Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ ជំពូក​: អាត់ទូហា   វាក្យខណ្ឌ:

আদ-জুহা

គោល​បំណងនៃជំពូក:
بيان عناية الله بنبيه في أول أمره وآخره.
এই কথাৰ বৰ্ণনা যে, আল্লাহে তেওঁৰ নবীক প্ৰথমৰ পৰা শেষলৈকে গুৰুত্ব সহকাৰে দিশ-নিৰ্দেশনা দি আহিছে।

وَالضُّحٰی ۟ۙ
আল্লাহ তাআলাই দিনৰ প্ৰথম ভাগৰ শপত কৰিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَالَّیْلِ اِذَا سَجٰی ۟ۙ
আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীক অন্ধকাৰচ্ছন্ন কৰে আৰু মানুহে কাম-কাজ এৰি দিয়ে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
مَا وَدَّعَكَ رَبُّكَ وَمَا قَلٰی ۟ؕ
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাক পৰিত্যাগ কৰা নাই আৰু আপোনাৰ প্ৰতি অসন্তুষ্ট বা খঙও কৰা নাই। যিদৰে অহীৰ ধাৰাবাহিকতা কিছু দিনৰ বাবে বন্ধ হোৱাত মুশ্বৰিক সকলে কৈছিল।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَلَلْاٰخِرَةُ خَیْرٌ لَّكَ مِنَ الْاُوْلٰی ۟ؕ
আৰু আপোনাৰ বাবে পৰকালৰ ঘৰ পৃথিৱীতকৈ উত্তম। কিয়নো এনেকুৱা অনুগ্ৰহ যিটো কেতিয়াও শেষ নহয়।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَلَسَوْفَ یُعْطِیْكَ رَبُّكَ فَتَرْضٰی ۟ؕ
আৰু আল্লাহে আপোনাক তথা আপোনাৰ সম্প্ৰদায়ক প্ৰচুৰ পৰিমাণে অনূগ্ৰহ প্ৰদান কৰিব যে, আপুনি সন্তুষ্ট হৈ যাব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
اَلَمْ یَجِدْكَ یَتِیْمًا فَاٰوٰی ۪۟
নিশ্চয় তেওঁ আপোনাক এতিম অৱস্থাত পাইছিল, তেতিয়া আপোনাক নিৰাপদ স্থান প্ৰদান কৰিছিল। সেয়েহে আপোনাৰ প্ৰতি আপোনাৰ আজোককা আব্দুল মুত্তালিবৰ ছাঁ, তাৰ পিছত আপোনাৰ খুড়া আবু তালিবৰ ছাঁ প্ৰদান কৰিছিল।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَوَجَدَكَ ضَآلًّا فَهَدٰی ۪۟
আৰু আপোনাক এনেকুৱা অৱস্থাত পাইছিল যে, আপুনি কিতাপ আৰু ঈমান সম্পৰ্কে অৱগত নাছিল। সেয়েহে আপোনাক সেইবোৰ কথা শিকাই দিছে যিবোৰ আপুনি জনা নাছিল।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَوَجَدَكَ عَآىِٕلًا فَاَغْنٰی ۟ؕ
আৰু আপোনাক দুখীয়া পাইছিল, তাৰ পিছত তেৱেঁই আপোনাক ধনী বনাই দিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
فَاَمَّا الْیَتِیْمَ فَلَا تَقْهَرْ ۟ؕ
এতেকে কোনো এতিমৰ লগত দূৰ্ব্যৱহাৰ আৰু অপমান নকৰিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاَمَّا السَّآىِٕلَ فَلَا تَنْهَرْ ۟ؕ
আৰু কোনো ভিখাৰীক ধমক নিদিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ ۟۠
আল্লাহৰ অনুগ্ৰহৰ কৃতজ্ঞতা পালন কৰিব আৰু তাক বৰ্ণনা কৰিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• منزلة النبي صلى الله عليه وسلم عند ربه لا تدانيها منزلة.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যি মৰ্যদা আছে তেনেকুৱা মৰ্যদা আন কাৰো নাই।

• شكر النعم حقّ لله على عبده.
অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ।

• وجوب الرحمة بالمستضعفين واللين لهم.
দূৰ্বল ব্যক্তিৰ প্ৰতি দয়া কৰা আৰু তাৰ লগত নম্ৰ ব্যৱহাৰ কৰা জৰুৰী।

 
ការបកប្រែអត្ថន័យ ជំពូក​: អាត់ទូហា
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ