Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (33) ជំពូក​: លុកម៉ាន
یٰۤاَیُّهَا النَّاسُ اتَّقُوْا رَبَّكُمْ وَاخْشَوْا یَوْمًا لَّا یَجْزِیْ وَالِدٌ عَنْ وَّلَدِهٖ ؗ— وَلَا مَوْلُوْدٌ هُوَ جَازٍ عَنْ وَّالِدِهٖ شَیْـًٔا ؕ— اِنَّ وَعْدَ اللّٰهِ حَقٌّ فَلَا تَغُرَّنَّكُمُ الْحَیٰوةُ الدُّنْیَا ۥ— وَلَا یَغُرَّنَّكُمْ بِاللّٰهِ الْغَرُوْرُ ۟
হে মানৱজাতি! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা সেই দিৱসটোক ভয় কৰা যিদিনা পিতৃয়েও সন্তানক উপকাৰ কৰিব নোৱাৰিব, আনহাতে সন্তানেও পিতৃক একো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা প্ৰতিদান দিবলগীয়া আল্লাহৰ এই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ’বই হ’ব। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু ইয়াৰ মায়াজালত পৰি তোমালোকে যেন প্ৰতাৰিত নোহোৱা। আনহাতে চয়তানেও যেন তোমালোকক প্ৰৱঞ্চনা কৰিব নোৱাৰে, এই আশা দেখুৱাই যে, আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিয়ে থাকিব তথা তোমালোকৰ পৰা শাস্তি পিছুৱাই দিয়া হ’ব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• نقص الليل والنهار وزيادتهما وتسخير الشمس والقمر: آيات دالة على قدرة الله سبحانه، ونعمٌ تستحق الشكر.
দিন-ৰাতিৰ হ্ৰাস আৰু বৃদ্ধি, চন্দ্ৰ সূৰ্য্যৰ নিয়ন্ত্ৰণ আদি, এইবোৰ কিছুমান এনেকুৱা নিদৰ্শন যিবোৰে আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। তথা এইবোৰ এনেকুৱা নিয়ামত, যাৰ ফলত কৃতজ্ঞতা জ্ঞাপন কৰা অত্যন্ত জৰুৰী।

• الصبر والشكر وسيلتان للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতা, এই দুটা হৈছে আল্লাহৰ নিদৰ্শনৰ পৰা উপদেশ গ্ৰহণ কৰাৰ অন্যতম উপায়।

• الخوف من القيامة يقي من الاغترار بالدنيا، ومن الخضوع لوساوس الشياطين.
কিয়ামতৰ ভয়-ভীতিয়ে মানুহক পাৰ্থিৱ সম্পদৰ প্ৰৱঞ্চনাৰ পৰা আৰু চয়তানৰ কুমন্ত্ৰণাত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে।

• إحاطة علم الله بالغيب كله.
গায়েব সম্পৰ্কীয় সকলো তথ্য আল্লাহৰ জ্ঞানে পৰিবেষ্টন কৰি আছে।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (33) ជំពូក​: លុកម៉ាន
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ