Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (127) ជំពូក​: អាន់នីសាក
وَیَسْتَفْتُوْنَكَ فِی النِّسَآءِ ؕ— قُلِ اللّٰهُ یُفْتِیْكُمْ فِیْهِنَّ ۙ— وَمَا یُتْلٰی عَلَیْكُمْ فِی الْكِتٰبِ فِیْ یَتٰمَی النِّسَآءِ الّٰتِیْ لَا تُؤْتُوْنَهُنَّ مَا كُتِبَ لَهُنَّ وَتَرْغَبُوْنَ اَنْ تَنْكِحُوْهُنَّ وَالْمُسْتَضْعَفِیْنَ مِنَ الْوِلْدَانِ ۙ— وَاَنْ تَقُوْمُوْا لِلْیَتٰمٰی بِالْقِسْطِ ؕ— وَمَا تَفْعَلُوْا مِنْ خَیْرٍ فَاِنَّ اللّٰهَ كَانَ بِهٖ عَلِیْمًا ۟
হে ৰাছুল! মানুহে আপোনাক স্ত্ৰীসকলৰ বিষয়ে প্ৰশ্ন কৰে যে, সিহঁতৰ অধিকাৰ আৰু কৰ্তব্য কি কি? তেওঁলোকক কৈ দিয়ক! আল্লাহে তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিয়ে লগতে তোমালোকক পাঠ কৰি শুনোৱা কোৰআনৰ আয়াতেও বৰ্ণনা কৰে যে, সেইসকল অনাথ নাৰী, যিসকলৰ অভিভাৱক স্বয়ং তোমালোক নিজেই, যিসকলক তোমালোকে মোহৰ তথা মীৰাছৰ দৰে অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা, সিহঁতক তোমালোকে নিজেও বিবাহ কৰাৰ ইচ্ছা নকৰা আৰু সম্পদৰ লোভত পৰি আনৰ ওচৰত বিবাহ পাশত বহাৰো অনুমতি নিদিয়া। কোৰআনৰ আয়াতসমূহে তোমালোকক দুৰ্বল শিশুসকলৰ অধিকাৰ সম্পৰ্কেও বৰ্ণনা কৰিছে যে, সিহঁতক মীৰাছৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবা আৰু সিহঁতৰ সম্পদৰ ওপৰত ক্ষমতা দেখুৱাই আত্মসাৎ নকৰিবা। তথা তোমালোকক আৰু কয় যে, অনাথৰ লগত এনেকুৱা ব্যৱহাৰ কৰা যিটো সিহঁতৰ বাবে পৃথিৱী আৰু আখিৰাতৰ বাবে কল্যাণকৰ। তোমালোকে অনাথৰ লগত আৰু আন আন লোকসকলৰ লগত যি সদ্ব্যৱহাৰ কৰিবা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সৰ্বজ্ঞ আৰু তেওঁ ইয়াৰ প্ৰতিদান দিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• ما عند الله من الثواب لا يُنال بمجرد الأماني والدعاوى، بل لا بد من الإيمان والعمل الصالح.
আল্লাহে পূণ্যৱান লোকসকলৰ বাবে যি প্ৰস্তুত কৰি ৰাখিছে, সেয়া কেৱল কামনা তথা দাবীৰ ফলত পোৱা সম্ভৱ নহয়, বৰং তাৰ বাবে ঈমান তথা সৎকৰ্মৰ প্ৰয়োজন।

• الجزاء من جنس العمل، فمن يعمل سوءًا يُجْز به، ومن يعمل خيرًا يُجْز بأحسن منه.
প্ৰতিদানৰ মূল হৈছে আমল অনুপাতে ফলাফল, এতেকে যিয়ে বেয়া কৰ্ম কৰিব, সি বেয়া প্ৰতিফল পাব। আনহাতে যিয়ে সৎকৰ্ম কৰিব, সি তাতোকৈ ভাল ফলাফল পাব।

• الإخلاص والاتباع هما مقياس قبول العمل عند الله تعالى.
ইখলাচ আৰু ইত্তেবা, এই দুটা হৈছে আল্লাহৰ ওচৰত আমল কবূল হোৱাৰ চৰ্ত।

• عَظّمَ الإسلام حقوق الفئات الضعيفة من النساء والصغار، فحرم الاعتداء عليهم، وأوجب رعاية مصالحهم في ضوء ما شرع.
আল্লাহে নাৰী আৰু শিশুসকলৰ দৰে দুৰ্বল শ্ৰেণী লোকৰ অধিকাৰক বিশেষ মৰ্যদা প্ৰদান কৰি সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ হাৰাম কৰিছে, লগতে চৰীয়ত অনুসৰি সিহঁতৰ কল্যাণকৰ দিশসমূহ সুৰক্ষিত কৰিবলৈ অনিবাৰ্য কৰি দিছে।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (127) ជំពូក​: អាន់នីសាក
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ