Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ ជំពូក​: នួហ   វាក្យខណ្ឌ:

নূহ

គោល​បំណងនៃជំពូក:
بيان منهج الدعوة للدعاة، من خلال قصة نوح.
নূহ আলাইহিচ্ছালামৰ ঘটনাৰ বৰ্ণনা কৰি দাঈসকলক (ধৰ্ম প্ৰচাৰকসকলক) দাৱাতৰ নীতি নিয়ম শিকাইছে।

اِنَّاۤ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ اَنْ اَنْذِرْ قَوْمَكَ مِنْ قَبْلِ اَنْ یَّاْتِیَهُمْ عَذَابٌ اَلِیْمٌ ۟
আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰিছিলো যাতে তেওঁ মানুহক আল্লাহৰ ফালে আহ্বান কৰে। শ্বিৰ্কৰ ফলত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তেওঁ যেন সিহঁতক সতৰ্ক কৰি দিয়ে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
قَالَ یٰقَوْمِ اِنِّیْ لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۙ
নূহ আলাইহিছ ছালামে নিজৰ সম্প্ৰদায়ৰ লোকক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকক স্পষ্টভাৱে সেই শাস্তিৰ পৰা সতৰ্ককাৰী, যদি তোমালোকে তাওবা নকৰা তেন্তে সেই শাস্তি তোমালোকৰ অপেক্ষাত আছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
اَنِ اعْبُدُوا اللّٰهَ وَاتَّقُوْهُ وَاَطِیْعُوْنِ ۟ۙ
আৰু এই কাৰণেই মই তোমালোকক কৈ আছো, একমাত্ৰ আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ লগত কাকো অংশীদাৰ নকৰিবা। এতেকে তোমালোকে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। আৰু মই তোমালোকক যি আদেশ কৰো সেয়া পালন কৰা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
یَغْفِرْ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرْكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ— اِنَّ اَجَلَ اللّٰهِ اِذَا جَآءَ لَا یُؤَخَّرُ ۘ— لَوْ كُنْتُمْ تَعْلَمُوْنَ ۟
যদি তোমালোকে এয়া কৰা তেন্তে আল্লাহে তোমালোকৰ সেই পাপসমূহ ক্ষমা কৰি দিব যিবোৰ বান্দাৰ অধিকাৰৰ লগত সম্বন্ধিত নহয়। আৰু আপোনাৰ সম্প্ৰদায়ৰ জীৱন এক নিৰ্দিষ্ট সময় লৈকে বৃদ্ধি কৰি দিব যিটো সময় আল্লাহে জানে। যেতিয়ালৈকে তোমালোকে ইয়াৰ প্ৰতি প্ৰতিষ্ঠিত থাকিবা তেতিয়ালৈকে পৃথিৱীত বসবাস কৰিব পাৰিবা। নিশ্চয় মৃত্যু যেতিয়া আহে তেতিয়া নিৰ্দিষ্টি সময়ৰ পৰা অলপো পলম নহয়। যদি তোমালোকে জানিলাহেঁতেন তেন্তে অনতিপলমে আল্লাহৰ প্ৰতি ঈমান আনিলাহেঁতন আৰু তোমালোকৰ এই শ্বিৰ্ক আৰু পথভ্ৰষ্টতাৰ পৰা তাওবা কৰিলাহেঁতেন।
ការបកស្រាយជាភាសា​អារ៉ាប់:
قَالَ رَبِّ اِنِّیْ دَعَوْتُ قَوْمِیْ لَیْلًا وَّنَهَارًا ۟ۙ
নূহ আলাইহিছ ছালামে কলেঃ হে মোৰ প্ৰতিপালক! মই মোৰ সম্প্ৰদায়ক তোমাৰ ইবাদত আৰু একত্ববাদৰ প্ৰতি ধাৰাবাহিক ভাৱে দিনে- ৰাতি আহ্বান কৰিছো।
ការបកស្រាយជាភាសា​អារ៉ាប់:
فَلَمْ یَزِدْهُمْ دُعَآءِیْۤ اِلَّا فِرَارًا ۟
কিন্তু মোৰ আহ্বানৰ পৰিণামত, সিহঁতৰ পলায়ন আৰু মোৰ সংবাদৰ পৰা আতঁৰি যোৱাটোহে বৃদ্ধি পাইছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاِنِّیْ كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوْۤا اَصَابِعَهُمْ فِیْۤ اٰذَانِهِمْ وَاسْتَغْشَوْا ثِیَابَهُمْ وَاَصَرُّوْا وَاسْتَكْبَرُوا اسْتِكْبَارًا ۟ۚ
আৰু মই যেতিয়াই সিহঁতক সেই বিষয়ৰ ফালে আহ্বান কৰিছো যাৰ ভিতৰত সিহঁতৰ পাপ ক্ষমা হোৱাৰ উপায় আছে যেনে, কেৱল এক আল্লাহৰ ইবাদত তথা তোমাৰ আৰু তোমাৰ ৰাছুলৰ আনূগত্য। তেতিয়া সিহঁতে মোৰ কথা নুশুনিবলৈ কাণৰ ভিতৰত আঙুলিৰে সোপা মাৰিছিল। আৰু মোক নেদেখিবলৈ সিহঁতে কাপোৰেৰে মুখখন ঢাকি লৈছিল। আৰু শ্বিৰ্কৰ প্ৰতি অটুট আছিল। আৰু মোৰ কথা স্বীকাৰ নকৰিবলৈ আৰু তাৰ আগত নত নহবলৈ অহংকাৰ আৰু অভিমান কৰিছিল।
ការបកស្រាយជាភាសា​អារ៉ាប់:
ثُمَّ اِنِّیْ دَعَوْتُهُمْ جِهَارًا ۟ۙ
তাৰ পিছত মই সিহঁতক (হে মোৰ প্ৰতিপালক) প্ৰকাশ্যভাৱে আহ্বান কৰিছো।
ការបកស្រាយជាភាសា​អារ៉ាប់:
ثُمَّ اِنِّیْۤ اَعْلَنْتُ لَهُمْ وَاَسْرَرْتُ لَهُمْ اِسْرَارًا ۟ۙ
আৰু মই উচ্চ স্বৰে আহ্বান কৰিছো আৰু গোপনভাৱেও আহ্বান কৰিছো। মই সিহঁতক মাতিবলৈ বেলেগ বেলেগ কৌশল অৱলম্বন কৰিছো।
ការបកស្រាយជាភាសា​អារ៉ាប់:
فَقُلْتُ اسْتَغْفِرُوْا رَبَّكُمْ ۫— اِنَّهٗ كَانَ غَفَّارًا ۟ۙ
গতিকে মই সিহঁতক কলোঃ হে মোৰ সম্প্ৰদায়! নিজৰ প্ৰতিপালকৰ ওচৰত তাওবা কৰা আৰু ক্ষমা বিচৰা। নিশ্চয় তেওঁ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ পাপসমূহ ক্ষমা কৰি দিয়ে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• خطر الغفلة عن الآخرة.
পৰকাল সম্পৰ্কে অৱহেলাৰ ক্ষতি।

• عبادة الله وتقواه سبب لغفران الذنوب.
আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ।

• الاستمرار في الدعوة وتنويع أساليبها حق واجب على الدعاة.
আল্লাহৰ ফালে আহ্বানকাৰী সকলৰ বাবে জৰুৰী যে, নিজৰ কামৰ ধাৰাবাহিকতা বজাই ৰখা আৰু তাৰ বাবে বেলেগ বেলেগ কৌশল অৱলম্বন কৰা।

یُّرْسِلِ السَّمَآءَ عَلَیْكُمْ مِّدْرَارًا ۟ۙ
যদি তোমালোকে এনেকুৱা কৰা তেন্তে প্ৰয়োজন অনুসৰি আল্লাহে তোমোলোকৰ প্ৰতি বৰষুণ বৰ্ষাব আৰু তোমালোকক কেতিয়াও দুৰ্ভিক্ষ নিদিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَّیُمْدِدْكُمْ بِاَمْوَالٍ وَّبَنِیْنَ وَیَجْعَلْ لَّكُمْ جَنّٰتٍ وَّیَجْعَلْ لَّكُمْ اَنْهٰرًا ۟ؕ
আৰু তোমালোকক অধিক মাত্ৰাত ধন- সম্পদ আৰু সন্তান প্ৰদান কৰিব। আৰু ফল খাবলৈ বাগান প্ৰদান কৰিব আৰু তোমালোকৰ বাবে নিজৰা প্ৰবাহিত কৰিব যাৰ পানী তোমালোকে নিজে পান কৰিব পাৰিবা আৰু তোমালোকৰ জীৱ- জন্তুয়েও পান কৰিব পাৰিব। তাৰ জৰিয়তে তোমালোকৰ খেতিত সিচিঁবলৈ পাবা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
مَا لَكُمْ لَا تَرْجُوْنَ لِلّٰهِ وَقَارًا ۟ۚ
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকৰ কি হৈছে যে, তোমালোকে আল্লাহৰ মহিমাক কিয় ভয় নকৰা আৰু বিনা সংকুচে তেওঁৰ অৱজ্ঞা কৰি আছা?
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَقَدْ خَلَقَكُمْ اَطْوَارًا ۟
যিহেতু তেওঁ তোমালোকক বিভিন্ন স্তৰৰ মাধ্যমত সৃষ্টি কৰিছে। পানীৰ টোপালৰ পৰা ৰক্তপিণ্ড, তাৰ পিছত মাংসপিণ্ড।
ការបកស្រាយជាភាសា​អារ៉ាប់:
اَلَمْ تَرَوْا كَیْفَ خَلَقَ اللّٰهُ سَبْعَ سَمٰوٰتٍ طِبَاقًا ۟ۙ
তোমালোকে দেখা নাই নে যে, আল্লাহ তাআলাই স্তৰে স্তৰে কেনেকৈ সাতখন আকাশ সৃষ্টি কৰিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَّجَعَلَ الْقَمَرَ فِیْهِنَّ نُوْرًا وَّجَعَلَ الشَّمْسَ سِرَاجًا ۟
আৰু ইয়াৰ ভিতৰত চন্দ্ৰক ৰাখিছে নিম্ন আকাশত পৃথিৱীবাসীসকলৰ বাবে পোহৰ হিচাপে, আৰু সূৰ্যক সৃষ্টি কৰিছে প্ৰদীপ হিচাপে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاللّٰهُ اَنْۢبَتَكُمْ مِّنَ الْاَرْضِ نَبَاتًا ۟ۙ
আৰু আল্লাহ তাআলাই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, কিয়নো তোমালোকৰ আদি পিতা আদম আলাইহিছ ছালামক মাটিৰে সৃষ্টি কৰিছে। এতেকে তোমালোকেও মাটিৰ পৰা গজোৱা উদ্ভিদ বা গছ- গছনিৰ পৰাই ভোজন কৰা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
ثُمَّ یُعِیْدُكُمْ فِیْهَا وَیُخْرِجُكُمْ اِخْرَاجًا ۟
আকৌ তোমালোকক মৃ্ত্যুৰ পিছত মাটিৰ ভিতৰতেই ওভতাই নিয়া হব। তাৰ পিছত তোমালোকক তাৰ পৰা পুনৰুত্থানৰ বাবে উঠোৱা হ’ব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاللّٰهُ جَعَلَ لَكُمُ الْاَرْضَ بِسَاطًا ۟ۙ
তাৰ পিছত আল্লাহ তাআলাই পৃথিৱীখনক তোমালোকৰ বাবে বিচনাৰ দৰে বিস্তৃত কৰিছে থকা- মিলাৰ বাবে উপযোগী বনাইছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
لِّتَسْلُكُوْا مِنْهَا سُبُلًا فِجَاجًا ۟۠
যাতে তাৰ বিভিন্ন প্ৰশস্ত পথেৰে বৈধ জীৱিকাৰ বাবে চলাচল কৰিব পাৰা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
قَالَ نُوْحٌ رَّبِّ اِنَّهُمْ عَصَوْنِیْ وَاتَّبَعُوْا مَنْ لَّمْ یَزِدْهُ مَالُهٗ وَوَلَدُهٗۤ اِلَّا خَسَارًا ۟ۚ
নূহ আলাইহিছ ছালামে কলেঃ হে মোৰ প্ৰতিপালক! মোৰ সম্প্ৰদায়ে মোক অমান্য কৰিছে লগতে তোমাৰ তাওহীদ আৰু তোমাৰ ইবাদত কৰাৰ আদেশকো অমান্য কৰিছে আৰু সিহঁতৰ নিম্ন স্তৰৰ লোকসকলে নিজৰ নেতাসকলৰ কথা মানিছে। যিসকলক তুমি ধন-সম্পদ, সন্তান-সন্ততি প্ৰদান কৰিছা। অথচ তোমাৰ এই উপকাৰে সিহঁতৰ পথভ্ৰষ্টতাক বৃদ্ধি কৰাৰ কাম কৰিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَمَكَرُوْا مَكْرًا كُبَّارًا ۟ۚ
আৰু সিহঁতৰ নেতা বিলাকে সাধাৰণ ব্যক্তিসকলক নূহ আলাইহিছ ছামামৰ বিৰুদ্ধে উচটনি দি চক্ৰান্ত ৰচিছিল।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَقَالُوْا لَا تَذَرُنَّ اٰلِهَتَكُمْ وَلَا تَذَرُنَّ وَدًّا وَّلَا سُوَاعًا ۙ۬— وَّلَا یَغُوْثَ وَیَعُوْقَ وَنَسْرًا ۟ۚ
আৰু সিহঁতে সিহঁতৰ অনুসাৰী বিলাকক কলেঃ তোমালোকে নিজ উপাস্যবোৰৰ উপাসনা নেৰিবা। আৰু তোমালোকৰ মূৰ্তিসমূহ যেনে- অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰৰ উপাসনা কেতিয়াও নেৰিবা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَقَدْ اَضَلُّوْا كَثِیْرًا ۚ۬— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا ضَلٰلًا ۟
আৰু সিহঁতে এই মূৰ্তিবোৰৰ মাধ্যমত বহুত লোকক পথভ্ৰষ্ট কৰিছে। এতেকে হে মোৰ প্ৰতিপালক ! এই অত্যাচাৰীসকলৰ পথভ্ৰষ্টতা আৰু বৃদ্ধি কৰি দিয়া, যিসকলে কুফুৰী আৰু পাপৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
مِمَّا خَطِیْٓـٰٔتِهِمْ اُغْرِقُوْا فَاُدْخِلُوْا نَارًا ۙ۬— فَلَمْ یَجِدُوْا لَهُمْ مِّنْ دُوْنِ اللّٰهِ اَنْصَارًا ۟
সিহঁতে যিবোৰ পাপ কৰিছিল তাৰ কাৰণে সিহঁতক পৃথিৱীত ধুমুহাৰ জৰিয়তে ডুবাই দিয়া হৈছে। আৰু মৃত্যুৰ পিছতেই সিহঁতক অগ্নিত নিক্ষেপ কৰা হৈছে। এতেকে তাৰ পিছত সিহঁতে আল্লাহৰ বাহিৰে কাকো সহায়ক হিচাপে পোৱা নাছিল, যিয়ে সিহঁতক ডুবাৰ পৰা আৰু জাহান্নামৰ পৰা ৰক্ষা কৰিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَقَالَ نُوْحٌ رَّبِّ لَا تَذَرْ عَلَی الْاَرْضِ مِنَ الْكٰفِرِیْنَ دَیَّارًا ۟
যেতিয়া আল্লাহে নূহ আলাইহিছ ছালামক জনাই দিলে যে, তেখেতৰ সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছে, সিহঁতৰ বাহিৰে আন কোনেও ঈমান পোষণ নকৰিব। তেতিয়া তেখেতে কলেঃ হে মোৰ প্ৰতিপালক! পৃথিৱীৰ ওপৰত চলা- ফুৰা কৰা কোনো কাফিৰকে এৰি নিদিবা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
اِنَّكَ اِنْ تَذَرْهُمْ یُضِلُّوْا عِبَادَكَ وَلَا یَلِدُوْۤا اِلَّا فَاجِرًا كَفَّارًا ۟
নিশ্চয় তুমি, হে মোৰ প্ৰতিপালক! যদি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী সকলকহে জন্ম দিব। যিসকলে তোমাৰ কথাৰ অৱমাননা কৰিব। আৰু কঠোৰ কাফিৰসকলক জন্ম দিব যিসকলে তোমাৰ অনুগ্ৰহবোৰৰ অকৃতজ্ঞতা কৰিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
رَبِّ اغْفِرْ لِیْ وَلِوَالِدَیَّ وَلِمَنْ دَخَلَ بَیْتِیَ مُؤْمِنًا وَّلِلْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا تَبَارًا ۟۠
হে মোৰ প্ৰতিপালক, মোৰ পাপসমূহ ক্ষমা কৰি দিয়া আৰু মোৰ পিতৃ- মাতৃক ক্ষমা কৰি দিয়া। আৰু যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিব সেই ব্যক্তিকো ক্ষমা কৰি দিয়া। আৰু মুমিন পৰুষ- মহিলাকো ক্ষমা কৰি দিয়া। আনহাতে সেইসকল লোকৰ ধ্বংস ও ক্ষতি আৰু বৃদ্ধি কৰি দিয়া যিসকলে কুফুৰী আৰু পাপৰ জৰিয়তে নিজৰ ওপৰত অত্যাচাৰ কৰিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• الاستغفار سبب لنزول المطر وكثرة الأموال والأولاد.
ধন-সম্পদ, সন্তান-সন্ততি আৰু বৰষুণ হোৱাৰ অন্যতম কাৰণ হৈছে ইস্তিগফাৰ কৰা।

• دور الأكابر في إضلال الأصاغر ظاهر مُشَاهَد.
নেতাসকলে সদায় সাধাৰণ ব্যক্তিসকলক পথভ্ৰষ্ট কৰি অহা পৰিলক্ষিত হৈছে।

• الذنوب سبب للهلاك في الدنيا، والعذاب في الآخرة.
পৃথিৱীত পাপ হৈছে ধ্বংসৰ অন্যতম কাৰণ আৰু পৰকালত শাস্তিৰ কাৰণ।

 
ការបកប្រែអត្ថន័យ ជំពូក​: នួហ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ