Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (49) ជំពូក​: អាល់កះហ្វុី
وَوُضِعَ الْكِتٰبُ فَتَرَی الْمُجْرِمِیْنَ مُشْفِقِیْنَ مِمَّا فِیْهِ وَیَقُوْلُوْنَ یٰوَیْلَتَنَا مَالِ هٰذَا الْكِتٰبِ لَا یُغَادِرُ صَغِیْرَةً وَّلَا كَبِیْرَةً اِلَّاۤ اَحْصٰىهَا ۚ— وَوَجَدُوْا مَا عَمِلُوْا حَاضِرًا ؕ— وَلَا یَظْلِمُ رَبُّكَ اَحَدًا ۟۠
কৰ্মপুথি সন্মুখত ৰখা হ'ব। কিছুমানে নিজৰ কৰ্মপুথি সোঁহাতত ধাৰণ কৰিব আৰু কিছুমানে বাওঁ হাতত। হে মানৱ! তুমি কাফিৰসকলক ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা, কাৰণ সিহঁতে ভালদৰেই জানে যে, সিহঁতে পৃথিৱীত কি কি গুনাহৰ কাম আৰু কুফৰী কৰি আহিছে। সিহঁতে ক'বঃ হায়! আমাৰ ধ্বংস আৰু হায় আমাৰ বিপদ! এইখন কেনেকুৱা পুথি য’ত আমাৰ সৰু বৰ সকলো কৰ্ম সংৰক্ষিত আৰু গণনা কৰি ৰখা হৈছে। সিহঁতে পাৰ্থিৱ জীৱনত কৰা সকলো গুনাহ সেই পুথিত লিপিবদ্ধ পাব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো নিৰ্দোষী ব্যক্তিক দোষী সাব্যস্ত কৰি অথবা কোনো পূণ্যৱান ব্যক্তিৰ ছোৱাব হ্ৰাস কৰি অন্যায় নকৰিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• على العبد الإكثار من الباقيات الصالحات، وهي كل عمل صالح من قول أو فعل يبقى للآخرة.
বান্দাসকলে বেছি বেছি স্থায়ী নেক কৰ্ম কৰা উচিত, সেয়া হৈছে প্ৰত্যেক পূণ্যৱান কথা-কৰ্ম, এইবোৰ আখিৰাতৰ বাবে চিৰস্থায়ী।

• على العبد تذكر أهوال القيامة، والعمل لهذا اليوم حتى ينجو من أهواله، وينعم بجنة الله ورضوانه.
বান্দাসকলে কিয়ামতৰ ভয়ৱহতা স্মৰণ কৰা উচিত। লগতে সেইদিৱসৰ ভয়ৱহতাৰ পৰা ৰক্ষা পাবলৈ নেক আমল কৰা উচিত, যাতে আল্লাহৰ জান্নাত আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিব পাৰে।

• كَرَّم الله تعالى أبانا آدم عليه السلام والجنس البشري بأجمعه بأمره الملائكة أن تسجد له في بدء الخليقة سجود تحية وتكريم.
আল্লাহে আমাৰ আদি পিতা আদম আলাইহিচ্ছালামক আৰু গোটেই মানৱজাতিক সন্মানিত কৰিছে। সেয়ে তেওঁ সৃষ্টিৰ আৰম্ভণিতেই আদেশৰ জৰিয়তে ফিৰিস্তাসকলৰ হতোৱাই সন্মান আৰু অভিবাদনৰ ছাজদাহ কৰোৱাইছিল।

• في الآيات الحث على اتخاذ الشيطان عدوًّا.
উক্ত আয়াতসমূহত চয়তানক শত্ৰু গণ্য কৰিবলৈ প্ৰেৰণা দিয়া হৈছে।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (49) ជំពូក​: អាល់កះហ្វុី
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ