Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន * - មាតិកានៃការបកប្រែ

PDF XML CSV Excel API
Please review the Terms and Policies

ការបកប្រែអត្ថន័យ ជំពូក​: អាល់អាំពីយ៉ាក   វាក្យខណ្ឌ:
وَالَّتِیْۤ اَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِیْهَا مِنْ رُّوْحِنَا وَجَعَلْنٰهَا وَابْنَهَاۤ اٰیَةً لِّلْعٰلَمِیْنَ ۟
আৰু স্মৰণ কৰা সেইজনী নাৰীৰ কথা, যিয়ে নিজৰ লজ্জাস্থানক হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ ফুঁৱাই দিছিলোঁ। তেওঁক আৰু তেওঁৰ পুত্ৰক বিশ্ববাসীৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ।
ការបកស្រាយជាភាសា​អារ៉ាប់:
اِنَّ هٰذِهٖۤ اُمَّتُكُمْ اُمَّةً وَّاحِدَةً ۖؗ— وَّاَنَا رَبُّكُمْ فَاعْبُدُوْنِ ۟
নিশ্চয় তোমালোকৰ এই জাতি প্ৰকৃততে এটাই জাতি আৰু ময়েই তোমালোকৰ প্ৰতিপালক, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَتَقَطَّعُوْۤا اَمْرَهُمْ بَیْنَهُمْ ؕ— كُلٌّ اِلَیْنَا رٰجِعُوْنَ ۟۠
কিন্তু সিহঁতে নিজৰ কাৰ্যকলাপৰ মাজত বিভেদ সৃষ্টি কৰিছে। প্ৰত্যেকেই আমাৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।
ការបកស្រាយជាភាសា​អារ៉ាប់:
فَمَنْ یَّعْمَلْ مِنَ الصّٰلِحٰتِ وَهُوَ مُؤْمِنٌ فَلَا كُفْرَانَ لِسَعْیِهٖ ۚ— وَاِنَّا لَهٗ كٰتِبُوْنَ ۟
এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَحَرٰمٌ عَلٰی قَرْیَةٍ اَهْلَكْنٰهَاۤ اَنَّهُمْ لَا یَرْجِعُوْنَ ۟
আৰু আমি যি জনপদক ধ্বংস কৰিছোঁ তাৰ বাবে নিষেধাজ্ঞা আছে যে, নিশ্চয় তাৰ অধিবাসীসকলে কেতিয়াও ঘূৰি নাহিব,
ការបកស្រាយជាភាសា​អារ៉ាប់:
حَتّٰۤی اِذَا فُتِحَتْ یَاْجُوْجُ وَمَاْجُوْجُ وَهُمْ مِّنْ كُلِّ حَدَبٍ یَّنْسِلُوْنَ ۟
অৱশেষত যেতিয়া ইয়া’জুজ আৰু মা’জুজক মুক্তি দিয়া হ’ব আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاقْتَرَبَ الْوَعْدُ الْحَقُّ فَاِذَا هِیَ شَاخِصَةٌ اَبْصَارُ الَّذِیْنَ كَفَرُوْا ؕ— یٰوَیْلَنَا قَدْ كُنَّا فِیْ غَفْلَةٍ مِّنْ هٰذَا بَلْ كُنَّا ظٰلِمِیْنَ ۟
আৰু অমোঘ প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ’লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি এই বিষয়ে উদাসীন আছিলোঁ; বৰং আমি আছিলোঁ অন্যায়কাৰী’।
ការបកស្រាយជាភាសា​អារ៉ាប់:
اِنَّكُمْ وَمَا تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ حَصَبُ جَهَنَّمَ ؕ— اَنْتُمْ لَهَا وٰرِدُوْنَ ۟
নিশ্চয় তোমালোকে আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন; তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
لَوْ كَانَ هٰۤؤُلَآءِ اٰلِهَةً مَّا وَرَدُوْهَا ؕ— وَكُلٌّ فِیْهَا خٰلِدُوْنَ ۟
যদি সিহঁত ইলাহ হ’লহেঁতেন তেন্তে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন; আৰু সিহঁত আটায়ে তাত স্থায়ী হ’ব,
ការបកស្រាយជាភាសា​អារ៉ាប់:
لَهُمْ فِیْهَا زَفِیْرٌ وَّهُمْ فِیْهَا لَا یَسْمَعُوْنَ ۟
তাত থাকিব সিহঁতৰ চিঞৰ-বাখৰ আৰু আৰ্তনাদ, সেই কাৰণে সিহঁতে তাত একোৱে শুনা নাপাব;
ការបកស្រាយជាភាសា​អារ៉ាប់:
اِنَّ الَّذِیْنَ سَبَقَتْ لَهُمْ مِّنَّا الْحُسْنٰۤی ۙ— اُولٰٓىِٕكَ عَنْهَا مُبْعَدُوْنَ ۟ۙ
নিশ্চয় যিসকলৰ বাবে পূৰ্বৰে পৰা আমাৰ কল্যাণ নিৰ্ধাৰিত আছে তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
 
ការបកប្រែអត្ថន័យ ជំពូក​: អាល់អាំពីយ៉ាក
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន - មាតិកានៃការបកប្រែ

បកប្រែដោយលោករ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន។

បិទ