Check out the new design

Terjemahan makna Alquran Alkarim - Terjemahan Berbahasa Assam - Rafiqul Islam Habiburrahman * - Daftar isi terjemahan

PDF XML CSV Excel API
Please review the Terms and Policies

Terjemahan makna Surah: Al-Isrā`   Ayah:
ذٰلِكَ مِمَّاۤ اَوْحٰۤی اِلَیْكَ رَبُّكَ مِنَ الْحِكْمَةِ ؕ— وَلَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتُلْقٰی فِیْ جَهَنَّمَ مَلُوْمًا مَّدْحُوْرًا ۟
তোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।
Tafsir berbahasa Arab:
اَفَاَصْفٰىكُمْ رَبُّكُمْ بِالْبَنِیْنَ وَاتَّخَذَ مِنَ الْمَلٰٓىِٕكَةِ اِنَاثًا ؕ— اِنَّكُمْ لَتَقُوْلُوْنَ قَوْلًا عَظِیْمًا ۟۠
(কি আচৰিত!) তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফিৰিস্তাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে নেকি? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ আছা।
Tafsir berbahasa Arab:
وَلَقَدْ صَرَّفْنَا فِیْ هٰذَا الْقُرْاٰنِ لِیَذَّكَّرُوْا ؕ— وَمَا یَزِیْدُهُمْ اِلَّا نُفُوْرًا ۟
আৰু নিশ্চয় আমি এই কোৰআনত (বহু বিষয়) বাৰে বাৰে বিবৃত কৰিছোঁ যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। কিন্তু সিহঁতৰ বিমুখতাহে বৃদ্ধি পায়।
Tafsir berbahasa Arab:
قُلْ لَّوْ كَانَ مَعَهٗۤ اٰلِهَةٌ كَمَا یَقُوْلُوْنَ اِذًا لَّابْتَغَوْا اِلٰی ذِی الْعَرْشِ سَبِیْلًا ۟
কোৱা, ‘যদি তেওঁৰ লগত আন কোনো ইলাহ থাকিলহেঁতেন, যিদৰে সিহঁতে দাবী কৰি কয়, তেন্তে সিহঁতেও আৰছ-অধিপতিৰ (নৈকট্য লাভৰ) উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন’।
Tafsir berbahasa Arab:
سُبْحٰنَهٗ وَتَعٰلٰی عَمَّا یَقُوْلُوْنَ عُلُوًّا كَبِیْرًا ۟
তেওঁ পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু উৰ্ধ্বত।
Tafsir berbahasa Arab:
تُسَبِّحُ لَهُ السَّمٰوٰتُ السَّبْعُ وَالْاَرْضُ وَمَنْ فِیْهِنَّ ؕ— وَاِنْ مِّنْ شَیْءٍ اِلَّا یُسَبِّحُ بِحَمْدِهٖ وَلٰكِنْ لَّا تَفْقَهُوْنَ تَسْبِیْحَهُمْ ؕ— اِنَّهٗ كَانَ حَلِیْمًا غَفُوْرًا ۟
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলো তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।
Tafsir berbahasa Arab:
وَاِذَا قَرَاْتَ الْقُرْاٰنَ جَعَلْنَا بَیْنَكَ وَبَیْنَ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ حِجَابًا مَّسْتُوْرًا ۟ۙ
আৰু তুমি যেতিয়া কোৰআন পাঠ কৰা তেতিয়া আমি তোমাৰ আৰু সেইসকল লোকৰ মাজত যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ।
Tafsir berbahasa Arab:
وَّجَعَلْنَا عَلٰی قُلُوْبِهِمْ اَكِنَّةً اَنْ یَّفْقَهُوْهُ وَفِیْۤ اٰذَانِهِمْ وَقْرًا ؕ— وَاِذَا ذَكَرْتَ رَبَّكَ فِی الْقُرْاٰنِ وَحْدَهٗ وَلَّوْا عَلٰۤی اَدْبَارِهِمْ نُفُوْرًا ۟
আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছোঁ যাতে সিহঁতে সেয়া বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত দিছোঁ বধিৰতা; সেয়ে যেতিয়া তুমি কোৰআনৰ পৰা উল্লেখ কৰা যে, ‘তোমাৰ প্ৰতিপালক কেৱল এজন’, তেতিয়া সিহঁতে পিঠি দেখুৱাই আঁতৰি যায়।
Tafsir berbahasa Arab:
نَحْنُ اَعْلَمُ بِمَا یَسْتَمِعُوْنَ بِهٖۤ اِذْ یَسْتَمِعُوْنَ اِلَیْكَ وَاِذْ هُمْ نَجْوٰۤی اِذْ یَقُوْلُ الظّٰلِمُوْنَ اِنْ تَتَّبِعُوْنَ اِلَّا رَجُلًا مَّسْحُوْرًا ۟
যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণপাতি শুনে, তেতিয়া সিহঁতে কিয় কাণপাতি শুনে সেই কথা আমি ভালদৰেই জানো আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত যালিমসকলে কয়, ‘নিশ্চয় তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা’।
Tafsir berbahasa Arab:
اُنْظُرْ كَیْفَ ضَرَبُوْا لَكَ الْاَمْثَالَ فَضَلُّوْا فَلَا یَسْتَطِیْعُوْنَ سَبِیْلًا ۟
চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়।
Tafsir berbahasa Arab:
وَقَالُوْۤا ءَاِذَا كُنَّا عِظَامًا وَّرُفَاتًا ءَاِنَّا لَمَبْعُوْثُوْنَ خَلْقًا جَدِیْدًا ۟
আৰু সিহঁতে কয়, ‘আমি যেতিয়া অস্থিত পৰিণত হম আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ’ব নেকি’?
Tafsir berbahasa Arab:
 
Terjemahan makna Surah: Al-Isrā`
Daftar surah Nomor Halaman
 
Terjemahan makna Alquran Alkarim - Terjemahan Berbahasa Assam - Rafiqul Islam Habiburrahman - Daftar isi terjemahan

Terjemah oleh Rafiqul Islam Habibur Rahman.

Tutup