Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន * - មាតិកានៃការបកប្រែ

PDF XML CSV Excel API
Please review the Terms and Policies

ការបកប្រែអត្ថន័យ ជំពូក​: អាល់ម៉ាអ៊ីដះ   វាក្យខណ្ឌ:
لُعِنَ الَّذِیْنَ كَفَرُوْا مِنْ بَنِیْۤ اِسْرَآءِیْلَ عَلٰی لِسَانِ دَاوٗدَ وَعِیْسَی ابْنِ مَرْیَمَ ؕ— ذٰلِكَ بِمَا عَصَوْا وَّكَانُوْا یَعْتَدُوْنَ ۟
বনী ইছৰাঈলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল সিহঁত দাঊদ আৰু মাৰয়ামৰ পুত্ৰ ঈছাৰ মুখেৰে অভিশপ্ত হৈছিল। এইকাৰণে যে, সিহঁতে অবাধ্যতা কৰিছিল আৰু সিহঁতে সীমালংঘন কৰিছিল।
ការបកស្រាយជាភាសា​អារ៉ាប់:
كَانُوْا لَا یَتَنَاهَوْنَ عَنْ مُّنْكَرٍ فَعَلُوْهُ ؕ— لَبِئْسَ مَا كَانُوْا یَفْعَلُوْنَ ۟
সিহঁতে যিবোৰ গৰ্হিত কাম কৰিছিল সেইবোৰৰ পৰা সিহঁতে ইজনে সিজনক নিষেধ কৰা নাছিল। সিহঁতে কৰা কামবোৰ কিমান যে নিকৃষ্ট!
ការបកស្រាយជាភាសា​អារ៉ាប់:
تَرٰی كَثِیْرًا مِّنْهُمْ یَتَوَلَّوْنَ الَّذِیْنَ كَفَرُوْا ؕ— لَبِئْسَ مَا قَدَّمَتْ لَهُمْ اَنْفُسُهُمْ اَنْ سَخِطَ اللّٰهُ عَلَیْهِمْ وَفِی الْعَذَابِ هُمْ خٰلِدُوْنَ ۟
সিহঁতৰ মাজৰ বহুতকে তুমি কাফিৰসকলৰ লগত বন্ধুত্ব কৰা দেখিবলৈ পাবা। সিহঁতৰ অন্তৰে সিহঁতৰ বাবে যি পেচ কৰিছে (সিহঁতৰ কৃতকৰ্ম) সেয়া কিমান যে নিকৃষ্ট! সেই কাৰণে আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁত চিৰকাল শাস্তিতেই থাকিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَلَوْ كَانُوْا یُؤْمِنُوْنَ بِاللّٰهِ وَالنَّبِیِّ وَمَاۤ اُنْزِلَ اِلَیْهِ مَا اتَّخَذُوْهُمْ اَوْلِیَآءَ وَلٰكِنَّ كَثِیْرًا مِّنْهُمْ فٰسِقُوْنَ ۟
সিহঁতে যদি আল্লাহৰ প্ৰতি ঈমান আনিলেহেঁতেন আৰু নবীৰ প্ৰতি লগতে তেওঁৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ প্ৰতি ঈমান আনিলেহেঁতেন তেন্তে কাফিৰসকলক (কেতিয়াও) বন্ধুৰূপে গ্ৰহণ নকৰিলেহেঁতেন, কিন্তু সিহঁতৰ বেছিভাগেই হৈছে ফাছিক্ব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
لَتَجِدَنَّ اَشَدَّ النَّاسِ عَدَاوَةً لِّلَّذِیْنَ اٰمَنُوا الْیَهُوْدَ وَالَّذِیْنَ اَشْرَكُوْا ۚ— وَلَتَجِدَنَّ اَقْرَبَهُمْ مَّوَدَّةً لِّلَّذِیْنَ اٰمَنُوا الَّذِیْنَ قَالُوْۤا اِنَّا نَصٰرٰی ؕ— ذٰلِكَ بِاَنَّ مِنْهُمْ قِسِّیْسِیْنَ وَرُهْبَانًا وَّاَنَّهُمْ لَا یَسْتَكْبِرُوْنَ ۟
মুমিনসকলৰ সৈতে শত্ৰুতাৰ ক্ষেত্ৰত মানুহৰ মাজৰ পৰা ইয়াহুদী আৰু মুশ্বৰিকসকলকেই তুমি অধিক উগ্ৰ দেখিবলৈ পাবা। আনহাতে মুমিনসকলৰ বাবে বন্ধুত্বৰ দিশত আটাইতকৈ নিকটৱৰ্তী পাবা সেইসকল লোকক যিসকলে কয়, ‘আমি নাছাৰা’,। কাৰণ সিহঁতৰ মাজত বহুতো পণ্ডিত আৰু সংসাৰবিৰাগী আছে, যিসকলে অহংকাৰ নকৰে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاِذَا سَمِعُوْا مَاۤ اُنْزِلَ اِلَی الرَّسُوْلِ تَرٰۤی اَعْیُنَهُمْ تَفِیْضُ مِنَ الدَّمْعِ مِمَّا عَرَفُوْا مِنَ الْحَقِّ ۚ— یَقُوْلُوْنَ رَبَّنَاۤ اٰمَنَّا فَاكْتُبْنَا مَعَ الشّٰهِدِیْنَ ۟
আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা বাণী যেতিয়া সিহঁতে শুনে, তেতিয়া সিহঁতে যি সত্য উপলব্ধি কৰে তাৰ ফলত তুমি সিহঁতৰ চকু অশ্ৰুসিক্ত দেখিবলৈ পাবা। সিহঁতে কয়, ‘হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক সাক্ষ্য দানকাৰীসকলৰ তালিকাভুক্ত কৰা’।
ការបកស្រាយជាភាសា​អារ៉ាប់:
 
ការបកប្រែអត្ថន័យ ជំពូក​: អាល់ម៉ាអ៊ីដះ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន - មាតិកានៃការបកប្រែ

បកប្រែដោយលោករ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន។

បិទ