Check out the new design

क़ुरआन के अर्थों का अनुवाद - असमिया अनुवाद - रफ़ीक़ुल इस्लाम हबीबुर रहमान * - अनुवादों की सूची

PDF XML CSV Excel API
Please review the Terms and Policies

अर्थों का अनुवाद सूरा: अल्-ब-क़-रा   आयत:

আল-বাক্বাৰাহ

الٓمّٓ ۟ۚ
আলিফ-লাম-মীম। [1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। কোৰআনৰ কেইবাটাও ছুৰা এনেকুৱা আখৰেৰে আৰম্ভ হৈছে। দৰাচলতে এইবোৰ হৈছে কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হ’লে এইবোৰৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইবোৰ নিৰৰ্থকভাৱে ব্যৱহাৰ হোৱা নাই। কাৰণ কোৰআনত প্ৰজ্ঞাহীন একোৱেই নাই। এইবোৰ আখৰ ব্যৱহাৰ হোৱাৰ অন্যতম এটা প্ৰজ্ঞা হৈছে এই যে, এইবোৰ আখৰৰ দ্বাৰা মুশ্বৰিকসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, এইবোৰ আখৰৰ দ্বাৰাই কোৰআনৰ বাক্য সজোৱা হৈছে, যিবোৰ আখৰ সম্পৰ্কে সিহঁত আগৰ পৰাই অৱগত, এইবোৰৰ দ্বাৰাই সিহঁতে কথা কয়, তথাপিও ইয়াৰ অনুৰূপ গ্ৰন্থ ৰচনা কৰিবলৈ সিহঁত অক্ষম। যদিও সিহঁত ভাষাজ্ঞানত অত্যন্ত পাৰ্গত। গতিকে এইটোৱে প্ৰমাণ কৰে যে, এইখন হৈছে আল্লাহৰ পৰা অৱতীৰ্ণ গ্ৰন্থ।
अरबी तफ़सीरें:
ذٰلِكَ الْكِتٰبُ لَا رَیْبَ ۖۚۛ— فِیْهِ ۚۛ— هُدًی لِّلْمُتَّقِیْنَ ۟ۙ
এইখন সেই গ্ৰন্থ; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে (এইখন) পথ-নিৰ্দেশক।
अरबी तफ़सीरें:
الَّذِیْنَ یُؤْمِنُوْنَ بِالْغَیْبِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟ۙ
যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।
अरबी तफ़सीरें:
وَالَّذِیْنَ یُؤْمِنُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ ۚ— وَبِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ۟ؕ
আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু আখিৰাতৰ প্ৰতি তেওঁলোক পূৰ্ণ বিশ্বাসী।
अरबी तफ़सीरें:
اُولٰٓىِٕكَ عَلٰی هُدًی مِّنْ رَّبِّهِمْ ۗ— وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
अरबी तफ़सीरें:
 
अर्थों का अनुवाद सूरा: अल्-ब-क़-रा
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - असमिया अनुवाद - रफ़ीक़ुल इस्लाम हबीबुर रहमान - अनुवादों की सूची

अनुवाद रफ़ीक़ुल इस्लाम हबीबुर रहमान ने किया है।

बंद करें