Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (35) ជំពូក​: អាល់អះកហ្វ
فَاصْبِرْ كَمَا صَبَرَ اُولُوا الْعَزْمِ مِنَ الرُّسُلِ وَلَا تَسْتَعْجِلْ لَّهُمْ ؕ— كَاَنَّهُمْ یَوْمَ یَرَوْنَ مَا یُوْعَدُوْنَ ۙ— لَمْ یَلْبَثُوْۤا اِلَّا سَاعَةً مِّنْ نَّهَارٍ ؕ— بَلٰغٌ ۚ— فَهَلْ یُهْلَكُ اِلَّا الْقَوْمُ الْفٰسِقُوْنَ ۟۠
হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে, গতিকে আপুনিও সেইদৰে ধৈৰ্য্য ধাৰণ কৰক যিদৰে দৃঢ় সংকল্পৱান ৰাছুলসকলে অৰ্থাৎ নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামে ধৈৰ্য্য ধাৰণ কৰিছিল। সিহঁতৰ ওপৰত শাস্তি আহিবলৈ ততাতৈয়া নকৰিব। আপোনাৰ সম্প্ৰদায়ৰ এই অস্বীকাৰকাৰীসকলে আখিৰাতত যেতিয়া সেই শাস্তি দেখা পাব, যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল, তেতিয়া সিহঁতে শাস্তিৰ সময় সীমাৰ তুলনাত এনেকুৱা অনুভৱ কৰিব যেনিবা সিহঁতে পৃথিৱীত দিনৰ এটা অংশহে অতিবাহিত কৰিছিল। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে মানুহ আৰু জিনৰ বাবে এক সতৰ্ক বাৰ্তা তথা এইখনেই যথেষ্ট। দৰাচলতে শাস্তিৰ জৰিয়তে কেৱল সেইসকল লোককেই ধ্বংস কৰা হ’ব, যিসকলে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• من حسن الأدب الاستماع إلى المتكلم والإنصات له.
উত্তম শিষ্টাচাৰৰ দাবী হৈছে বক্তাৰ কথা মনোযোগ সহকাৰে শুনা তথা কথা কোৱাৰ সময়ত মনে মনে থকা।

• سرعة استجابة المهتدين من الجنّ إلى الحق رسالة ترغيب إلى الإنس.
জিনসকলে সত্য গ্ৰহণৰ ক্ষেত্ৰত যিদৰে আগ্ৰহ দেখুৱাইছে, সেইটোও দৰাচলতে মানুহৰ বাবে এটা প্ৰেৰণাদায়ক বাৰ্তা।

• الاستجابة إلى الحق تقتضي المسارعة في الدعوة إليه.
সত্য স্বীকাৰ কৰাৰ লগে লগে তাৰ প্ৰতি অন্যান্য লোকসকলক আহ্বান কৰাৰ দায়িত্ব আহি পৰে।

• الصبر خلق الأنبياء عليهم السلام.
ধৈৰ্য্য হৈছে নবীসকলৰ অন্যতম বৈশিষ্ট্য।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (35) ជំពូក​: អាល់អះកហ្វ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ