মাহ আছে। সেইটো শ্বাৱালৰ পৰা আৰম্ভ হয় আৰু জুলহিজ্জা মাহৰ ১০ তাৰিখে সমাপ্ত হয়। যিয়ে এই মাহবোৰত হজ্জৰ বাবে নিয়ত কৰি ইহৰাম বান্ধিব, সেই ব্যক্তিয়ে (ইহৰাম অৱস্থাত) পত্নীৰ লগত সহবাস আৰু ইয়াৰ লগত জড়িত কামসমূহ কৰিব নোৱাৰিব। আৰু তাৰ বাবে, সময় আৰু স্থানৰ সন্মানৰ কাৰণে, গুনাহত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱাৰ পাপ আৰু বৃদ্ধি হব। এইদৰে এই দিনবোৰত এনেকুৱা বাদানুবাদ কৰাও হাৰাম যিটো ক্ৰোধ আৰু কাজিয়া সৃষ্টি কৰে। এতেকে তোমালোকে যি সত্কৰ্ম কৰিবা সেয়া আল্লাহে জানে আৰু তাৰ প্ৰতিদানো তেওঁ তোমালোকক প্ৰদান কৰিব। তথা তোমালোকে হজ্জ আদায় কৰা অৱস্থাত সেইবোৰ বস্তুৰ সহায় লোৱা যিবোৰ বস্তু তোমালোকৰ প্ৰয়োজন হয়, যেনে- খাদ্য সামগ্ৰী। লগতে জানি থোৱা! তোমালোকৰ সকলো বিষয়তে আটাইতকৈ সহায়ক হৈছে আল্লাহৰ তাক্বৱা বা ভয়। এতেকে হে সৎবুদ্ধিৰ অধিকাৰীসকল! মোৰ আদেশ পালন কৰি আৰু মই নিষেধ কৰা বস্তু পৰিত্যাগ কৰি, কেৱল মোকেই ভয় কৰা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• يجب على المؤمن التزود في سفر الدنيا وسفر الآخرة، ولذلك ذكر الله أن خير الزاد هو التقوى.
মুমিনসকলে দুনিয়া আৰু আখিৰাতৰ ভ্ৰমণৰ বাবে সম্বল সংগ্ৰহ কৰা উচিত। এই কাৰণেই আল্লাহে উল্লেখ কৰিছে যে, ভ্ৰমণৰ আটাইতকৈ উত্তম সম্বলটো হৈছে আল্লাহৰ তাক্বৱা।

• مشروعية الإكثار من ذكر الله تعالى عند إتمام نسك الحج.
ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, হজ্জৰ কাৰ্যাৱলী সমাপ্ত হোৱাৰ পিছত আল্লাহক বেছি বেছি স্মৰণ কৰিব লাগে।

• اختلاف مقاصد الناس؛ فمنهم من جعل همّه الدنيا، فلا يسأل ربه غيرها، ومنهم من يسأله خير الدنيا والآخرة، وهذا هو الموفَّق.
মানুহৰ উদ্দেশ্য বিভিন্ন ধৰণৰ। কিছুমানে পৃথিৱীকেই নিজৰ লক্ষ্যস্থান কৰি লৈছে। সেয়ে আল্লাহৰ ওচৰত ইয়াৰ বাহিৰে আন একো নিবিচাৰে। আনহাতে কিছুমান মানুহে নিজ প্ৰতিপালকৰ ওচৰত দুনিয়া আৰু আখিৰাত উভয় স্থানৰ কল্যাণ কামনা কৰে আৰু এনেকুৱা লোকসকলেই সত্কৰ্মৰ তাওফীক প্ৰাপ্ত হয়।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (197) ಅಧ್ಯಾಯ: ಅಲ್- ಬಕರ
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ