Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ ជំពូក​: អាត់តាកាស៊ួរ   វាក្យខណ្ឌ:

আত-তাকাছুৰ

គោល​បំណងនៃជំពូក:
تذكير المتكاثرين واللاهين بالدنيا بالقبور والحساب.
প্ৰাচুৰ্যৰ অভিলাসীবিলাকৰ কথা উল্লেখ কৰা হৈছে, যিসকলে পাৰ্থিৱ জীৱনৰ মোহত পৰি কবৰ আৰু হিচাপ-নিকাচক পাহৰি গৈছে।

اَلْهٰىكُمُ التَّكَاثُرُ ۟ۙ
হে মানৱ, তোমালোকৰ ধন, সন্তানৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
حَتّٰی زُرْتُمُ الْمَقَابِرَ ۟ؕ
যেতিয়ালৈকে তোমালোকৰ মৃত্যু নাহে আৰু কবৰত উপনীত নোহোৱা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
كَلَّا سَوْفَ تَعْلَمُوْنَ ۟ۙ
ধন, সন্তানৰ গৌৰৱৰ কাৰণে আল্লাহৰ ইবাদতৰ পৰা তোমালোকে অমনোযোগী হব নালাগিছিল। তোমালোকে এই অমনোযোগীৰ পৰিণাম নিশ্চয় জানিবলৈ পাবা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
ثُمَّ كَلَّا سَوْفَ تَعْلَمُوْنَ ۟ؕ
তাৰ পিছত তুমি অতি সোনকালে ইয়াৰ পৰিণামৰ বিষয়ে অৱগত হবা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
كَلَّا لَوْ تَعْلَمُوْنَ عِلْمَ الْیَقِیْنِ ۟ؕ
সত্য কথাটো হৈছে যদি তোমালোকে বিশ্বাস কৰিলাহেঁতেন যে, তোমালোকে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হব লাগিব। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণাম দিব। তেন্তে ধন, সন্তানৰ গৌৰৱত তোমালোকে আল্লাহৰ প্ৰতি অমনোযোগী নহলাহেঁতেন।
ការបកស្រាយជាភាសា​អារ៉ាប់:
لَتَرَوُنَّ الْجَحِیْمَ ۟ۙ
আল্লাহৰ শপত! তোমালোকে ক্বিয়ামতৰ দিনা জাহান্নাম অৱশ্যই দেখিবলৈ পাবা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
ثُمَّ لَتَرَوُنَّهَا عَیْنَ الْیَقِیْنِ ۟ۙ
আকৌ, তোমালোকে ইয়াক নিশ্চিতৰূপে দেখিবলৈ পাবা। ইয়াত কোনো সন্দেহ নাই।
ការបកស្រាយជាភាសា​អារ៉ាប់:
ثُمَّ لَتُسْـَٔلُنَّ یَوْمَىِٕذٍ عَنِ النَّعِیْمِ ۟۠
তাৰ পিছত সিদিনাখন আল্লাহে তোমালোকক স্বাস্থ্য আৰু ধন- সম্পত্তি আদি অনুগ্ৰহসমূহৰ বিষয়ে অৱশ্যই সোধ-পোচ কৰিব, যিবোৰ তেওঁ তোমালোকক দান কৰিছিল।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• خطر التفاخر والتباهي بالأموال والأولاد.
ধন-সম্পদক লৈ এজনে আনজনৰ প্ৰতি গৌৰৱ কৰাৰ ক্ষতি।

• القبر مكان زيارة سرعان ما ينتقل منه الناس إلى الدار الآخرة.
কবৰ হৈছে কিছু সময় অৱস্থান কৰাৰ ঠাই। অতি সোনকালে মানুহে তাৰ পৰা পৰকালৰ ঘৰলৈ প্ৰস্থান কৰিব।

• يوم القيامة يُسْأل الناس عن النعيم الذي أنعم به الله عليهم في الدنيا.
ক্বিয়ামতৰ দিনা মানুহক সেই অনুগ্ৰহ বা অৱদানবোৰৰ বিষয়ে প্ৰশ্ন কৰা হব যিবোৰ তাক আল্লাহ তাআলাই প্ৰদান কৰিছিল।

• الإنسان مجبول على حب المال.
ধনৰ লোভ প্ৰাকৃতিকভাৱে মানুহৰ মাজত নিহিত আছে।

 
ការបកប្រែអត្ថន័យ ជំពូក​: អាត់តាកាស៊ួរ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ