Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (264) ជំពូក​: អាល់ហ្ពាក៏រ៉ោះ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُبْطِلُوْا صَدَقٰتِكُمْ بِالْمَنِّ وَالْاَذٰی ۙ— كَالَّذِیْ یُنْفِقُ مَالَهٗ رِئَآءَ النَّاسِ وَلَا یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ— فَمَثَلُهٗ كَمَثَلِ صَفْوَانٍ عَلَیْهِ تُرَابٌ فَاَصَابَهٗ وَابِلٌ فَتَرَكَهٗ صَلْدًا ؕ— لَا یَقْدِرُوْنَ عَلٰی شَیْءٍ مِّمَّا كَسَبُوْا ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! দান কৰাৰ পিছত সেই দানৰ কথা মানুহৰ মাজত গাই ফুৰি আৰু কষ্ট প্ৰদান কৰি নিজৰ দানৰ ছোৱাব বিনষ্ট নকৰিবা। এনে কৰা ব্যক্তিৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে নিজৰ ধন-সম্পত্তি এই উদ্দেশ্যে ব্যয় কৰে যাতে মানুহে সেয়া দেখে আৰু তাৰ প্ৰশংসা কৰে। অথচ এনেকুৱা ব্যক্তিয়ে আল্লাহৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি আৰু সেইদিনা পাবলগীয়া ছোৱাব আৰু শাস্তিৰ প্ৰতি বিশ্বাস নকৰে। তাৰ উদাহৰণ হৈছে সেই শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে কিন্তু ধাৰাসাৰ বৰষুণে সেই মাটি ধুই নিয়ে আৰু সেই শিল পুনৰ আগৰ অৱস্থাত আহি পৰে। মানুহক দেখুৱাবলৈ নেক কৰ্ম কৰা ব্যক্তিৰ অৱস্থাও এনেকুৱাই হয়। সিহঁতৰ কৰ্ম আৰু ব্যয়ৰ পুণ্য শেষ হৈ যায়। আৰু আল্লাহৰ ওচৰত সিহঁতৰ কোনো পুণ্য অৱশিষ্ট নাথাকে। আল্লাহে কাফিৰসকলক তেওঁৰ সন্তুষ্টি অৰ্জনৰ তাওফীক নিদিয়ে। লগতে এনেকুৱা কোনো কৰ্ম আৰু ব্যয়ৰো তাওফীক নিদিয়ে যিটোৰ পৰা সিহঁতৰ উপকাৰ হব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• مراتب الإيمان بالله ومنازل اليقين به متفاوتة لا حد لها، وكلما ازداد العبد نظرًا في آيات الله الشرعية والكونية زاد إيمانًا ويقينًا.
আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ প্ৰতি বিশ্বাসৰ স্তৰ ভিন ভিন, যাৰ কোনো সীমা নাই। যেতিয়া মানুহে আল্লাহৰ সাৰ্বভৌমিক আৰু ধাৰ্মিক নিদৰ্শনৰ প্ৰতি চিন্তা-চৰ্চা কৰে তেতিয়া তাৰ ঈমান বৃদ্ধি পায়।

• بَعْثُ الله تعالى للخلق بعد موتهم دليل ظاهر على كمال قدرته وتمام عظمته سبحانه.
মৃত্যুৰ পিছত পুনৰ সৃষ্টি কৰাটো আল্লাহৰ পূৰ্ণ শক্তি আৰু তেওঁৰ মহানতাৰ বৰ ডাঙৰ প্ৰমাণ।

• فضل الإنفاق في سبيل الله وعظم ثوابه، إذا صاحبته النية الصالحة، ولم يلحقه أذى ولا مِنّة محبطة للعمل.
আল্লাহৰ পথত ব্যয় কৰাৰ ফজীলত আৰু ইয়াৰ অধিক ছোৱাব তেতিয়াই পোৱা সম্ভৱ যেতিয়া নিয়ত সঠিক থাকিব। যাতে দানৰ পৰিবৰ্তে কষ্ট দিয়াৰ অভিপ্ৰায় নাথাকে। কাৰণ এনে কৰিলে আমল বিনষ্ট হয়।

• من أحسن ما يقدمه المرء للناس حُسن الخلق من قول وفعل حَسَن، وعفو عن مسيء.
আটাইতকৈ উত্তম বস্তু, যিটো এজনে আনজনক দিব লাগে, সেয়া হৈছে সদাচৰণৰ সৈতে উত্তম কথা কোৱা, সত্কৰ্ম কৰা আৰু ভুল কৰিলে ক্ষমা কৰি দিয়া।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (264) ជំពូក​: អាល់ហ្ពាក៏រ៉ោះ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ