Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ ជំពូក​: អាល់ហ្ពាក៏រ៉ោះ   វាក្យខណ្ឌ:
وَالَّذِیْنَ یُتَوَفَّوْنَ مِنْكُمْ وَیَذَرُوْنَ اَزْوَاجًا یَّتَرَبَّصْنَ بِاَنْفُسِهِنَّ اَرْبَعَةَ اَشْهُرٍ وَّعَشْرًا ۚ— فَاِذَا بَلَغْنَ اَجَلَهُنَّ فَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا فَعَلْنَ فِیْۤ اَنْفُسِهِنَّ بِالْمَعْرُوْفِ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟
যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, আৰু স্ত্ৰী যদি গৰ্ভ অৱস্থাত নাথাকে তেন্তে এনেকুৱা স্ত্ৰীয়ে অনিবাৰ্যৰূপে চাৰি মাহ দহ দিন ইদ্দত পালন কৰিব লাগিব। এই সময়ছোৱাত তাই স্বামীৰ ঘৰৰ পৰা ওলাব নোৱাৰিব আৰু সৌন্দৰ্যময় বস্তু ব্যৱহাৰ নকৰিব লগতে বিবাহো কৰিব নোৱাৰিব। হে অভিভাৱকসকল! এই সময়ছোৱা শেষ হোৱাৰ পিছত সিহঁতৰ ওপৰত যিবোৰ কৰ্ম নিষেধ আছিল সেয়া কৰিলে তোমালোকৰ কোনো গুনাহ নহয়। কিন্তু উক্ত কৰ্মবোৰ চৰীয়ত তথা সমাজৰ দৃষ্টিত ভাল কৰ্ম বুলি বিবেচিত হব লাগিব। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا عَرَّضْتُمْ بِهٖ مِنْ خِطْبَةِ النِّسَآءِ اَوْ اَكْنَنْتُمْ فِیْۤ اَنْفُسِكُمْ ؕ— عَلِمَ اللّٰهُ اَنَّكُمْ سَتَذْكُرُوْنَهُنَّ وَلٰكِنْ لَّا تُوَاعِدُوْهُنَّ سِرًّا اِلَّاۤ اَنْ تَقُوْلُوْا قَوْلًا مَّعْرُوْفًا ؕ۬— وَلَا تَعْزِمُوْا عُقْدَةَ النِّكَاحِ حَتّٰی یَبْلُغَ الْكِتٰبُ اَجَلَهٗ ؕ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ یَعْلَمُ مَا فِیْۤ اَنْفُسِكُمْ فَاحْذَرُوْهُ ۚ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ غَفُوْرٌ حَلِیْمٌ ۟۠
যাৰ স্বামী মৃত্যুবৰণ কৰিছে অথবা যিয়ে তালাক বাইন প্ৰাপ্তা হৈছে তাইৰ ওচৰত সংকেতৰ জৰিয়তে বিবাহৰ ইচ্ছা প্ৰকাশ কৰাত তোমালোকৰ কোনো গুনাহ নহয় কিন্তু স্পষ্টভাৱে প্ৰকাশ কৰা নিষেধ। যেনে- এইদৰে কোৱা যে, যেতিয়া তোমাৰ ইদ্দত শেষ হব তেতিয়া মোক জনাবা। এইদৰে ইদ্দত পালনকাৰী স্ত্ৰীৰ ইদ্দত পূৰণ হোৱাৰ পিছত বিবাহৰ ইচ্ছা মনত পুহি ৰখাটোও কোনো দোষণীয় নহয়। আল্লাহে জানে যে, তাইক পোৱাৰ বাবে নিশ্চয় তোমালোকৰ মনত প্ৰতিচ্ছবি ভাহিঁ উঠিব। এতেকে আল্লাহে স্পষ্টভাৱে নহলেও ইঙ্গিতেৰে ইচ্ছা প্ৰকাশ কৰাৰ অনুমতি দিছে। কিন্তু ইদ্দতৰ সময়ছোৱাত গোপনে সাক্ষাৎ কৰি বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকা। অথচ সৎভাৱে অৰ্থাৎ ইঙ্গিতেৰে বিবাহৰ প্ৰস্তাৱ দিয়াত কোনো ক্ষতি নাই, কিন্তু ইদ্দতৰ সময়ত বিবাহৰ বিষয়টো নিশ্চিত নকৰিবা। জানি থোৱা! আল্লাহে তোমালোকৰ অন্তৰৰ ভাল বেয়া সকলো বিষয় জানে। গতিকে তেওঁক ভয় কৰা, আৰু তেওঁৰ আদেশ উলঙ্ঘা নকৰিবা। জানি থোৱা! আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু সহনশীল, তেওঁ শাস্তি প্ৰদানত খৰধৰ নকৰে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
لَا جُنَاحَ عَلَیْكُمْ اِنْ طَلَّقْتُمُ النِّسَآءَ مَا لَمْ تَمَسُّوْهُنَّ اَوْ تَفْرِضُوْا لَهُنَّ فَرِیْضَةً ۖۚ— وَّمَتِّعُوْهُنَّ ۚ— عَلَی الْمُوْسِعِ قَدَرُهٗ وَعَلَی الْمُقْتِرِ قَدَرُهٗ ۚ— مَتَاعًا بِالْمَعْرُوْفِ ۚ— حَقًّا عَلَی الْمُحْسِنِیْنَ ۟
যদি তোমালোকে বিবাহ কৰাৰ পিছত সহবাস আৰু মোহৰানা নিৰ্ধাৰণ কৰাৰ আগতে স্ত্ৰীক তালাক দিয়া, তেন্তে কোনো গুনাহ নাই। লগতে এনে অৱস্থাত তালাক্ব দিলে তোমালোকৰ ওপৰত মোহৰানা ওৱাজিব নহব। কিন্তু স্বামী ধনী হওঁক অথবা দৰিদ্ৰ নিজৰ সামৰ্থ অনুযায়ী তাইক কিবা কিবি দিব লাগিব, যাতে তাই উপকৃত হয় আৰু অন্তৰক বুজনি দিব পাৰে। এই দান সত্কৰ্মকাৰীসকলৰ বাবে এটা কৰ্তব্য, যিসকলে নিজৰ কৰ্ম আৰু লেনদেনত সততা অৱলম্বন কৰে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاِنْ طَلَّقْتُمُوْهُنَّ مِنْ قَبْلِ اَنْ تَمَسُّوْهُنَّ وَقَدْ فَرَضْتُمْ لَهُنَّ فَرِیْضَةً فَنِصْفُ مَا فَرَضْتُمْ اِلَّاۤ اَنْ یَّعْفُوْنَ اَوْ یَعْفُوَا الَّذِیْ بِیَدِهٖ عُقْدَةُ النِّكَاحِ ؕ— وَاَنْ تَعْفُوْۤا اَقْرَبُ لِلتَّقْوٰی ؕ— وَلَا تَنْسَوُا الْفَضْلَ بَیْنَكُمْ ؕ— اِنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
যদি তোমালোকে সহবাস কৰাৰ আগতে স্ত্ৰীক তালাক্ব দিয়া আৰু তোমালোকে সিহঁতৰ বাবে দিবলগীয়া মোহৰানা নিৰ্ধাৰণো কৰিছা তেন্তে নিৰ্ধাৰিত মোহৰানাৰ অৰ্ধ ভাগ আদায় দিব লাগিব। কিন্তু যদি সিহঁত বিবেকৱান হয় আৰু তোমালোকক ক্ষমা কৰি দিয়ে নাইবা স্বামীয়ে যদি উদাৰতা দেখুৱাই সম্পূৰ্ণ মোহৰানা আদায় কৰি দিয়ে তেন্তে এনে কৰাত কোনো অসুবিধা নাই। তোমালোকৰ পৰস্পৰ অধিকাৰৰ ক্ষেত্ৰত ক্ষমাৰ পথ অৱলম্বন কৰাটো আল্লাহৰ ভয় আৰু আনুগত্যৰ অধিক নিকটৱৰ্তী। এতেকে হে মানৱজাতি! পৰস্পৰৰ অধিকাৰ খৰ্ব নকৰিবা। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্ম দেখি আছে। সেয়ে বেছি বেছি সত্কৰ্ম কৰা, যাতে আল্লাহৰ ওচৰত উত্তম প্ৰতিদান পোৱা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• مشروعية العِدة على من توفي عنها زوجها بأن تمتنع عن الزينة والزواج مدة أربعة أشهر وعشرة أيام.
স্বামী মৃত্যুবৰণ কৰা নাৰীয়ে চাৰি মাহ দহ দিন ইদ্দত পালন কৰিব লাগিব। এই সময়ছোৱাত সেই নাৰীয়ে সৌন্দৰ্যৰ বস্তু আৰু বিবাহৰ পৰা নিজকে দূৰৈত ৰাখিব।

• معرفة المؤمن باطلاع الله عليه تَحْمِلُه على الحذر منه تعالى والوقوف عند حدوده.
মুমিনসকলে বিশ্বাস কৰে যে আল্লাহে সিহঁতৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁলোকৰ এই বিশ্বাসে তেওঁলোকক আল্লাহৰ ভয় আৰু তেওঁৰ সীমাৰেখা অতিক্ৰম কৰিবলৈ প্ৰতিৰোধ কৰে।

• الحث على المعاملة بالمعروف بين الأزواج والأقارب، وأن يكون العفو والمسامحة أساس تعاملهم فيما بينهم.
স্বামী স্ত্ৰী আৰু আত্মীয় স্বজনৰ মাজত সদ্ব্যৱহাৰ কৰিবলৈ উদ্বুদ্ধ কৰিছে। লগতে ক্ষমা আৰু মাৰ্জনা সিহঁতৰ পৰস্পৰ ব্যৱহাৰৰ মূল হোৱা উচিত।

 
ការបកប្រែអត្ថន័យ ជំពូក​: អាល់ហ្ពាក៏រ៉ោះ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ