Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (156) ជំពូក​: អាលីអុិមរ៉ន
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَكُوْنُوْا كَالَّذِیْنَ كَفَرُوْا وَقَالُوْا لِاِخْوَانِهِمْ اِذَا ضَرَبُوْا فِی الْاَرْضِ اَوْ كَانُوْا غُزًّی لَّوْ كَانُوْا عِنْدَنَا مَا مَاتُوْا وَمَا قُتِلُوْا ۚ— لِیَجْعَلَ اللّٰهُ ذٰلِكَ حَسْرَةً فِیْ قُلُوْبِهِمْ ؕ— وَاللّٰهُ یُحْیٖ وَیُمِیْتُ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুনাফিকসকলৰ মাজৰ কাফিৰসকলৰ দৰে নহবা। যিসকলে নিজৰ সেই সকল আত্মীয়ক কয় যিসকলে জীৱিকা উপাৰ্জনৰ বাবে ভ্ৰমণ কৰে আৰু তাত মৃত্যুবৰণ কৰে অথবা যুদ্ধত ওলাই যায় আৰু নিহত হয়, কয় যে, “সিহঁতে যদি আমাৰ লগত থাকিলেহেঁতেন, আৰু নোলোৱাহেঁতেন আৰু যুদ্ধত নোযোৱাহেঁতেন তেন্তে সিহঁতে মৃত্যুবৰণো নকৰিলেহেঁতেন আৰু নিহতও নহলেহেঁতেন”। আল্লাহে সিহঁতৰ অন্তৰত এই ধাৰণা এই কাৰণেই সৃষ্টি কৰিছিল যাতে সিহঁতে অধিক অনুতাপ কৰে আৰু অধিক চিন্তিত হয়। নিশ্চয় কেৱল আল্লাহেই তেওঁৰ ইচ্ছাত জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বহি থাকিলেও সেই নিৰ্ধাৰিত সময় ৰৈ নাথাকে আৰু ওলাই গলেও সেই নিৰ্ধাৰিত সময় আগতীয়াকৈ নাহে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম দেখি আছে। তোমালোকৰ কৰ্ম তেওঁৰ পৰা অগোচৰ নহয় আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• الجهل بالله تعالى وصفاته يُورث سوء الاعتقاد وفساد الأعمال.
আল্লাহ আৰু তেওঁৰ গুণাৱলীসমূহ নজনাৰ ফলত আক্বীদাহ আৰু আমলত ব্যাঘাত জন্মে।

• آجال العباد مضروبة محدودة، لا يُعجلها الإقدام والشجاعة، ولايؤخرها الجبن والحرص.
বান্দাৰ আয়ু নিৰ্ধাৰিত। বাহাদুৰী আৰু সাহসিকতাৰে তাক আগুৱাই আনিব নোৱাৰি আৰু লোভ-লালসা আৰু কাপুৰষতাই এই সময়ক বৃদ্ধিও কৰিব নোৱাৰে।

• من سُنَّة الله تعالى الجارية ابتلاء عباده؛ ليميز الخبيث من الطيب.
আল্লাহৰ এটা সাধাৰণ নিয়ম এই যে, তেওঁ বান্দাসকলক পৰীক্ষা কৰে যাতে সৎ লোকক অসৎ লোকৰ পৰা পৃথক কৰি দিয়ে।

• من أعظم المنازل وأكرمها عند الله تعالى منازل الشهداء في سبيله.
আল্লাহৰ দৃষ্টিত আটাইতকৈ উচ্চ আৰু সন্মানিত স্থান হৈছে তেওঁৰ পথত শ্বহীদ হোৱা ব্যক্তিসকলৰ।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (156) ជំពូក​: អាលីអុិមរ៉ន
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ