Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (65) ជំពូក​: អាល់ហាជ្ជ
اَلَمْ تَرَ اَنَّ اللّٰهَ سَخَّرَ لَكُمْ مَّا فِی الْاَرْضِ وَالْفُلْكَ تَجْرِیْ فِی الْبَحْرِ بِاَمْرِهٖ ؕ— وَیُمْسِكُ السَّمَآءَ اَنْ تَقَعَ عَلَی الْاَرْضِ اِلَّا بِاِذْنِهٖ ؕ— اِنَّ اللّٰهَ بِالنَّاسِ لَرَءُوْفٌ رَّحِیْمٌ ۟
হে ৰাছুল! আপুনি দেখা নাইনে, নিশ্চয় আল্লাহে পৃথিৱীৰ সকলো জীৱ-জন্তু আৰু জীৱ আৰু জড় সকলো বস্তুকেই আপোনাৰ আৰু মানুহৰ আয়ত্তাধীন কৰি দিছে, যাতে সিহঁতৰ উপকাৰ হয় আৰু প্ৰয়োজনীয়তা পূৰণ হয়। লগতে তেওঁৰ আদেশত সাগৰত চলা জাহাজসমূহক তোমালোকৰ আয়ত্তাধীন কৰি দিছে. যিবোৰ এটা দেশৰ পৰা আনটো দেশলৈ ভ্ৰমণ কৰে। তেৱেঁই আকাশক নিজৰ অধীনত ৰাখিছে, তেওঁৰ অনুমতি অবিহনে সেইখন ভাঙি নপৰে। যদি তেওঁ অনুমতি দিয়ে তেন্তে অৱশ্যে সেইখন ভাঙি পৰিব। নিশ্চয় আল্লাহ মানুহৰ বাবে অতি কৰুণাময় আৰু দয়াৱান, সেইকাৰণেই তেওঁ মানুহে অন্যায়-অত্যাচাৰ কৰাৰ পিছতো এইবোৰ বস্তুক সিহঁতৰ অধীনস্থ কৰি দিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• من نعم الله على الناس تسخير ما في السماوات وما في الأرض لهم.
এইটো আল্লাহৰ এটা ডাঙৰ নিয়ামত যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুবোৰক মানুহৰ বাবে নিয়োজিত কৰিছে।

• إثبات صفتي الرأفة والرحمة لله تعالى.
কৰুণা আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল।

• إحاطة علم الله بما في السماوات والأرض وما بينهما.
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোবোৰকে আল্লাহে নিজ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি আছে।

• التقليد الأعمى هو سبب تمسك المشركين بشركهم بالله.
অন্ধানুসৰণৰ ফলতেই মুশ্বৰিকসকলে আল্লাহৰ লগত শ্বিৰ্কত লিপ্ত হৈ আছে।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (65) ជំពូក​: អាល់ហាជ្ជ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ