Check out the new design

Terjemahan makna Alquran Alkarim - Terjemahan Berbahasa Assam - Rafiqul Islam Habiburrahman * - Daftar isi terjemahan

PDF XML CSV Excel API
Please review the Terms and Policies

Terjemahan makna Surah: An-Nūr   Ayah:
اِنَّ الَّذِیْنَ جَآءُوْ بِالْاِفْكِ عُصْبَةٌ مِّنْكُمْ ؕ— لَا تَحْسَبُوْهُ شَرًّا لَّكُمْ ؕ— بَلْ هُوَ خَیْرٌ لَّكُمْ ؕ— لِكُلِّ امْرِئٍ مِّنْهُمْ مَّا اكْتَسَبَ مِنَ الْاِثْمِ ۚ— وَالَّذِیْ تَوَلّٰی كِبْرَهٗ مِنْهُمْ لَهٗ عَذَابٌ عَظِیْمٌ ۟
নিশ্চয় যিসকলে এই অপবাদ ৰচনা কৰিছে, সিহঁত তোমালোকৰেই এটা দল; ইয়াক তোমালোকে তোমালোকৰ বাবে অনিষ্টকৰ বুলি নাভাবিবা; বৰং এইটো তোমালোকৰ বাবে কল্যাণকৰ; অৱশ্যে সিহঁত প্ৰত্যেকৰে বাবে আছে সিহঁতৰ পাপকৰ্মৰ ফল, কিন্তু সিহঁতৰ মাজৰ যিয়ে এই বিষয়ত প্ৰধান ভূমিকা পালন কৰিছে, তাৰ বাবে আছে মহাশাস্তি।
Tafsir berbahasa Arab:
لَوْلَاۤ اِذْ سَمِعْتُمُوْهُ ظَنَّ الْمُؤْمِنُوْنَ وَالْمُؤْمِنٰتُ بِاَنْفُسِهِمْ خَیْرًا ۙ— وَّقَالُوْا هٰذَاۤ اِفْكٌ مُّبِیْنٌ ۟
যেতিয়া তোমালোকে এই কথা শুনিছিলা, তেতিয়া মুমিন পুৰুষ আৰু মুমিন নাৰীসকলে কিয় নিজৰ (মানুহ) সম্পৰ্কে উত্তম ধাৰণা পোষণ নকৰিলে আৰু এইটো নক’লে যে, ‘এইটো এটা স্পষ্ট ভিত্তিহীন অপবাদ’?
Tafsir berbahasa Arab:
لَوْلَا جَآءُوْ عَلَیْهِ بِاَرْبَعَةِ شُهَدَآءَ ۚ— فَاِذْ لَمْ یَاْتُوْا بِالشُّهَدَآءِ فَاُولٰٓىِٕكَ عِنْدَ اللّٰهِ هُمُ الْكٰذِبُوْنَ ۟
সিহঁতে কিয় এই বিষয়ে চাৰিজন সাক্ষী উপস্থিত নকৰিলে? গতিকে যিহেতু সিহঁতে সাক্ষী উপস্থিত কৰিব পৰা নাই, সেয়ে সিহঁতেই হৈছে আল্লাহৰ ওচৰত মিছলীয়া।
Tafsir berbahasa Arab:
وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكُمْ وَرَحْمَتُهٗ فِی الدُّنْیَا وَالْاٰخِرَةِ لَمَسَّكُمْ فِیْ مَاۤ اَفَضْتُمْ فِیْهِ عَذَابٌ عَظِیْمٌ ۟ۚ
পৃথিৱী আৰু আখিৰাতত তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে, তোমালোকে যি বিষয়ত জড়িত হৈছিলা তাৰ বাবে মহা শাস্তিয়ে তোমালোকক স্পৰ্শ কৰিলেহেঁতেন,
Tafsir berbahasa Arab:
اِذْ تَلَقَّوْنَهٗ بِاَلْسِنَتِكُمْ وَتَقُوْلُوْنَ بِاَفْوَاهِكُمْ مَّا لَیْسَ لَكُمْ بِهٖ عِلْمٌ وَّتَحْسَبُوْنَهٗ هَیِّنًا ۖۗ— وَّهُوَ عِنْدَ اللّٰهِ عَظِیْمٌ ۟
যেতিয়া তোমালোকে মুখে মুখে এই কথা প্ৰচাৰ কৰি ফুৰিছিলা আৰু এনে বিষয় মুখেৰে উচ্চাৰণ কৰি আছিলা যাৰ কোনো জ্ঞান তোমালোকৰ ওচৰত নাছিল; আৰু তোমালোকে বিষয়টোক অতি তুচ্ছ বুলি ভাবিছিলা, অথচ আল্লাহৰ ওচৰত এইটো আছিল এটা অতি গুৰুত্বপূৰ্ণ বিষয়।
Tafsir berbahasa Arab:
وَلَوْلَاۤ اِذْ سَمِعْتُمُوْهُ قُلْتُمْ مَّا یَكُوْنُ لَنَاۤ اَنْ نَّتَكَلَّمَ بِهٰذَا ۖۗ— سُبْحٰنَكَ هٰذَا بُهْتَانٌ عَظِیْمٌ ۟
আৰু তোমালোকে যেতিয়া এইটো শুনিছিলা তেতিয়া তোমালোকে কিয় এই বুলি নক'লা যে, ‘এই বিষয়ে কথা কোৱাটো আমাৰ বাবে উচিত নহয়; হে আল্লাহ তুমি পৱিত্ৰ মহান। নিশ্চয় এইটো এটা জঘন্য অপবাদ!’
Tafsir berbahasa Arab:
یَعِظُكُمُ اللّٰهُ اَنْ تَعُوْدُوْا لِمِثْلِهٖۤ اَبَدًا اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟ۚ
আল্লাহে তোমালোকক উপদেশ দিয়ে যে, ‘যদি তোমালোকে মুমিন হোৱা তেন্তে ভৱিষ্যতে কেতিয়াও অনুৰূপ আচৰণৰ পুনৰাবৃত্তি নকৰিবা’।
Tafsir berbahasa Arab:
وَیُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ সুস্পষ্টভাৱে বিবৃত কৰে আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Tafsir berbahasa Arab:
اِنَّ الَّذِیْنَ یُحِبُّوْنَ اَنْ تَشِیْعَ الْفَاحِشَةُ فِی الَّذِیْنَ اٰمَنُوْا لَهُمْ عَذَابٌ اَلِیْمٌ ۙ— فِی الدُّنْیَا وَالْاٰخِرَةِ ؕ— وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; (মনত ৰাখিবা) আল্লাহে জানে তোমালোকেহে নাজানা।
Tafsir berbahasa Arab:
وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكُمْ وَرَحْمَتُهٗ وَاَنَّ اللّٰهَ رَءُوْفٌ رَّحِیْمٌ ۟۠
তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); আৰু নিশ্চয় আল্লাহ স্নেহশীল, অতি দয়ালু।
Tafsir berbahasa Arab:
 
Terjemahan makna Surah: An-Nūr
Daftar surah Nomor Halaman
 
Terjemahan makna Alquran Alkarim - Terjemahan Berbahasa Assam - Rafiqul Islam Habiburrahman - Daftar isi terjemahan

Terjemah oleh Rafiqul Islam Habibur Rahman.

Tutup